সমাৰ্থক শব্দ | Synonyms | প্ৰতিশব্দ | একে অৰ্থ বুজোৱা শব্দ
কোনো ব্যক্তি, প্ৰাণী, বস্তু আদিৰ কেইবাটাও নাম হ'ব পাৰে। একে অৰ্থ প্ৰকাশ কৰা শব্দক সমাৰ্থক শব্দ বুলি কোৱা হয়।
| শব্দ (Word) | সমাৰ্থক বা প্ৰতিশব্দ (Synonyms) |
|---|---|
| অগ্নি | জুই, অনল, বহ্নি, অগনি, ধনঞ্জয়, হুতাশন |
| আকাশ | গগন, অম্বৰ, অন্তৰীষ, অক্ষৰ, নীলিমা |
| ইচ্ছা | ঈপ্সা, বাঞ্ছা |
| ধৰা | পৃথিৱী, ধৰণী, ধৰিত্ৰী, বসুন্ধৰা, বিশ্ব, জগত, অদিতি |
| ঈশ্বৰ | ভগৱান, প্ৰভু, গোঁসাই, পৰমপিতা, বিধাতা, হৰি |
| দুখীয়া | দৰিদ্ৰ, নিঃকিন, গৰীব, অভাৱী, কঙাল, অভাৱগ্ৰস্ত |
| ঐশ্বৰ্য | ধন-সম্পত্তি, বিভৱ, সম্পত্তি, বৈভৱ, টকা-পইচা, ধন-সোণ |
| যম | যমৰাজ, সূৰ্যপুত্ৰ, যম-দেৱতা, মৃত্যুৰ গৰাকী, কৃতান্ত, ধৰ্মৰাজ |
| কপাল | নিয়তি, বিধি, ভাগ্যলিপি, দশা, কপালৰ লিখন, ভাগ্য, অদৃষ্ট |
| গুহা | গহ্বৰ, ঘোপা, কটীৰ |
| ঘৰ | গৃহ, ভৱন, নিলয়, নিবাস, বাসভৱন, আৱাস, আলয়, ঘৰ-দুৱাৰ |
| ৰ'দ | সূৰ্যৰ ৰশ্মি, ৰবিকৰ, ৰবিকিৰণ, ৰবিজ্যোতি, ভানুকৰ |
| চকু | নয়ন, নেত্ৰ, অক্ষি, চক্ষু, লোচন, দৰ্শনেন্দ্ৰিয় |
| বিহ | বিষ, বৰবিহ, হলাহল, গৰল |
| চন্দ্ৰ | জোন, চন্দ্ৰমা, জোনবাই, নিশাকৰ, নিশাপতি |
| ব্যথা | আদৰ, ভালপোৱা, প্ৰীতি, মৰম, চেনেহ |
| জিভা | ৰসনা, জিহ্বা, স্বাদযন্ত্ৰ, ৰসনেন্দ্ৰিয় |
| বিষাদ | বেজাৰ, মনোবেদনা, অসন্তোষ |
| দিন | দিৱস, দিবা, অহ্ন, অহ |
| কৰুণ | অসুখী, বিষণ্ণ, আনন্দহীন, বিষাদগ্ৰস্ত, দুঃখিত, কাতৰ |
| নদী | নৈ, নদ, প্ৰবাহিনী, সোতস্বিনী, সমুদ্ৰবল্লভা, তৰঙ্গিনী |
| নিশা | নিশি, ৰাতি, অম্বিকা, ৰজনী, ৰাত্ৰি, যামিনী |
| পদুম | পদ্ম, কমল, অম্বুজ, পংকজ, উৎপল, পঙ্কজ, শতদল, পতপত্ৰ |
| কম | অল্প, অকণমান, অনুমাত্ৰ, লঘু, স্বল্প, নগন্য, এধানি |
| পৃথিৱী | জগত, ইহলোক, ধৰা, ধৰিত্ৰী, ভূমণ্ডল, ভূতল, বসুমতী, অদিতি, |
| হাত | কৰ, পাণি, হস্ত, হস্তক |
| বায়ু | অনিল, সমীৰ, বতাহ, সমীৰণ |
| মেঘ | ডাৱৰ, জলধৰ, অভ্ৰ, বাদল, বৰ্ষধৰ, অম্বুদ |
| ৰজা | সম্ৰাট, অধিপতি, নৰনাথ, নৃপতি, মহীপাল, দেশৰ অধিপতি |
| হোজা | অজলা, বেঙা, সৰল, সহজ-সৰল, ভোদা |
| ৰাতি | নিশা, বিভাৱৰী, যামিনী, ৰজনী, ৰাত্ৰি, নিশি, অম্বিকা |
| কলংক | বদনাম, অপবাদ, কুখ্যাতি, অপযশ, লোকনিন্দা, দুৰ্নাম |
| হাতী | হস্তী, ঐৰাৱৎ, গজ, গজেন্দ্ৰ, গজৰাজ, দান্তাবল |
| কেৰাহি | বেঁকা, বেঁকা-বেঁকি, তীৰ্যক, ধেনুভেৰীয়া, কেঁকুৰি, বঙ্কিম |
| সূৰ্য | সুৰুয, ৰবি, বেলি, ৰ'দালি, ভানু, দিনপতি, আদিত্য, ভাস্কৰ, অংশুমান |
| কেৰাহী | লোহৰা, কৰ্পৰ, লহৰা |
| পানী | জল, নীৰ, সলিল, অম্বু, ইলা, সম্বৰ, তামৰ |
| আহত | আঘাতপ্ৰাপ্ত, ঘূণীয়া, বিক্ষত, হতাহত, জখমী |
| গছ | তৰু, বৃক্ষ, উদ্ভিদ, বিৰিখ, বিটপী, বন |
| আদি | প্ৰথম, আগ, আৰম্ভ, মূল, আদ্য, পহিলা, |
| অৰ্জুন | পাৰ্থ, ধনঞ্জয়, কৃষ্ণসাৰথি, জিষ্ণু, সব্যসাচী, কপিধ্বজ, বীভৎসু |
| আবাস | আলয়, ঘৰ, ঘৰ-দুৱাৰ, নিবাস, নিলয়,ভৱন, গৃহ, আৱাস |
| কৃষ্ণ | ক'লা, কৃষ্ণবৰ্ণী, কিচকিচীয়া, অন্ধকাৰময়, এঙেৰুৱা |
| আচল | বাস্তৱিক, অকাল্পনিক, প্ৰকৃত, মূল, যথাৰ্থ |
| মানুহ | নৃ, মানৱ, নৰ, ব্যক্তি, মনুষ্য, মনিচ্, গণ |
| আদৰ | মৰম, ভালপোৱা, মমতা, চেনেহ, প্ৰণয়, ব্যথা, প্ৰীতি |
| বতাহ | পৱন, অনিল, অগ্নিবৰ্ধক, মৰুৎ, বাত, সমীৰ, সমীৰণ, হাৱা |
| আনন্দ | উলাহ, সুখ, হৰ্ষ, ৰং, আমেজ, ফূৰ্ত্তি, অবিষাদ, আহ্লাদ |
| আপদ | দুৰ্দশা, বিপদ, দুখ, সমস্যা, লেঠা, জঞ্জাল, জুমুৰি |
| ফুল | পুষ্প, পুষ্পক, কুসুম, সুমন, কুমুল, কলিকা, মঞ্জৰি, প্ৰসুন |
| আহাৰ | অন্ন, খাদ্য, খাদ্য বস্তু, পুষ্টিদ্ৰব্য, পথ্য়, পোষকদ্ৰব্য, ভোজন-সামগ্ৰী |
| ভৰি | পদ, পাও, চৰন, পাৱ, কদম |
| কিতাপ | পুথি, গ্ৰন্থ, পুস্তক, পুস্তিকা, শাস্ত্ৰ, পত্ৰপুঞ্জ |
| পৰ্বত | গিৰি, ভুধৰ, শৃংগধৰ, অদ্ৰি, শৈল, অচল |
| পুৰোহিত | পুৰোধা, পূজাৰী, ধৰ্মযাজক, যাজক, যাজ্ঞিক |
| পুৰণি | প্ৰাচীন, আদিম, অতীজ, অজীতৰ, পুৰণা, পুৰাতন, প্ৰত্ন |
| পণ্ডিত | জ্ঞানী, প্ৰজ্ঞাৱান, জ্ঞানৱন্ত, বিদ্যাধৰ, মেধাৱী, সাৰস্বত |
| নিলয় | ঘৰ, আশ্ৰয়, আৱাস, গৃহ, আলয়, ঘৰ-বাৰী |
| টান | কঠিন, কোবাল, কষ্টকৰ, দুষ্কৰ, কষ্টযুক্ত, শ্ৰমসাধ্য |
| পাত | পৃষ্ঠা, পতীয়া, পুথিৰ পাত বা খিলা |
| নবীন | আধুনিক, নতুন, ন, নব্য, অভিনৱ, সাম্প্ৰতিক |
| প্ৰবীণ | অগ্ৰজ, জ্যেষ্ঠ |
| স্বামী | পতি, গিৰিয়েক, পৈয়েক, বঙহৰদেউ, গৃহস্থ, গিৰিহঁত |
| সাগৰ | সমুদ্ৰ, অৰ্ণৱ, জলধি, সিন্ধু, ৰত্নাকৰ, জলধি, নীৰধি |
| সোণ | স্বৰ্ণ, সুবৰ্ণ, অগ্নিবীজ, কনক, হিৰণ্য, কাঞ্চন, হেম্, মহাধাতু |
| কন্যা | জীয়েক, পুত্ৰী, জী, জীয়াৰী, দুহিতা, কুমাৰী, নন্দিনী, কইনা |
| পতি | স্বামী, গৰাকী, প্ৰভু, গিৰিয়েক, গিৰিহঁত |
| শিৱ | মহাদেৱ, মঙ্গল, কল্যাণ, শুভ, কুশল, ঋদ্ধি, হিত |
| নতুন | আধুনিক, নবীন, নতুনত্ব, অভিনৱ, নব্য, অপুৰাতন, নিত্য-নতুন |
| উপাসনা | সেৱা, পূজা, পূজন, পূজা-অৰ্চনা, অৰ্ঘ, আৰাধনা, ভকতি, হৰিনাম, স্তুতি |
| বিশাল | ডাঙৰ, আহল-বহল, বিশাল, বিস্তীৰ্ণ, বহল |
| অৰ্পণ | আহুতি, উচৰ্গা, ত্যাগ, দান, প্ৰদান, সমৰ্পন, নিবেদন, |
| সপোন | স্বপ্ন, সমাজিক, কল্পনা, মানস-দৃশ্য, স্বপ্নাৱিষ্ট |
অধিক জানিবলৈ----
