ৰচনা- নিয়মানুবৰ্তিতা
আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ 'নিয়মানুৱৰ্তিতা' ৰচনাখন প্ৰস্তুত কৰা হৈছে।
আৰম্ভণি ঃ-
'নিয়মেই আদিমূল
নিয়মেই ৰাখে কুল।'
সমগ্ৰ জগতখনেই নিয়মৰ মাজত বৰ্তি আছে। নিয়ম-শৃংখলাৰ মাজতহে নিজস্বতা, স্বকীয়তা তথা অস্তিত্ব বজাই ৰখা সম্ভৱ। নিয়ম-শৃংখলাৰ হীন-ডেঢ়ি মানেই নিজৰ অস্তিত্বৰো হীন-ডেঢ়ি। অনুৰ পৰা অট্টালিকা পৰ্যন্ত মহাবিশ্বৰ দৃশ্যমান-অদৃশ্যমান প্ৰতিটো বস্তুৱেই একোটা নিৰ্দিষ্ট শৃংখলাৰে সজ্জিত। এই শৃংখলাই নিয়ম। প্ৰকৃততে যিবোৰ নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে আমি চলি থাকো সেই নিয়ম-নীতিবোৰৰ প্ৰতি দেখুওৱা আনুগত্যই নিয়মানুৱৰ্তিতা।
নিয়মানুৱৰ্তিতাৰ প্ৰয়োজনীয়তা ঃ-
জন্মৰ পৰা মৃত্যুলৈকে পৃথিৱীৰ সকলো কৰ্মতে নিয়ম অনিবাৰ্য। মানুহ সামাজিক জীৱ। সমাজবদ্ধ পৰিয়ালৰ অংগ-স্বৰূপে নিয়ম বহিৰ্ভূতভাৱে চলিলে সমাজত বিশৃংখলতা অনিবাৰ্য। সেয়ে শৃংখলাবদ্ধ হোৱাটো জৰুৰী। মানুহ হিচাপে সুখ-সমৃদ্ধ জীৱন-যাপন কৰিবলৈ সু-শৃংখল জীৱন-যাপনৰ বাদে বিকল্প নাই। উশৃংখলতা উন্নতিৰ অন্তৰায়। শৃংখলাহীন জীৱনত কেতিয়াও কৃতকাৰ্যতা তথা সফলতা লাভ কৰিব নোৱাৰি। উশৃংখলতাই জীৱনৰ স্বাভাৱিক ছন্দ হেৰুৱাই ধ্বংস মাতিব পাৰে। সেয়ে নিৰ্দিষ্ট নিয়ম-শৃংখলাৰ মাজেৰে সহজভাৱে জীৱন উপভোগ কৰি নিয়মানুবৰ্তী হোৱাটো জৰুৰী।
ছাত্ৰ আৰু ব্যক্তিগত জীৱনত নিয়মানুৱৰ্তিতাৰ প্ৰয়োজনীয়তা ঃ-
সুপৰিকল্পিত তথা সুসামঞ্জস্যপূৰ্ণ নিয়মৰ মাজেৰে ছাত্ৰ-ছাত্ৰী তথা ব্যক্তিৰ জীৱন পৰিচালিত হ'লে সেই জীৱনত আকাংক্ষিত সাফল্য আৱশ্যম্ভৱী। কিন্তু জীৱনৰ প্ৰস্তুতিপৰ্ব তথা ছাত্ৰ জীৱনতেই যদি নিয়ম ভংগৰ চৰ্চা কৰা হয় তেতিয়াহলে ভৱিষ্যতে এখন সুস্থ সমাজৰ বাসিন্দা হ'ব পাম বুলি আশা কৰাটো নিৰৰ্থক। ছাত্ৰ-ছাত্ৰীসকল ভৱিষ্যত জীৱনৰ দলিল। আজিৰ ছাত্ৰ কালিৰ নাগৰিক। এগৰাকী প্ৰগতিশীল সমাজকৰ্মী আৰু জাতিৰ সুযোগ্য উত্তৰাধিকাৰী হিচাপে ছাত্ৰ সমাজে আদি স্তৰৰ পৰাই নিয়ম-শৃংখলাৰ মাজেৰে আগবাঢ়িলেহে এটা সুন্দৰ ভৱিষ্যত আৰু এখন সুস্থ সমাজৰ অধিকাৰী হ'ব পাৰিব। আৰু এই নিয়ম-শৃংখলাই ভৱিষ্যতৰ সফলতাৰ বাট কাটিব। ব্যক্তিমাত্ৰেই সফলতা আত্মস্থ কৰোঁ। কিন্তু এই সফলতাৰ অধিকাৰী তেতিয়াহে হ'ব পাৰি, যেতিয়া শৃংখলাপূৰ্ণ জীৱন ধাৰণ আৰু কৰ্মসাধনাৰ মাজেৰে জীৱনৰ বাটত আগবাঢ়ি যোৱা হয়।
নিয়মানুৱৰ্তিতা ব্যক্তি স্বাধীনতাৰ অন্তৰায় নহয় ঃ-
নিয়ম-নীতিবোৰ মানুহৰ জীৱনৰ সুশৃংখলাবদ্ধতাৰহে বিধি। এইবোৰ শান্তি-সমৃদ্ধিৰ কাৰক। ই কেতিয়াও ব্যক্তিস্বাধীনতাৰ অন্তৰায় নহয়। 'স্বাধীনতা'ৰ যে এটা সীমা আৰু দায়িত্ব আছে সেই সীমাতে নিয়ম-শৃংখলা সোমাই থাকে। নীতিগত সামাজিক পৰম্পৰাই ব্যক্তিৰ নিৰাপত্তা সু-নিশ্চিত কৰে। সেয়ে পাৰিবাৰিক, সামাজিক আৰু জাতীয় জীৱনৰ সকলো প্ৰকাৰৰ উন্নতিৰ কাৰক নিয়মানুবৰ্তিতা বজাই চলাতো আৱশ্যক।
নিয়মানুৱৰ্তিতাৰ গুৰুত্ব ঃ-
আটোম-টোকাৰিকৈ সজোৱা ঘৰ এখন দেখিবলৈ যিদৰে সুন্দৰ আৰু পৰিপাটি হয় ঠিক তেনেদৰে নিয়ম-শৃংখলাৰ মাজেৰে পৰিচালিত জীৱনো সুখ-সমৃদ্ধিময় হয়। জগতৰ চন্দ্ৰ-সূৰ্য-গ্ৰহ-নক্ষত্ৰ সকলোৱে নিজ নিজ কক্ষপথত এটা নিৰ্দিষ্ট শৃংখলাৰে, নিৰ্দিষ্ট ছন্দত ঘূৰি আছে। এই ছন্দৰ সামান্য হেৰ-ফেৰ হ'লেই এইবোৰ কক্ষচ্যুত হ'ব। জীৱনো তেনেকুৱা। নিৰ্দিষ্ট ৰীতি-নীতি তথা ক্ষেত্ৰ বিশেষে থকা নিয়ম-শৃংখলাৰ হীন-ডেঢ়ি কৰিলে জীৱনৰো ছন্দপতন হয়।
'নিয়ম নাই শৃংখলা নাই
সেই ঘৰ ৰসাতলে যায়।'
- একেবাৰে সঁচা। কেৱল ঘৰ বুলিয়ে নহয়, নিয়ম-শৃংখলাবিহীন জীৱনো উন্নতিৰ পৰিপন্থী। নিজৰ অস্তিত্ব জীয়াই ৰাখি, নিজৰ স্বাভিমান বৰ্তাই ৰাখি চলিবলৈ ব্যক্তি জীৱনত নিয়মানুবৰ্তিতা অপৰিহাৰ্য অলংকাৰস্বৰূপ।
সামৰণি ঃ-
'নিয়ম ধৰো, নীতি ধৰো পালো একাদশী
পোৰা মাছটো খাই পেলালো বাঢ়নী টাৰত বহি।'
- আচলতে নিয়ম-নীতিৰ নামত আমি যদি ভেঙুচালি কৰি থাকো তেতিয়া অযথা 'দেহাৰ কষ্ট সময় নষ্ট'ৰ দৰেহে হয়। ইয়াৰ একো ফলাফল পোৱা নাযায়। সুশৃংখল নিয়মৰ মাজেৰে জীৱনটো গঢ়ি তুলি ব্যক্তি তথা জাতীয় জীৱনৰ উন্নতিৰ অনুশীলন কৰাটোও দৰকাৰী। নিয়মানুৱৰ্তিতা সাফল্যৰ চাবি-কাঠি। জীৱনৰ তথা জীৱন প্ৰবাহৰ সামঞ্জস্য বৰ্তাই ৰাখিবলৈ ইয়াক অনুসৰণ কৰাটো খুবেই প্ৰয়োজনীয়।
*********
✍️ হিৰোমা নাথ
*********