Class 10 Science Chapter 1 Chemical Reactions and Equations Question Answer
এই পোষ্টটোত দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটোৰ পাঠৰ ভিতৰৰ প্ৰশ্নসমূহ আৰু অনুশীলনীৰ প্ৰশ্নবোৰৰ সমাধান লাভ কৰিব। অন্য পাঠৰ অনুশীলনীবোৰৰ সমাধান পাবলৈ তলত দিয়া লিংকত ক্লিক কৰিব।
প্ৰতিটো পাঠৰ MCQs আৰু সমাধান পাবলৈ ইয়াত ক্লিক কৰিব - MCQs.
দশম শ্ৰেণীৰ বিজ্ঞানৰ পাথ্যপুথিত থকা পাঠসমূহ হ'ল - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations), এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases and Salts), ধাতু আৰু অধাতু (Metals and Non-Metals), কাৰ্বন আৰু তাৰ যৌগ (Carbon and its Compounds), মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন (Periodic Classification of Elements), জীৱন প্ৰক্ৰিয়া (Life processes), নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination), জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? (How do Organisms Reproduce?), বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution), পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light - Reflection and Refraction), মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (Human Eye and Colourful Worlds), বিদ্যুৎ (Electricity), বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া (Magnetic Effects of Electric Current), শক্তিৰ উৎসসমূহ (Sources of Energy), আমাৰ পৰিবেশ (Our Environment), প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources)।
Solutions for Class 10 Science Chapter 1 in Assamese Medium
- Class 10 Science Chapter 1 Page No. 6
- Class 10 Science Chapter 1 Page No. 10
- Class 10 Science Chapter 1 Page No. 13
- Class 10 Science Chapter 1 অনুশীলনী
Class 10 Science Chapter 1 Page No. 6
1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়?
Answer:
মেগনেছিয়াম হৈছে এক অতি বিক্ৰিয়াশীল মৌল। মেগনেছিয়াম যেতিয়া বায়ুৰ সংস্পৰ্শত বহুদিন ৰখা হয় তেতিয়া বাযুৰ সৈতে বিক্ৰিয়া কৰি ই MgO (মেগনেছিয়াম অক্সাইড) ৰ এটা তৰপৰ সৃষ্টি কৰে। MgO ৰ এই তৰপে মেগনেছিয়াম জ্বলোৱাত বাধা দিয়ে। গতিকে, ইয়াক জ্বলোৱাৰ আগতে পৰিষ্কাৰ কৰাটো প্ৰয়োজন।
2. তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।
(i) হাইড্র'জেন + ক্ল'ৰিন ⟶ হাইড্র'জেন ক্ল'ৰাইড
Answer:
H$_2$ + Cl$_2$ ⟶ 2HCl
(ii) বেৰিয়াম ক্ল'ৰাইড + এলুমিনিয়াম ছালফেট ⟶ বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল'ৰাইড
Answer:
3BaCl$_2$ + Al$_2$(SO$_4$)$_3$ ⟶ BaSO$_4$ + 2AlCl$_3$
(iii) ছ'ডিয়াম + পানী ⟶ ছ'ডিয়াম হাইড্র'ক্সাইড + হাইড্র'জেন
Answer:
2Na + 2H$_2$O ⟶ 2NaOH + H$_2$↑
3. তলৰ বিক্ৰিয়াবোৰৰ বাবে অবস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।
(i) বেৰিয়াম ক্ল'ৰাইড আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্ল'ৰাইডব দ্রৱ প্রস্তুত হয়।
Answer:
BaCl$_2$ (aq) + Na$_2$SO$_4$ (aq) ⟶ BaSO$_4$ (s) + 2NaCl (aq)
(ii) ছ'ডিয়াম হাইড্রক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ'ক্ল'ৰিক এছিডৰ দ্রব (পানীত) ৰে সৈতে বিক্রিয়া কৰি ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।
Answer:
NaOH (aq) + HCl (aq) ⟶ NaCl (aq) + H$_2$O (l)
Class 10 Science Chapter 1 Page No. 10
1. এটা পদাৰ্থ 'X' ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ (White washing) ব্যৱহাৰ কৰা হয়।
(i) পদার্থ 'X' ৰ নাম আৰু সংকেত লিখা।
Answer:
কেলছিয়াম অক্সাইডৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ সংকেত হ'ল CaO.
(ii) পানীৰে সৈতে পদার্থ 'X' এ কৰা বিক্ৰিয়াটো লিখা।
Answer:
CaO (s) + H$_2$O (l) ⟶ Ca(OH)$_2$ (aq)
2. কার্যকলাপ 1.7 ত এটা পৰীক্ষানলত, সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়? এই গেছটোৰ নাম লিখা।
Answer:
পানীৰ বিদ্যুৎ বিশ্লেষণৰ সময়ত হাইড্ৰজেন আৰু অক্সিজেন বিদ্যুতৰ দ্বাৰা পৃথক হয়, পানীত (H$_2$O) দুটা অংশ থাকে - হাইড্ৰজেন আৰু অক্সিজেন। সেয়েহে এটা পৰীক্ষানলত H$_2$ গেছ আৰু আনটো পৰীক্ষানলত O$_2$ গেছ সংগ্ৰহ হয়।
2H$_2$O (l) ⟶ 2H$_2$ (g) + O$_2$ (g)
সেয়েহে পৰীক্ষানলত সংগ্ৰহ কৰা H$_2$ গেছৰ পৰিমাণ O$_2$ গেছৰ তুলনাত দুগুণ।
Class 10 Science Chapter 1 Page No. 13
1. লোৰ গজাল এটা ডুবাই ৰাখিলে ক'পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে কিয়?
Answer:
যেতিয়া লোৰ গজাল এটা কপাৰ ছালফেট (CuSO$_4$)ৰ দ্ৰৱত ডুবাই দিয়া হয় তেতিয়া অপসৰণ বিক্ৰিয়া ঘটে। আইৰণ ছালফেট (FeSO$_4$)ৰ দ্ৰৱ গঠন হোৱাৰ বাবে কপাৰ ছালফেটৰ দ্ৰৱৰ ৰং নীলাৰ পৰা সলনি হৈ পাতল সেউজীয়া হয়।
Fe (s) + CuSO$_4$ (aq) ⟶ FeSO$_4$ (aq) + Cu (s)
2. কার্যকলাপ 1.10 ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰন বিক্ৰিয়াৰ উদাহৰণ দিয়া।
Answer:
ছডিয়াম ছালফাইড আৰু হাইড্ৰক্লিৰক এছিডে বিক্ৰিয়া কৰি ছডিয়াম ক্লৰাইড আৰু হাইড্ৰজেন ছালফাইড উৎপন্ন কৰে।
Na$_2$S + 2HCl ⟶ 2NaCl + H$_2$S
3. তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাছি উলিওৱা।
(i) 4Na (s) + O$_2$ (g) → 2Na$_2$O (s)
Answer:
অক্সিজেন লাভ কৰি ছডিয়াম (Na) জাৰিত হৈছে আৰু অক্সিজেন (O$_2$) বিজাৰিত হৈছে।
(ii) CuO (s) + H$_2$ (g) → Cu (s) + H$_2$O (l)
Answer:
অক্সিজেন এৰি দি CuO বিজাৰিত হৈছে আৰু অক্সিজেন গ্ৰহণ কৰি হাইড্ৰজেন (H$_2$) জাৰিত হৈছে।
Class 10 Science Chapter 1 অনুশীলনী
1. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?
2PbO (s) + C(s) ⟶ 2Pb (s) + CO$_2$ (g)
(a) লেড বিজাৰিত হৈছে।
(b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।
(c) কার্বন জাৰিত হৈছে।
(d) লেড অক্সাইড বিজাৰিত হৈছে।
(i) (a) আৰু (b)
(ii) (a) আৰু (c)
iii ) (a), (b) আৰু (c)
(iv) সকলো
Answer:
(i) (a) আৰু (b)
2. Fe$_2$O$_3$ + 2Al → A1$_2$O$_3$ + 2Fe
ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ
(a) এটা সংযোজন বিক্ৰিয়াৰ
(b) এটা দ্বিঅপসৰণ বিক্রিয়াৰ
(c) এটা বিযোজন বিক্ৰিয়াৰ
(d) এটা অপসৰণ বিক্রিয়াৰ
Answer:
(d) এটা অপসৰণ বিক্রিয়াৰ
3. কি ঘটে যেতিয়া লঘু হাইড্ৰ'ক্ল'ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া।
(a) হাইড্র'জেন গেছ আৰু আইৰণ ক্ল'ৰাইড উৎপন্ন হয়।
(b) ক্ল'ৰিন গেছ আৰু আইৰন হাইড্ৰ'ক্সাইড উৎপন্ন হয়।
(c) বিক্রিয়া নঘটে।
(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।
Answer:
(a) হাইড্র'জেন গেছ আৰু আইৰণ ক্ল'ৰাইড উৎপন্ন হয়।
4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে?
Answer:
সন্তুলিত ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ দুয়োটা দিশতে সমান সংখ্যক বিভিন্ন মৌলৰ পৰমাণু থাকে। ভৰ সংৰক্ষণৰ নীতি বৰ্তাই ৰাখিবৰ বাবেই ৰাসায়নিক সমীকৰণবোৰ সন্তুলিত কৰিব লাগে। এই নীতি মতে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মৌলৰ মুঠ ভৰ একে থাকে।
5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা ।
(a) হাইড্র'জেন গেছে নাইট্ৰ'জেনৰে সৈতে লগ হৈ এম'নিয়া প্ৰস্তুত কৰে।
Answer:
3H$_2$ (g) + N$_2$ (g) ⟶ 2NH$_3$ (g)
(b) হাইড্ৰ'জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।
Answer:
2H$_2$S (g) + 3O$_2$ (g) ⟶ 2SO$_2$ (g) + 2H$_2$O (l)
(c) বেৰিয়াম ক্ল'ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল'ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।
Answer:
3BaCl$_2$ (aq) + Al$_2$(SO$_4$)$_3$ (aq) ⟶ 2AlCl$_3$ (aq) + 3BaSO4(s)
(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্র'ক্সাইড আৰু হাইড্ৰ'জেন গেছ উৎপন্ন কৰে।
Answer:
2K (s) + 2H$_2$O (l) ⟶ 2KOH (aq) + H$_2$ (g)
6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা।
(a) HNO$_3$ + Ca (OH)$_2$ ⟶ Ca(NO$_3$)$_2$ + H$_2$O
Answer:
2HNO$_3$ + Ca (OH)$_2$ ⟶ Ca(NO$_3$)$_2$ + 2H$_2$O
(b) NaOH + H$_2$SO$_4$ ⟶ Na$_2$SO$_4$ + H$_2$O
Answer:
2NaOH + H$_2$SO$_4$ ⟶ Na$_2$SO$_4$ + 2H$_2$O
(c) NaCl + AgNO$_3$ ⟶ AgCl + NaNO$_3$
Answer:
NaCl + AgNO$_3$ ⟶ AgCl + NaNO$_3$
(d) BaCl$_2$ + H$_2$SO$_4$ ⟶ BaSO$_4$ + HCl
Answer:
BaCl$_2$ + H$_2$SO$_4$ ⟶ BaSO$_4$ + 2HCl
7. তলৰ বিক্রিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।
(a) কেলছিয়াম হাইড্র'ক্সাইড + কার্বন ডাই অক্সাইড ⟶ কেলছিয়াম কার্বনেট + পানী।
Answer:
Ca(OH)$_2$ + CO$_2$ ⟶ CaCO$_3$ + H$_2$O
(b) যিংক + ছিলভাৰ নাইট্রেট ⟶ যিংক নাইট্রেট + ছিলভাৰ।
Answer:
Zn + 2AgNO$_3$ ⟶ Zn(NO$_3$)$_2$ + 2Ag
(c) এলুমিনিয়ান + ক'পাৰ ক্ল'ৰাইড ⟶ এলুমিনিয়াম ক্ল'ৰাইড + ক'পাৰ।
Answer:
2Al + 3CuCl$_2$ ⟶ 2AlCl$_3$ + 3Cu
(d) বেলিয়াম ক্ল'ৰাইড + পটেছিয়াম ছালফেট ⟶ বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল'ৰাইড।
Answer:
BaCl$_2$ + K$_2$SO$_4$ ⟶ BaSO$_4$ + 2KCl
৪. তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা।
(a) পটেছিয়াম ব্ৰ'মাইড (aq)+ বেৰিয়াম আয়'ডাইড (aq) ⟶ পটেছিয়াম আয়'ডাইড (aq) + বেৰিয়াম ব্ৰ'মাইড (s)
Answer:
2KBr (aq) + BaI$_2$ (aq) ⟶ 2KI (aq) + BaBr$_2$ (s)
বিক্ৰিয়াৰ প্ৰকাৰ: দ্বিঅপসৰণ বিক্ৰিয়া
(b) যিংক কার্বনেট (s) ⟶ যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g)
Answer:
ZnCO$_3$ (s) ⟶ ZnO (s) + CO$_2$ (g)
বিক্ৰিয়াৰ প্ৰকাৰ: বিযোজন বিক্ৰিয়া
(c) হাইড্ৰ'জেন (g) + ক্ল'ৰিন (g) ⟶ হাইড্ৰ'জেন ক্ল'ৰাইড (g)
Answer:
H$_2$ (g) + Cl$_2$ (g) ⟶ 2HCl (g)
বিক্ৰিয়াৰ প্ৰকাৰ: সংযোজন বিক্ৰিয়া
(d) মেগনেছিয়াম (s) + হাইড্র'ক্ল'ৰিক এছিড (aq) ⟶ মেগনেছিয়াম ক্ল'ৰাইড (aq) + হাইড্ৰ'জেন (g)
Answer:
Mg (s) + 2HCl (aq) ⟶ MgCl$_2$ (aq) + H$_2$ (g)
বিক্ৰিয়াৰ প্ৰকাৰ: অপসৰণ বিক্ৰিয়া
9. তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা ? উদাহৰণ দিয়া।
Answer:
যিবোৰ বিক্ৰিয়াত তাপ নিৰ্গত হয়, সেইবোৰক তাপবর্জী বিক্ৰিয়া বুলি জনা যায় । উদাহৰণস্বৰূপে,
C (s) + O$_2$ (g) ⟶ CO$_2$ (g) + তাপ
আনহাতে, যিবোৰ বিক্ৰিয়াত তাপ শোষণ হয়, সেইবোৰক তাপগ্রাহী বিক্ৰিয়া বুলি জনা যায় । উদাহৰণস্বৰূপে,
C (s) + 2S (s) ⟶ CS$_2$ (l) - তাপ
10. শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা।
Answer:
শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি বিবেচনা কৰা হয়,কাৰণ কোষত সংঘটিত হোৱা শ্বসনত গ্লুকোজে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন কৰে।
C$_6$H$_{12}$O$_6$ (aq) + 6O$_2$ (g) ⟶ 6CO$_2$ (g) + 6H$_2$O (l) + শক্তি
11. বিযোজন বিক্রিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা।
Answer:
বিযোজন বিক্ৰিয়া এটাত, যৌগ এটা ভাঙি দুটা বা ততোধিক পদাৰ্থৰ উৎপন্ন কৰে। উদাহৰণস্বৰূপে,
2H$_2$O (l) ⟶ 2H$_2$ (g) + O$_2$ (g)
আনহাতে, সংযোজন বিক্ৰিয়া এটাত, দুটা বা ততোধিক যৌগ লগ হৈ এটা নতুন পদাৰ্থৰ উৎপন্ন কৰে। উদাহৰণস্বৰূপে,
2H$_2$ (g) + O$_2$ (g) ⟶ 2H$_2$O (l)
সেয়েহে, বিযোজন বিক্রিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়।
12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্রিয়াৰ একোটাকৈ সমীকৰণ লিখা।
Answer:
CaCO$_3$ (s) $\quad$ ⟶তাপ $\quad$ CaO(s) + CO$_2$ (g)
2AgBr (s) $\quad$ ⟶পোহৰ $\quad$ 2Ag(s) + Br$_2$ (g)
2H$_2$O (l) $\quad$ ⟶বিদ্যুৎ $\quad$ 2H$_2$(g) + O$_2$ (g)
13. অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পার্থক্য কি? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা।
Answer:
অপসৰণ বিক্ৰিয়াত, অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয়া মৌল এটাক তাৰ যৌগটোৰ পৰা অপসাৰিত কৰে।
Fe (s) + CuSO$_4$ (aq) ⟶ Cu (s) + FeSO$_4$ (aq)
আনহাতে, দ্বিঅপসৰণ বিক্ৰিয়াত, বিক্ৰিয়ক দুটাই পৰস্পৰৰ সৈতে নিজৰ আয়নৰ বিনিময় কৰে।
AgNO$_3$ (aq) + NaCl (aq) ⟶ AgCl (s) + NaNO$_3$ (aq)
14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক'পাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্রিয়াটো লিখা ।
Answer:
2AgNO$_3$ (aq) + Cu (s) → Cu(NO$_3$)$_2$ (aq) + 2Ag(s)
15. অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।
Answer:
যি বিক্ৰিয়াত, বিক্ৰিয়ক পদাৰ্থবোৰৰ বিক্ৰিয়াৰ ফলত এটি অদ্ৰাব্য পদাৰ্থ (অধঃক্ষপ)ৰ উৎপন্ন হয় তাকে অধঃক্ষেপন বিক্ৰিয়া বুলি কোৱা হয়।
উদাহৰণস্বৰূপে, ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ বিক্ৰিয়াৰ ফলত ছডিয়াম ক্লৰাইড উৎপন্ন হোৱাৰ লগতে বেৰিয়াম ছালফেটৰ অধঃক্ষেপ পৰে।
Na$_2$SO$_4$ (aq) + BaCl$_2$ (aq) ⟶ BaSO$_4$ (s) + 2NaCl (aq)
16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা ।
(a) জাৰণ।
Answer:
i) 2Mg (s) + O$_2$ (g) ⟶ 2MgO (s)
(মেগনেছিয়ামে অক্সিজেন লাভ কৰিছে)
ii) S (s) + O$_2$ (g) ⟶ SO$_2$ (g)
(ছালফাৰে অক্সিজেন লাভ কৰিছে)
(b) বিজাৰণ।
Answer:
i) ZnO + C ⟶ Zn + CO
(যিংকে অক্সিজেন হেৰুৱাইছে)
ii)CuO + H$_2$ ⟶ Cu + H$_2$O
(কপাৰে অক্সিজেন হেৰুৱাইছে)
17.এটা উজ্জ্বল মুগা ৰঙৰ মৌল 'X' ক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল। মৌল 'X' আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা।
Answer:
মৌল 'X' টো হ'ল কপাৰ (Cu) আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম হ'ল কপাৰ অক্সাইড (CuO)। বিক্ৰিয়াটো হৈছে-
2Cu + O$_2$ ⟶ 2CuO
18. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয়?
Answer:
লোৰ বস্তুবোৰ বায়ু, পানী আৰু জলীয় বাষ্পৰ সংস্পৰ্শত থাকিলে মামৰে ধৰি ক্ষয় যায়। এনে নহ'বৰ বাবেই লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয়।
19. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ'জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয় ?
Answer:
তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ'জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় যাতে খাদ্যবস্তুবোৰ সতেজ হৈ থাকে আৰু জাৰণ নঘটে। জাৰিত হোৱা খাদ্য বস্তুৰ পৰা দুৰ্গন্ধ নিৰ্গত হয়।
20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা ।
(a) ক্ষয়ীভৱন।
Answer:
ধাতুৰ পৃষ্ঠত বায়ু, আৰ্দ্ৰতা বা ৰাসায়নিক পদাৰ্থ (যেনে এচিড)ৰ ক্ৰিয়াৰ ফলত লাহে লাহে অৱক্ষয় হোৱা প্ৰক্ৰিয়াটো হৈছে ক্ষয়ীভৱন।
উদাহৰণস্বৰূপে, লো এটুকুৰা দীৰ্ঘদিন ধৰি আৰ্দ্ৰ বায়ুৰ সংস্পৰ্শত ৰাখিলে মামৰে ধৰে। ইয়ে লোৰ টুকুৰাৰ ক্ষয় কৰে।
(b) চৰ্বিৰ দুৰ্গন্ধিতা।
Answer:
চৰ্বি আৰু তেল থকা খাদ্য বস্তুবোৰত হোৱা বায়বীয় জাৰণৰ বাবে দুৰ্গন্ধৰ সৃষ্টি হয়। চৰ্বিৰ দুৰ্গন্ধিতাই খাদ্যবস্তুবোৰ নষ্ট কৰে আৰু খোৱাৰ অনুপযোগী কৰি তোলে।