Class 9 Science Chapter 3 বিজ্ঞানৰ অভ্যাস পুস্তিকাৰ সমাধান অণু আৰু পৰমাণু
বিজ্ঞানৰ অভ্যাস পুস্তিকাৰ সমাধান - নৱম শ্ৰেণী
অনুশীলনৰ বাবে প্ৰশ্ন 3.01
1. ৰাসায়নিক সংকেতেৰে প্ৰকাশ কৰা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ চিনাক্ত কৰা-
(i) হাইড্ৰ'জেন + অক্সিজেন → পানী
উত্তৰঃ
2H₂ + O₂ → 2H₂O
বিক্ৰিয়ক - 2H₂ , O₂
বিক্ৰিয়াজাত পদাৰ্থ - 2H₂O
(ii) হাইড্ৰ'জেন + ক্ল'ৰিণ → হাইড্ৰ'ক্লৰিক এচিড
উত্তৰঃ
H₂ + Cl₂ → 2HCl
বিক্ৰিয়ক - H₂, Cl₂
বিক্ৰিয়াজাত পদাৰ্থ - 2HCl
(iii) ছ'ডিয়াম + পানী → ছ'ডিয়াম হাইড্ৰ'ক্সাইড
উত্তৰঃ
2Na + 2H₂O → 2NaOH + H₂
বিক্ৰিয়ক - 2Na , 2H₂O
বিক্ৰিয়াজাত পদাৰ্থ - 2NaOH , H₂
2. পাৰ্থক্য লিখা আৰু উদাহৰণ দিয়া।
(i) মৌল আৰু যৌগ
উত্তৰঃ
পৰমাণু | আয়ন |
---|---|
মৌল হ'ল কেৱল একেধৰণৰ ৰাসায়নিক ধৰ্মযুক্ত কণিকাৰে গঠিত পদাৰ্থ। | যৌগ হ'ল বেলেগ বেলেগ মৌলৰ পৰমাণু নিৰ্দিষ্ট অনুপাতত লগ হৈ সৃষ্টি কৰা কণিকাৰে গঠিত পদাৰ্থ। |
উদাহৰণ- হাইড্ৰজেন, অক্সিজেন | উদাহৰণ- পানী (H₂O), কাৰ্বন-ডাই-অক্সাইড (CO₂) |
(ii) পৰমাণু আৰু আয়ন
উত্তৰঃ
পৰমাণু | আয়ন |
---|---|
মৌল এটাৰ নিজস্ব ৰাসায়নিক ধৰ্ম বজাই ৰাখিব পৰা ক্ষুদ্ৰতম কণিকাবোৰেই পৰমাণু। | ধাতু আৰু অধাতুৰে গঠিত যৌগবোৰত থকা আধানযুক্ত কণাবোৰেই আয়ন। |
উদাহৰণ- হাইড্ৰজেন পৰমাণু (H), কাৰ্বন পৰমাণু (C) | উদাহৰণ- ছ'ডিয়াম আয়ন (Na⁺), ক্ল'ৰিণ আয়ন (Cl⁻) |
(iii) যৌগৰ অণু আৰু বহুপাৰমাণৱিক আয়ন / মূলক
উত্তৰঃ
3. বাওঁফালৰ লগত সোঁফাল মিলোৱাঃ
উত্তৰঃ
যৌগৰ অণু | বহুপাৰমাণৱিক আয়ন / মূলক |
---|---|
বেলেগ বেলেগ মৌলৰ পৰমাণু নিৰ্দিষ্ট অনুপাতত লগ হৈ গঠন কৰা অণুবোৰক যৌগৰ অণু বোলে। | একাধিক পৰমাণু একগোট হৈ গঠন হোৱা আয়নক বহু পাৰমাণৱিক আয়ন বা মূলক বোলে। |
উদাহৰণ- পানীৰ অণু (H₂O), সাধাৰণ নিমখৰ অণু (NaCl) | উদাহৰণ- হাইড্ৰ'ক্সাইড (OH⁻), নাইট্ৰেট (NO₃⁻) |
3. বাওঁফালৰ লগত সোঁফাল মিলোৱাঃ
(i) ছালফিউৰিক এচিড (i) CaCl₂
(ii) মেগনেছিয়াম অক্সাইড (ii) 2H₂O
(iii) কাৰ্বনেট আয়ন / মূলক (iii) H₂SO₄
(iv) কেলছিয়াম ক্ল'ৰাইড (iv) CO₃²⁻
(v) নাইট্ৰিক অচিড (v) MgO
(vi) পানীৰ দুটা অণু (vi) HNO₃
উত্তৰঃ
(iv) কেলছিয়াম ক্ল'ৰাইড (iv) CO₃²⁻
(v) নাইট্ৰিক অচিড (v) MgO
(vi) পানীৰ দুটা অণু (vi) HNO₃
উত্তৰঃ
(i) ছালফিউৰিক এচিড (iii) H₂SO₄
(ii) মেগনেছিয়াম অক্সাইড (v) MgO
(iii) কাৰ্বনেট আয়ন / মূলক (iv) CO₃²⁻
(iv) কেলছিয়াম ক্ল'ৰাইড (i) CaCl₂
(v) নাইট্ৰিক অচিড (vi) HNO₃
(vi) পানীৰ দুটা অণু (ii) 2H₂O
4. ৰাসায়নিক সংকেত লিখাঃ
(i) কেলছিয়াম অক্সাইড
উত্তৰঃ CaO
(ii) কেলছিয়াম কাৰ্বনেট
উত্তৰঃ CaCO₃
(iii) কেলছিয়াম হাইড্ৰ'ক্সাইড
উত্তৰঃ Ca(OH)₂
(iv) ছ'ডিয়াম ক্ল'ৰাইড
উত্তৰঃ NaCl
(v) মেগনেছিয়াম ক্ল'ৰাইড
উত্তৰঃ MgCl₂
(vi) এলুমিনিয়াম ক্ল'ৰাইড
উত্তৰঃ AlCl₃
(i) হাইড্ৰ'ক্লৰিক এচিড (HCl)
উত্তৰঃ
হাইড্ৰ'ক্লৰিক এচিড (HCl) ৰ ম'লাৰ ভৰ
=1×H ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 1×Cl ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=1×1 + 1
×35.5 g
=1+35.5 g
=36.5 g
হাইড্ৰ'ক্লৰিক এচিড (HCl)ৰ ম'লাৰ ভৰ = 36.5 g
(ii) ছালফিউৰিক এচিড (H₂SO₄)
উত্তৰঃ
ছালফিউৰিক এচিড (H₂SO₄) ৰ ম'লাৰ ভৰ
=2×H ৰ
গ্ৰাম পাৰমাণৱিক ভৰ + 1×S ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 4×O ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=2×1 + 1×32 + 4
×16 g
=2+32+64 g
=98 g
(iii) কাৰ্বন ডাই অক্সাইড (CO₂)
উত্তৰঃ
কাৰ্বন ডাই অক্সাইড (CO₂) ৰ ম'লাৰ ভৰ
=1×C ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 2×O ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=1×12 + 2×16 g
=12+32 g
=44 g
(iv) ছ'ডিয়াম হাইড্ৰ'জেন কাৰ্বনেট (NaHCO₃)
উত্তৰঃ
ছ'ডিয়াম হাইড্ৰ'জেন কাৰ্বনেট (NaHCO₃) ৰ ম'লাৰ ভৰ
=1×Na ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 1×H ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 1×C ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 3×O ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=1×23 + 1×1 + 1×12 + 3×16
g
=23+1+12+48 g
=84 g
(v) মেগনেছিয়াম ক্ল'ৰাইড (MgCl₂)
উত্তৰঃ
মেগনেছিয়াম ক্ল'ৰাইড (MgCl₂) ৰ ম'লাৰ ভৰ
=1×Mg ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 2×Cl ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=1×24 + 2×35.5 g
=24+71 g
=95 g
7. ম'ললৈ পৰিবৰ্তন কৰাঃ
(i) 36 g পানী
উত্তৰঃ
পানী (H₂O) ৰ ম'লাৰ ভৰ
=2×H ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 1×O ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=2×1 + 1×16 g
=2+16 g
=18 g
পানীৰ প্ৰদত্ত ভৰ = 36 g
আমি জানো,
ম'লৰ সংখ্যা = প্ৰদত্ত ভৰ / ম'লাৰ ভৰ = 36 g / 18 g = 2
(ii) 66 g কাৰ্বন ডাই অক্সাইড
উত্তৰঃ
কাৰ্বন ডাই অক্সাইড (CO₂) ৰ ম'লাৰ ভৰ
=1×C ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 2×O ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=1×12 + 2×16 g
=12+32 g
=44 g
কাৰ্বন ডাই অক্সাইডৰ প্ৰদত্ত ভৰ = 66 g
আমি জানো,
ম'লৰ সংখ্যা = প্ৰদত্ত ভৰ / ম'লাৰ ভৰ = 66 g / 44 g = 3/2 = 1.5
8. অণুৰ সংখ্যা গণনা কৰাঃ
(i) 31 g ছডিয়াম অক্সাইড (Na₂O) ত থকা অণু।
উত্তৰঃ
ছডিয়াম অক্সাইড (Na₂O)ৰ ম'লাৰ ভৰ
=2×Na ৰ গ্ৰাম পাৰমাণৱিক ভৰ + 1×O ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=2×23 + 1×16 g
=46+16 g
=62 g
ছডিয়ামৰ প্ৰদত্ত ভৰ = 31 g
\(\therefore\) অণুৰ সংখ্যা = (প্ৰদত্ত ভৰ / ম'লাৰ ভৰ) ×এভ'গ্ৰে'ড সংখ্যা
= \((\large \frac {31}{62}) × 6.022 × 10^{23}\)
= \(0.5 × 6.022 × 10^{23}\)
= \(3.011 × 10^{23}\)
(ii) 28 g বিশুদ্ধ নাইট্ৰ'জেন গেছত থকা নাইট্ৰ'জেন (N₂) ৰ অণু আৰু পৰমাণু।
উত্তৰঃ
নাইট্ৰ'জেন (N₂) ৰ ম'লাৰ ভৰ
=2×N ৰ গ্ৰাম পাৰমাণৱিক ভৰ
=2×14 g
=28 g
প্ৰদত্ত ভৰ = 28 g
\(\therefore\) অণুৰ সংখ্যা
= (প্ৰদত্ত ভৰ / ম'লাৰ ভৰ) × এভ'গ্ৰে'ড সংখ্যা
= \((\large \frac {28}{28}) × 6.022 × 10^{23}\)
= \(1 × 6.022 × 10^{23}\)
= \(6.022 × 10^{23}\)
আনহাতে, N পৰমাণুৰ ম'লাৰ ভৰ = 14 g
\(\therefore\) পৰমাণুৰ সংখ্যা
= (প্ৰদত্ত ভৰ / ম'লাৰ ভৰ) × এভ'গ্ৰে'ড সংখ্যা
= \((\large \frac {28}{14}) × 6.022 × 10^{23}\)
= \(2 × 6.022 × 10^{23}\)
= \(12.044 × 10^{23}\)
= \(1.2044 × 10^{24}\)