SEBA Class 10 Science Chapter 9 Question Answer বংশগতি আৰু ক্ৰমবিকাশ Assamese Medium

Class 10 Science Chapter 9 Heredity and Evolution Question Answer



এই পোষ্টটোত দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ পাঠটোৰ পাঠৰ ভিতৰৰ প্ৰশ্নসমূহ আৰু অনুশীলনীৰ প্ৰশ্নবোৰৰ সমাধান লাভ কৰিব। অন্য পাঠৰ অনুশীলনীবোৰৰ সমাধান পাবলৈ তলত দিয়া লিংকত ক্লিক কৰিব।

প্ৰতিটো পাঠৰ MCQs আৰু সমাধান পাবলৈ ইয়াত ক্লিক কৰিব - MCQs.



দশম শ্ৰেণীৰ বিজ্ঞানৰ পাথ্যপুথিত থকা পাঠসমূহ হ'ল - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations), এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases and Salts), ধাতু আৰু অধাতু (Metals and Non-Metals), কাৰ্বন আৰু তাৰ যৌগ (Carbon and its Compounds), মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন (Periodic Classification of Elements), জীৱন প্ৰক্ৰিয়া (Life processes), নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination), জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? (How do Organisms Reproduce?), বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution), পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light - Reflection and Refraction), মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (Human Eye and Colourful Worlds), বিদ্যুৎ (Electricity), বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া (Magnetic Effects of Electric Current), শক্তিৰ উৎসসমূহ (Sources of Energy), আমাৰ পৰিবেশ (Our Environment), প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources)।


Solutions for Class 10 Science Chapter 9 in Assamese Medium


Class 10 Science Chapter 9 Page No. 150


1. যদি অযৌন প্রজনন প্রক্রিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্রজাতিৰ জনসংখ্যাৰ "A" চাৰিত্রিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত "B" চাৰিত্রিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্রিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল?

Answer:


B চাৰিত্ৰিক বৈশিষ্ট্যটো A চাৰিত্ৰিক বৈশিষ্ট্যতকৈ আগতে উৎপত্তি হৈছিল কিয়নো-

(i) B চাৰিত্ৰিক বৈশিষ্ট্যৰ শতকৰা পৰিমাণ A ৰ চাৰিত্ৰিক বৈশিষ্ট্যতকৈ বেছি।

(ii) অযৌন প্ৰজননত প্ৰকাৰণৰ পৰিমাণ যথেষ্ট কম গতিকে A ৰ চাৰিত্ৰিক বৈশিষ্ট্যটো B ৰ চাৰিত্ৰিক বৈশিষ্ট্যতকৈ শেহতীয়াভাৱে বিকশিত।



2. এটা প্রজাতিত সৃষ্টি হোৱা ভিন্নতাই জীৱক বর্তি থকাত কেনেধৰণে সহায় কৰে?

Answer:


এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যই জীৱবিলাকক পৰিৱৰ্তিত পৰিৱেশৰ লগত বেলেগ বেলেগ ধৰণে জীয়াই থকাত সুবিধা প্ৰদান কৰে। এনে বৈসাদৃশ্যতা বিশিষ্ট জীৱবিলাক পৰিৱেশৰ কিছুমান কাৰকৰ প্ৰভাৱত প্ৰকৃতিয়ে নিজে নিজে নিৰ্বাচিত কৰে আৰু তাৰ আলমতে ক্ৰমবিকাশ প্ৰক্ৰিয়া সংঘটিত হয়। যেনে- বেক্টেৰিয়াৰ এটা প্ৰজাতিত যদি বৈসাদৃশ্যপূৰ্ণ বেক্টেৰিয়া সৃষ্টি হয় তেন্তে গোলকীয় উষ্ণতা বৃদ্ধি হলে বৈসাদৃশ্যপূৰ্ণ চৰিত্ৰটোই সেই বিশেষ চৰিত্ৰবিশিষ্ট বেক্টেৰিয়াবোৰক জীয়াই থকাত সগহায় কৰিব আৰু বৈসাদৃশ্য চৰিত্ৰবিলাক নোহৱা বেক্টেৰয়াবোৰৰ মূত্যু ঘটাব।



Class 10 Science Chapter 9 Page No. 154


1. বংশগতিৰ চৰিত্ৰসমূহ প্ৰভাৱী (Dominant) বা অপ্ৰভাৱী (Recessive) হ'ব পাৰে এই কথা মেণ্ডেলৰ পৰীক্ষাই কিদৰে দেখুৱাই?

Answer:


মেণ্ডেলৰ সংকৰণ পৰীক্ষাত যিটো চৰিত্ৰ F₁ জনুত প্ৰকাশ পাইছিল সেই চৰিত্ৰটোকে প্ৰভাৱী চৰিত্ৰ আৰু যিটো চৰিত্ৰ প্ৰকাশ পোৱা নাছিল অৰ্থাৎ লুকাই আছিল সেই চৰিত্ৰটোকে অপ্ৰভাৱী চৰিত্ৰ বা পৰাহত চৰিত্ৰ বুলি কোৱা হৈছিল।

যেনে- বিশুদ্ধ ওখ আৰু চাপৰ মটৰ মাহৰ গছৰ মাজত সংকৰণ ঘটোৱাৰ ফলত F₁ জনুত ওখ মটৰ মাহৰ গছ সৃষ্টি হৈছিলয়। এই ওখ চৰিত্ৰটোকে প্ৰভাৱী আৰু প্ৰকাশ নোপোৱা চাপৰ চৰিত্ৰটোক অপ্ৰভাৱী চৰিত্ৰ বোলে।



2. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্রমিকভাবে প্রবাহিত চৰিত্ৰবিলাক স্বতন্ত্রভাবে প্রবাহিত হয় বুলি কেনেকৈ নির্ণয় কৰিছিল?

Answer:


মেণ্ডেলে দ্বিসংকৰণ পৰীক্ষাত দুটা পৃথক পৃথক চাৰিত্ৰিক বৈশিষ্ট্য যেনে ঘূৰণীয়া-হালধীয়া আৰু শোতোৰা-সেউজীয়া গছৰ মাজত ইতৰ পৰাগযোগ ঘটাই F₁ জনুত ঘূৰণীয়া-হালধীয়া গছ পাইছিল। F₁ জনুৰ দুজোপা গছৰ মাজত স্ব-পৰাগযোগ ঘটোৱাৰ ফলত F₂ জনুত ঘূৰণীয়া-হালধীয়া, শোতোৰা -েউজীয়া গছৰ লগতে কিছুমান নতুনকৈ সংমিশ্ৰ চৰিত্ৰৰ গছ যেনে ঘূৰণীয়া-সেউজীয়া আৰু শোতোৰা-হালধীয়া গছ পাইছিল। সেয়েহে মেণ্ডেলে ইয়াৰ পৰা অনুধাৱন কৰিব পাৰিছিল যে চাৰিত্ৰিক বৈশিষ্ট্যবিলাক স্বতন্ত্ৰভাৱে প্ৰভাৱিত হয়।



3. "A" গ্ৰুপৰ তেজৰ এজন মানুহে "O" গ্ৰুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্রুপ হ'ল "O"। এই তথ্যৰ পৰা তোমালোকে "A" আৰু "O" তেজৰ গ্রুপৰ কোনটো প্রভাবী তাক ঠাৱৰ কৰিব পাৰিবানে? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা?

Answer:


তেজৰ গ্রুপ "A" আৰু "O" ৰ ভিতৰত কোনটো প্ৰভাৱী তাক ঠাৱৰ কৰিবৰ বাবে এই তথ্যখিনি যথেষ্ট নহয়। তেজৰ বংশগতিৰ ক্ষেত্ৰত, সদায় "A" প্ৰভাৱী আৰু "O" অপ্ৰভাৱী।

ইয়াত, পিতৃৰ তেজৰ গ্ৰুপ জিনীয়ভাৱে "AA" বা "AO" হ'ব পাৰে। আনহাতে, মাতৃৰ তেজৰ গ্ৰুপ "AO" বা "OO" হ'ব পাৰে। এগৰাকী ছোৱালী তেজৰ গ্ৰুপ "O" ৰ সৈতে জন্ম হ'বলৈ হ'লে, পিতৃ আৰু মাতৃ উভয়ৰ পৰা একোটাকৈ "O" ধৰণৰ জিন লাভ কৰিব লাগিব। এই ক্ষেত্ৰত পিতৃৰ বাবে "AO" তেজৰ গ্ৰুপ আৰু মাতৃৰ বাবে "OO" তেজৰ গ্ৰুপ হ'ব লাগিব।



4. মানুহৰ সন্তানৰ লিংগ নির্ধাৰণ কিদৰে কৰা হয়?

Answer:


মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ জিনীয়ভাৱে অৰ্থাৎ লিংগ ক্ৰম'জ'মৰ দ্বাৰা কৰা হয়। মানুহৰ দেহত 46 ডাল (44 + দুডাল লিংগ ক্ৰম'জ'ম) ক্ৰম'জ'ম থাকে। প্ৰত্যেক জননকোষত 23 ডাল ক্ৰম'জ'ম থাকে। পুৰুষৰ জননকোষত 22+X বা 22+Y ক্ৰম'জ'ম আৰু মহিলাৰ জননকোষত 22+X একেধৰণৰ ক্ৰম'জ'ম থাকে। সন্তানটিৰ লিংগ নিৰ্ণায়ণত পুৰুষৰ লিংগ ক্ৰম'জ'ম দুডালহে মুখ্য ভূমিকা পালন কৰে। যদি পুৰুষৰ 22+X ক্ৰম'জ'মে মহিলাৰ 22+X ক্ৰম'জ'মৰ লগত নিষেচন কৰে তেন্তে সন্তানটি ছোৱালী হ'ব আৰু পুৰুষৰ 22+Y ক্ৰম'জ'মে মহিলাৰ 22+X ক্ৰম'জ'মৰ লগত নিষেচন কৰিলে সন্তানটি ল'ৰা হ'ব।



Class 10 Science Chapter 9 Page No. 157


1. কি কি প্ৰকাৰে এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়?

Answer:


জিনীয় পথচ্যুত, প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়।



2. জীৱৰ জীৱন কালত আর্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্রমিক প্রবাহ নঘটে?

Answer:


আৰ্জিত চৰিত্ৰবোৰ অভ্যাসগত বা অনুশীলনৰ ফলত জীৱই জীৱন কালত আহৰণ কৰা চৰিত্ৰ। এই চৰিত্ৰবোৰ প্ৰজনন কলাত প্ৰস্ফুটিত নহয়। তাৰ পৰিবৰ্তে দৈহিক কলাতহে প্ৰস্ফুটিত হয়। দৈহিক কলাত প্ৰষ্ফুটিত হোৱা চাৰিত্ৰিক বৈশিষ্ট্য বিলাক জননকোষৰ DNA লৈ গতি নকৰে। সেইবাবে জীৱন জীৱন কালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি-সন্ততিলৈ বংশানুক্ৰমিকভাৱে প্ৰবাহ নঘটে।



3. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্রমে হ্রাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা?

Answer:


বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো এটি চিন্তিত বিষয়, কাৰণ-

(i) বাঘৰ সংখ্যা হ্ৰাস পোৱাই সিহঁতৰ প্ৰজাতিৰ জিনৰ আৰ্হি হ্ৰাস পোৱত সহায় কৰিব।

(ii) বাঘৰ সংখ্যা হ্ৰাস পালে প্ৰকাৰণৰ মাত্ৰা কম হ'ব।

(iii) বহু সংখ্যক জিন নোহোৱা হৈ যাব আৰু প্ৰজাতিটোৰ বিৱৰ্তনৰ মাত্ৰা কম হ'ব যিয়ে প্ৰজাতিটো বিলুপ্ত হোৱাত সহায় কৰিব।



Class 10 Science Chapter 9 Page No. 158


1. নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ?

Answer:


নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে অৰিহণা যোগোৱা উপাদানসমূহ হ'ল-

(i) জিনীয় পথচ্যুত

(ii) প্ৰাকৃতিক নিৰ্বাচন

(iii) উৎপৰিবৰ্তন বা মিউটেচন

(iv) ভৌগলিক পৃথকীকৰণ

(v) পৃথকীকৃত জনসংখ্যাৰ ওপৰত পৰিৱেশজনিত কাৰক।



2. স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?

Answer:


নোৱাৰে। কাৰণ, স্ব-পৰাগযোগত কোনো মাধ্যম বা কাৰকৰ প্ৰয়োজন নহয়। স্ব-পৰাগযোগত কোনো মাধ্যম নোহোৱাকৈ কেৱল একেপাহ ফুলৰ পুংৰেণু আহি একেপাহ ফুলৰ স্ত্ৰীৰেণুত লগ লাগে। গতিকে ভৌগলিক পৃথকীকৰণে স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে কাৰক হ'ব নোৱাৰে।



3. অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?

Answer:


নোৱাৰে। কাৰণ, অযৌন প্ৰজননত কেৱল একক পিতৃ বা মাতৃৰহে প্ৰয়োজন আৰু প্ৰজনন কৰিবৰ বাবে কোনো অইন জীৱৰ প্ৰয়োজন নহয়। অযৌন প্ৰজননৰ যি প্ৰকাৰণ ঘটে সেয়া কেৱল DNA প্ৰতিলিপিকৰণৰ সময়ত হোৱা সূক্ষ্ম পৰিবৰ্তন। গতিকে ভৌগলিক পৰিবৰ্তনে কোনো অযৌন প্ৰজননৰ প্ৰজাতিকৰণত প্ৰভাৱ নেপেলায়।



Class 10 Science Chapter 9 Page No. 163


1. দুটা প্ৰজাতিৰ মাজত বিবর্তন সম্পর্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া।

Answer:


সমসস্থ অংগবোৰে দুটা প্ৰজাতিৰ মাজত বিৱৰ্তন সম্পৰ্ক স্থাপন কৰাত সহায় কৰে। যেনে, চৰাইৰ অগ্ৰপদৰ লগত মানুহৰ হাতৰ গঠনগত বহু মিল আছে যিয়ে সূচায় যে মানুহ আৰু চৰাইৰ পূৰ্বপুৰুষ একে আছিল।



2. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক'ব পাৰোনে? কিয় পাৰি বা কিয় নোৱাৰি?

Answer:


পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক'ব নোৱাৰি। কাৰণ, উৎপত্তি আৰু গঠনৰ ফালৰ পৰা ইহঁত ভিন্ন। পখিলাৰ পাখি নিমজ আৰু কোমল আৰু অস্থিহীন। আনহাতে, বাদুলীৰ ডেউকা হাতোৰাযুক্ত আৰু অস্থিযুক্ত।



3. জীৱাশ্মসমূহ কি? বিবর্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয়?

Answer:


ভূগৰ্ভৰ পাললিক শিলাখণ্ডত ৰৈ যোৱা জীৱ-জন্তুৰ সাঁচ বা ছাপকে জীৱাশ্ম বোলে।

বিবর্তন সম্পৰ্কে জীৱাশ্মসমূহে ভালেখিনি তথ্য আমাক যোগান ধৰে। যেনে-

(i) জীৱাশ্মই উৎপত্তিকালৰ পৃথিৱীৰ বাতাবৰণ, জীৱৰ প্ৰকৃতি জনাত সহায় কৰে।

(ii) দুটা জীৱৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য নিৰূপণ অৰ্থাৎ জীৱসমূহৰ মাজত যোগসূত্ৰ সম্পৰ্ক জনাত সহায় কৰে। যেনে- আৰ্কিঅ'পটেৰিক্স জীৱটোই সৰীসৃপ আৰু পক্ষীৰ মাজত যোগসূত্ৰ প্ৰতিষ্ঠা কৰে। আৰ্কিঅ'পটেৰিক্সৰ অৱস্থিতি জীৱাশ্মৰ পৰাহে আহৰণ কৰা হৈছে।

(iii) জীৱাশ্মসমূহে প্ৰজাতি এটাৰ পূৰ্বপুৰুষ নিৰ্ণায়ণত সুবিধা কৰে।



Class 10 Science Chapter 9 Page No. 165


1. বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্রজাতিত অন্তর্ভুক্ত কিয়?

Answer:


বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও ইহঁত একেটা প্ৰজাতিত অন্তৰ্ভুক্ত। কাৰণ, মানুহৰ যিকোনো আকৃতি, বৰণ আৰু অবয়ব ভিন্ন হ'লেও নিজৰ মাজত প্ৰজনন কৰি একেধৰণৰ জীৱ সৃষ্টি কৰিব পাৰে।



2. বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ ? কিয় উচ্চ স্তৰৰ ?

Answer:


বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ তাক ক'ব নোৱাৰি। কাৰণ,জীৱৰ দেহৰ গঠন সকলো জীৱৰে বেলেগ বেলেগ আৰু সিহঁতে বাস কৰা জলবায়ু / বাসস্থানৰ বাবে দৈহিক গঠন বেলেগ বেলেগ হয়। মাছৰ দেহৰ গঠন জলজ জলবায়ুৰ উপযোগী কিন্তু স্থলজ জলবায়ুৰ বাবে উপযোগী নহয়। আকৌ, মকৰাৰ দৈহিক গঠন স্থলজ জলবায়ুৰ বাবে উপযোগী কিন্তু জলজ জলবায়ুৰ বাবে উপযোগী নহয়।



Class 10 Science Chapter 9 অনুশীলনী


1. মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হ'ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ'ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি (Genetic make up) বৰ্ণনা কৰিব পৰা হ'ব ?
(a) TTWW
(b) TTww
(c) TtWW
(d) TtWw

Answer:


(c) TtWW



2. সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল
(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং
(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত
(c) আলু আৰু ঘাঁহৰ ধাৱক কাণ্ড
(d) ওপৰৰ আটাইকেইটা

Answer:


(d) ওপৰৰ আটাইকেইটা



3. বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত
(a) এজন চীনা স্কুলীয়া ছাত্র
(b) এটা চিম্পাঞ্জী
(c) এটা মকৰা
(d) এটা বেক্টেৰিয়া

Answer:


(a) এজন চীনা স্কুলীয়া ছাত্র



4. এটা অধ্যয়নৰ পৰা দেখা গ'ল যে পাতল বৰণৰ চকুৰ ল'ৰা-ছোৱালীৰ মাক-দেউতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয়। ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিমনে ? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয়?

Answer:


চৰিত্ৰ এটা প্ৰভাবী নে অপ্ৰভাবী নিৰ্ণয় কৰিবলৈ অতি কমেও তিনিটা প্ৰজন্মৰ তথ্যৰ প্ৰয়োজন। সেয়েহে প্ৰদত্ত তথ্যৰ ভিত্তিত আমি মতামত দিব নোৱাৰো যে চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী।



5. বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে?

Answer:


বিভিন্ন জীৱৰ শ্ৰেণীবিভাজনৰ অধ্যয়নে জীৱবিলাকৰ বিবৰ্তন জনাত সহায় কৰে। একে চাৰিত্ৰিক বৈশিষ্ট্যযুক্ত জীৱসমূহক এটা গ্ৰুপত অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ ফলত একে গ্ৰুপত থকা জীৱসমূহৰ পূৰ্বপুৰুষ একে আছিল বুলি অনুমান কৰিব পাৰি। গতিকে জীৱসমূহৰ বিবৰ্তন হোৱাৰ বাবেহে জীৱসমূহৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্যতা নিৰূপণ কৰিব পৰা হৈছে যাৰ ফলত জীৱসমূহক কিছুমান শ্ৰেণীত ভাগ কৰিব পৰা হৈছে। যেনে, মেকুৰী আৰু বাঘক একেটা গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়ে বুজাই যে মেকুৰী আৰু বাঘ ওচৰ সম্পৰ্কীয় আৰু পূৰ্বপুৰুষ একে। এনেদৰে দেখা যায় যে বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে।



6. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা ।

Answer:


সমসংস্থ অংগ - গঠন আৰু উৎপত্তিৰ দিশৰ পৰা একে কিন্তু কাৰ্যৰ দিশৰ পৰা পৃথক অংগবোৰক সমসংস্থ অংগ বোলে। যেনে- মানুহৰ হাত আৰু বাদুলীৰ ডেউকা।

সমবৃত্তিক অংগ - গঠন আৰু উৎপত্তিৰ দিশৰ পৰা পৃথক কিন্তু কাৰ্যৰ দিশৰ পৰা একে অংগবোৰক সমবৃ্ত্তিক অংগ বোলে। যেনে- বাদুলিৰ ডেউকা আৰু চৰাইৰ ডেউকা।



7. কুকুৰৰ ৰঙবিলাকৰ প্ৰভাবী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা।

Answer:


কুকুৰৰ ৰংবিলাক এটা নিজৰ নিৰ্দিষ্ট জিনৰ গোটৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এই জিনৰে প্ৰতিলিপি কুকুৰে পিতৃ-মাতৃৰ পৰা লাভ কৰে। বিশুদ্ধ কলা ৰঙৰ (BB) মতা আৰু বিশুদ্ধ বগা ৰঙৰ (bb) মাইকী কুকুৰৰ মাজত নিষেচন হৈ F1 জনুত যদি কলা ৰঙৰ সন্তান জন্ম হয় তেন্তে কলা ৰঙটো হ'ব প্ৰভাৱী চৰিত্ৰ আৰু বগা ৰঙটো হ'ব অপ্ৰভাবী চৰিত্ৰ।



8. জীৱৰ বিৱৰ্তনৰ সম্পৰ্ক নির্ণয়ত জীৱাশ্মৰ গুৰুত্ব ব্যাখ্যা কৰা।

Answer:


বিবর্তন সম্পৰ্কে জীৱাশ্মসমূহে ভালেখিনি তথ্য আমাক যোগান ধৰে। যেনে-

(i) জীৱাশ্মই উৎপত্তিকালৰ পৃথিৱীৰ বাতাবৰণ, জীৱৰ প্ৰকৃতি জনাত সহায় কৰে।

(ii) দুটা জীৱৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য নিৰূপণ অৰ্থাৎ জীৱসমূহৰ মাজত যোগসূত্ৰ সম্পৰ্ক জনাত সহায় কৰে। যেনে- আৰ্কিঅ'পটেৰিক্স জীৱটোই সৰীসৃপ আৰু পক্ষীৰ মাজত যোগসূত্ৰ প্ৰতিষ্ঠা কৰে। আৰ্কিঅ'পটেৰিক্সৰ অৱস্থিতি জীৱাশ্মৰ পৰাহে আহৰণ কৰা হৈছে।

(iii) জীৱাশ্মসমূহে প্ৰজাতি এটাৰ পূৰ্বপুৰুষ নিৰ্ণায়ণত সুবিধা কৰে।



9. কি স্বাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি?

Answer:


1929 চনত J. B. S. Haldane নামৰ ব্ৰিটিছ বিজ্ঞানীজনে উনুকিয়াইছিল যে পৃথিৱীখন সৃষ্টি হোৱাৰ পাছতে তাত বিৰাজ কৰি থকা কিছুমান সৰল অজৈৱ পদাৰ্থৰ পৰাই জীৱৰ আবিৰ্ভাৱ ঘটিছিল।

পৰবৰ্তীকালত 1953 চনত ষ্টেনলি এল মিলাৰ আৰু হেৰল্ড চি. ইউৰিি নামৰ বিজ্ঞানী দুজনে এটা পৰীক্ষাৰ দ্বাৰা ইয়াৰ সঠিক ব্যাখ্যা দাঙি ধৰিছিল। তেখেতসকলে এটি সজুঁলিৰ ভিতৰত এমোনিয়া, মিথেন, হাইড্ৰজেন ছালফাইড আৰু পানী লৈ সজুঁলিটো 100⁰C উষ্ণতাৰ তলত ৰাখি তাৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ ঘটাই বিজুলী বা বজ্ৰপাত সৃষ্টি কৰিছিল। ইয়াৰ ফলত মিথেনৰ পৰা 15% কাৰ্বন ৰূপান্তৰ ঘটি এমিন'এছিডকে ধৰি আন কিছুমান কাৰ্বনযুক্ত সৰল যৌগ লগ লাগি প্ৰটিন অনু সৃষ্টি হৈ তাৰ পৰা প্ৰথম জীৱটো সৃষ্টি হৈছিল। এনেদৰে পৃথিৱীত জীৱৰ উৎপত্তি প্ৰথমে সৰল অজৈৱ কণাৰ পৰাই সৃষ্টি হৈছিল।



10. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ (viable) ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায়?

Answer:


যৌন প্ৰজননৰ জীৱসমূহ দুটা ভিন্ন জীৱৰ জননকোষৰ মিলনৰ ফলত সৃষ্টি হয়। জীৱসমূহ পিতৃ-মাতৃতকৈ ভিন্ন হোৱাৰ কাৰণ হ'ল-

(i) ক্ৰচিং অভাৰ বা জিন বিনিময়

(ii) DNA অনুৰ প্ৰতিলিপিকৰণত হোৱা পৰিবৰ্তন

(iii) জননকোষ সালসলনি

(iv) পৰিবেশজনিত কিছুমান কাৰক আদি

আনহাতে, পৰিঘটনাসমূহ অযৌন প্ৰজননত সংঘটিত নহয়। সেইবাবে অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয়।

যৌন প্ৰজনন পদ্ধতিৰ সহায়ত সৃষ্টি হোৱা জীৱসমূহে তলত দিয়া ধৰণে বিবৰ্তনত সহায় কৰে-

(i) পৰিবৰ্তিত পৰিবেশৰ লগত খাপ খোৱাই চলাত সহায় কৰে।

(ii) প্ৰজাতিবিধক বিলুপ্তিৰ পৰা বচাই ৰখাত সহায় কৰে।

(iii) প্ৰজাতিবিধ বহু বছৰলৈ বাছি থকাৰ সম্ভাৱনা থাকে।



11. কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে?

Answer:


পিতৃপুৰুষ আৰু মাতৃ পুৰুষে সমান জিনীয় অৱদান হ্ৰাসাত্মক কোষবিভাজনৰ দ্বাৰা অপত্যজনুলৈ হস্তান্তৰ কৰে। নিষেচনৰ সময়ত পুংজননকোষ আৰু স্ত্ৰীজননকোষৰ মিলন ঘটি যোজন কোষটো সৃষ্টি হয়। মানৱদেহত 22 যোৰ দৈহিক ক্ৰমজম আৰু এযোৰ লিংগ নিৰ্ণায়ক ক্ৰমজম যোৰা পাতি থাকে। ইয়াৰে আধা সংখ্যক ক্ৰমজম প্ৰত্যেক জননকোষে লাভ কৰে। যাৰ ফলত জননকোষ দুটাত সমান সংখ্যক জিনীয় অৱদান সৃষ্টি হয় আৰু অপত্য জীৱটোৰ ক্ৰমজমৰ সংখ্যা একে হয়। এনেদৰে দেখা যায় যে হ্ৰাসাত্মক কোষবিভাজনৰ দ্বাৰা পিতৃপুৰুষ আৰু মাতৃপুৰুষে সমানে জিনীয় অৱদান অপত্য জনুলৈ হস্তান্তৰ কৰে।



12. “কোনো এটা জীৱৰ জীৱন ক্ৰিয়াত সুবিধা প্ৰদান কৰা ভিন্নতাইহে আবাদীত স্থায়িত্ব লাভ কৰে।” এই উক্তিৰ সৈতে একমতনে? যদি হয় কিয় আৰু যদি নহয় কিয় ?

Answer:


“কোনো এটা জীৱৰ জীৱন ক্ৰিয়াত সুবিধা প্ৰদান কৰা ভিন্নতাইহে আবাদীত স্থায়িত্ব লাভ কৰে।” এই উক্তিৰ সৈতে একমত যদিও প্ৰজাতিটোৰ সকলো ভিন্নতাই সমানে জীৱ এটাক জীয়াই থকাত সহায় নকৰে। তথাপিও কিছুমান ভিন্নতা প্ৰাকৃতিক পৰিবেশে উপযুক্তভাৱে নিৰ্বাচন কৰি জীৱৰ আবাদীসমূহক জীয়াই থকাত সহায় কৰে। যদি ভিন্নতা / প্ৰকাৰণত প্ৰাকৃতিক পৰিবেশে নিৰ্বাচন নকৰে তেন্তে তেনে ভিন্নতাই জীৱটোক জীয়াই থকাত সহায় নকৰে।



Class 10 Science Chapter 9 Additional Question Answer


1. বংশগতি বিদ্যাৰ পিতৃ বুলি কাক কোৱা হয়?


Answer: গ্ৰেগৰ জোহান মেণ্ডেল



2. কোনটো প্ৰজনন প্ৰক্ৰিয়াত অধিক ভিন্নতাবিশিষ্ট জীৱসমূহ সৃষ্টি হয়?


Answer: যৌন প্ৰজনন প্ৰক্ৰিয়াত



3. বংশবিস্তাৰ বা প্ৰজনন প্ৰক্ৰিয়াৰ ফলাফল কি?


Answer: একে আৰ্হিৰ জীৱৰ উৎপত্তি



4. প্ৰভাৱী বা অপ্ৰভাৱী চৰিত্ৰ কাক বোলে? উদাহৰণ দিয়া।


Answer: মেণ্ডেলৰ সংকৰণ পৰীক্ষাত যিটো চৰিত্ৰ F₁ জনুত প্ৰকাশ পাইছিল সেই চৰিত্ৰটোকে প্ৰভাৱী চৰিত্ৰ আৰু যিটো চৰিত্ৰ প্ৰকাশ পোৱা নাছিল অৰ্থাৎ লুকাই আছিল সেই চৰিত্ৰটোকে অপ্ৰভাৱী চৰিত্ৰ বা পৰাহত চৰিত্ৰ বুলি কোৱা হৈছিল।

যেনে- বিশুদ্ধ ওখ আৰু চাপৰ মটৰ মাহৰ গছৰ মাজত সংকৰণ ঘটোৱাৰ ফলত F₁ জনুত ওখ মটৰ মাহৰ গছ সৃষ্টি হৈছিলয়। এই ওখ চৰিত্ৰটোকে প্ৰভাৱী আৰু প্ৰকাশ নোপোৱা চাপৰ চৰিত্ৰটোক অপ্ৰভাৱী চৰিত্ৰ বোলে।



5. মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাত F₂ জনুত পোৱা চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ ব্যক্তৰূপৰ আৰু জিনীয়ৰূপৰ অনুপাত লিখা।


Answer: F₂ জনুত পোৱা চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ ব্যক্তৰূপৰ অনুপাত 3:1 আৰু জিনীয়ৰূপৰ অনুপাত 1:2:1



6. জিন কি? ইয়াৰ কাম কি?


Answer: DNA ৰ এক সূক্ষ্ম অংশকে জিন বোলে।

জিনে বংশগতিৰ বাহক হিচাপে কাম কৰে।



7. জননকোষৰ জিনবিলাক পিতৃ-মাতৃৃৰ জিনৰ সংখ্যাৰ সৈতে একেনে?


Answer: একে নহয়। জননকোষৰ জিনবিলাক পিতৃ-মাতৃৰ জিনৰ সংখ্যাৰ আধা সংখ্যক হয়।



8. জীৱদেহৰ আন কোষবিলাকত থকা দুটা জিনৰ গোটৰ পৰা জননকোষ বিলাকে কেনেকৈ এটাকৈ গোট সৃষ্টি কৰি লয়?


Answer: হ্ৰাসাত্মক কোষ বিভাজনৰ দ্বাৰা



9. পুৰুষৰ জননকোষত কিমান সংখ্যক ক্ৰম'জ'ম থাকে? (বা শুক্ৰাণুত কিমান সংখ্যক ক্ৰম'জ'ম থাকে?)


Answer: 22+X বা 22+Y সংখ্যক ক্ৰম'জ'ম (23 ডাল)



10. মহিলাৰ জননকোষত কিমান সংখ্যক ক্ৰম'জ'ম থাকে? (বা ডিম্বাণুত কিমান সংখ্যক ক্ৰম'জ'ম থাকে?)


Answer: 22+X সংখ্যক ক্ৰম'জ'ম (23 ডাল)



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

#buttons=(Accept !) #days=(30)

Our website uses cookies to enhance your experience. Learn More
Accept !