ৰচনা- "মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ"
আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ 'শ্ৰীমন্ত শঙ্কৰদেৱ' ৰচনাখন প্ৰস্তুত কৰা হৈছে। ৰচনাখন 'তুমি ভালপোৱা এগৰাকী বিখ্যাত ব্যক্তি', 'তোমাৰ প্ৰিয় সাহিত্যিক', 'অসমৰ এজন বিখ্যাত ব্যক্তি' আদি বিষয়ৰ ক্ষেত্ৰত লিখিব পাৰিব।
আৰম্ভণি ঃ-
অসমত যুগে যুগে ভালেমান মহান ব্যক্তিৰ জন্ম হৈছিল। ধৰ্ম, ৰাজনীতি, সংস্কৃতি, সাহিত্য, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰলৈ এইসকল ব্যক্তিয়ে মূল্যবান অৱদান আগবঢ়াইছে। অসমৰ তেনে এগৰাকী মহান ব্যক্তি হ'ল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰেদৱ। মহাপুৰুষ শঙ্কৰদেৱ অসমীয়া সংস্কৃতিৰ ভেটি নিৰ্মাতা, অসমীয়া সাহিত্যৰ এটি নতুন যুগৰ স্ৰষ্টা, এগৰাকী সমাজ সংস্কাৰক, তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক। অসমীয়া সমাজ জীৱনত তথা জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা শঙ্কৰদেৱৰ অৱদান তুলনাবিহীন। শঙ্কৰদেৱে এফালে অসমৰ চহালোকৰ জনমানসত এটি নতুন সাংস্কৃতিক চেতনা জাগ্ৰত কৰিলে, আনফালে অদ্বৈতবাদ দৰ্শনেৰে পুষ্ট নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া জাতিক এটা নতুন ৰূপ দিলে।
জন্ম আৰু শিক্ষা ঃ-
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খৃষ্টাব্দত বৰ্তমান নগাঁও জিলাৰ বৰদোৱাত। মহাপুৰুষজনাৰ পিতৃ আছিল কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃ সত্যসন্ধা। সৰুতে পিতৃ-মাতৃক হেৰুৱা শঙ্কৰদেৱে বুঢ়ীমাক খেৰসুতীৰ তত্বাৱধানত ডাঙৰ-দীঘল হয়। সৰুৰে পৰা প্ৰকৃতিৰ লগতে আত্মীয়তা গঢ়ি তুলি প্ৰকৃতিৰ মাজতে উমলি-জামলি জীৱনৰ বাৰটা বসন্ত পাৰ কৰে।
বুঢ়ীমাক খেৰসুতীয়ে শঙ্কৰদেৱৰ শিক্ষা-দীক্ষাৰ কথা চিন্তা কৰি পণ্ডিত মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিয়ে। তাত একান-পটীয়াকৈ অধ্যয়ন কৰি তেওঁ চাৰি বেদ, চৈধ্য শাস্ত্ৰ, ওঠৰ পুৰাণ, ব্যাকৰণ, স্মৃতি আদি শাস্ত্ৰত পাণ্ডিত্য আহৰণ কৰে। তেওঁৰ মেধাৰ উমান পাই মহেন্দ্ৰ কন্দলীয়ে তেওঁক টোলৰ ওজা ছাত্ৰ পাতি দিয়ে। শিক্ষা সাং কৰি তেওঁ গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰে। ঘৰ-সংসাৰ চলোৱাৰ মাজতে তেওঁ হৰিচন্দ্ৰ উপাখ্যান নামৰ কাব্যগ্ৰন্থ ৰচনা কৰে।
শঙ্কৰদেৱৰ অৱদান ঃ-
শঙ্কৰদেৱে বিদ্যা শিক্ষা আহৰণ কৰি কেৱল সংস্কৃত শাস্ত্ৰ চৰ্চাতে সীমাবদ্ধ হৈ থকা নাছিল। তেওঁ সৰল বিশুদ্ধ ভাগৱতী ধৰ্ম স্থাপন কৰাৰ উদ্দেশ্যে বৈষ্ণৱ ধৰ্মীয় সংস্কৃত শাস্ত্ৰ অধ্যয়ন কৰি তাৰ মমাৰ্থ কাব্যগীত, নাট আদিৰ মাজেৰে প্ৰকাশ কৰিছিল। এইক্ষেত্ৰত তেওঁ সংস্কৃত ভাষা ব্যৱহাৰ নকৰি জনসাধাৰণৰ ভাষাৰ ওচৰ চপা ব্ৰজাৱলী ভাষাহে ব্যৱহাৰ কৰিছিল। তলত মহাপুৰুষজনাৰ সাহিত্য-কৃতিৰ ৰূপ নিৰূপনৰ যত্ন কৰা হওঁক।
১) কাব্য ঃ-
ৰুক্মিণীহৰণ, বলিচৰণ, অমৃত মন্থন, গজেন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ।
২) ভক্তিতত্ব সম্পৰ্কীয় গ্ৰন্থ ঃ-
ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ।
৩) অনুবাদমূলক ঃ-
ভাগৱতৰ ১ম, ২য়, ৬ষ্ঠ, ৮ম, ১০ম, ১১শ স্কন্ধ, উত্তৰা কাণ্ড ৰামায়ণ।
৪) অংকীয়া নাট ঃ-
পত্নীপ্ৰসাদ, কালিয়া দমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয়।
৫) গীত ঃ-
বৰগীত, ভটিমা আৰু টোটয় আৰু চপয়।
৬) নাম-প্ৰসংগমূলক গ্ৰন্থ ঃ-
কীৰ্তন আৰু গুণমালা।
শংকৰদেৱৰ ধৰ্মীয় দৰ্শন ঃ-
ধৰ্মৰ মূল উদ্দেশ্য হ'ল মানসিক উৎকর্ষ সাধন। ধৰ্মৰ দ্বাৰাই মানুহ পশুত্বৰ পৰা মানৱত্বৰ মাজেৰে দেৱত্ব অৰ্জন কৰিব পাৰে। ফলস্বৰূপে এক সু-সংস্কৃত সামাজিক জীৱনো গঢ় লৈ উঠে। শঙ্কৰদেৱেও তেওঁৰ ধৰ্মৰ মাজেৰে এনে এক সু-সংস্কৃত ভেটি বান্ধিলে। তেওঁৰ ধৰ্মৰ মূল আদৰ্শ হ'ল একমাত্ৰ ভগৱানেই সকলো।
'শংকৰদেৱ' মোৰ প্ৰিয় সাহিত্যিক ঃ-
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ অসমীয়া সংস্কৃতিৰ ভেটি নিৰ্মাতা, অসমীয়া সাহিত্যৰ এটি নতুন যুগৰ স্ৰষ্টা, এগৰাকী সমাজ সংস্কাৰক তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক। মহাপুৰুষজনাৰ প্ৰতিখন পুথিৰ মৰ্মতা উপলব্ধি কৰিলেই বুজিব পাৰি সু-নিপুণ হাতৰ পৰশ। অসমীয়া সাহিত্যত মহাপুৰুষজনাৰ সাহিত্য-কৃতিৰ নিদৰ্শন চালি-জাৰি চালেই ধৰিব পাৰি গভীৰ তত্ব আৰু ভক্তিৰসৰ সমাহাৰ। গুৰুজনাৰ প্ৰতিটো সৃষ্টিয়ে ভক্তিৰস আনন্দৰ লগতে গভীৰ তত্বৰ সন্মান দিয়ে। সেইবাবেই শঙ্কৰদেৱ মোৰ প্ৰিয় সাহিত্যিক।
শেষান্তৰ ঃ-
শঙ্কৰদেৱে তেওঁৰ ধৰ্মীয় আদৰ্শৰে দেখুৱালে যে জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে সমান আৰু ভৰিভক্তি সকলোৰে সমান অধিকাৰ। যি সময়ত সমগ্ৰ ভাৰতবৰ্ষতে জাত-কুলক লৈ মানুহক বিভাজন কৰা হৈছিলে, তেনে সময়তে পঞ্চদশ শতিকাতে শঙ্কৰদেৱে ঘোষণা কৰিছিল যে এজনেই ভগৱান, এজনকে সেৱা কৰিব লাগে।
*********
✍️ হিৰোমা নাথ
*********