Class 10 Science Chapter 11 Human Eye and Colourful Worlds
এই পোষ্টটোত দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী পাঠটোৰ পাঠৰ ভিতৰৰ প্ৰশ্নসমূহ আৰু অনুশীলনীৰ প্ৰশ্নবোৰৰ সমাধান লাভ কৰিব। অন্য পাঠৰ অনুশীলনীবোৰৰ সমাধান পাবলৈ তলত দিয়া লিংকত ক্লিক কৰিব।
প্ৰতিটো পাঠৰ MCQs আৰু সমাধান পাবলৈ ইয়াত ক্লিক কৰিব - MCQs.
দশম শ্ৰেণীৰ বিজ্ঞানৰ পাথ্যপুথিত থকা পাঠসমূহ হ'ল - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations), এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases and Salts), ধাতু আৰু অধাতু (Metals and Non-Metals), কাৰ্বন আৰু তাৰ যৌগ (Carbon and its Compounds), মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন (Periodic Classification of Elements), জীৱন প্ৰক্ৰিয়া (Life processes), নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination), জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? (How do Organisms Reproduce?), বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution), পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light - Reflection and Refraction), মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (Human Eye and Colourful Worlds), বিদ্যুৎ (Electricity), বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া (Magnetic Effects of Electric Current), শক্তিৰ উৎসসমূহ (Sources of Energy), আমাৰ পৰিবেশ (Our Environment), প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources)।
Solutions for Class 10 Science Chapter 11 in Assamese Medium
- Class 10 Science Chapter 11 Page No. 190
- Class 10 Science Chapter 11 অনুশীলনী
- Class 10 Science Chapter 11 অতিৰিক্ত প্ৰশ্ন
Class 10 Science Chapter 11 Page No. 190
1. চকুৰ উপযোজন ক্ষমতা কি?
Answer: চকুৰ লেন্ছৰ ফ'কাছ দৈৰ্ঘ পৰিবৰ্তন কৰিব পৰা সামৰ্থক চকুৰ উপযোজন ক্ষমতা বোলে।
2. মায়’পিয়াগ্রস্ত চকু থকা মানুহ এজনে 1.2 mতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্ছ ব্যৱহাৰ কৰিব লাগিব?
Answer: মায়’পিয়াগ্রস্ত চকু বিকাৰৰ ক্ষেত্ৰত উপযুক্ত ক্ষমতাৰ অৱতল লেন্ছ ব্যৱহাৰ কৰি দৃষ্টি ঘূৰাই আনিব পাৰি।
3. স্বাভাৱিক দৃষ্টিৰ এজন মানুহ এজনৰ বাবে দূৰ-বিন্দু আৰু নিকটবিন্দু কি?
Answer: স্বাভাৱিক দৃষ্টিৰ এজন মানুহ এজনৰ বাবে দূৰ-বিন্দু অসীমত আৰু নিকটবিন্দু 25 চে.মি. অৱস্থিত।
4. ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব'ৰ্ডখন চোৱাত অসুবিধা পায় ৷ ল'ৰাজনে ভোগা বিকাৰটো কি হ'ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি?
Answer: ছাত্ৰজনে যিহেতু দূৰৰ বস্তু দেখা নাপায়, গতিকে লৰাজনে ভোগা বিকাৰটো হ'ল মায়পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা।
উপযুক্ত ক্ষমতাৰ অৱতল লেন্ছ ব্যৱহাৰ কৰি ইয়াৰ সংশোধন কৰিব পাৰি।
Class 10 Science Chapter 11 অনুশীলনী
1. মানুহৰ চকুৱে চকুৰ লেন্ছৰ ফ'কাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল -
(a) প্ৰেছবায়'পিয়া
(b) উপযোজন ক্ষমতা
(c) নিকট দৃষ্টিগ্রস্ততা
(d) দূৰ দৃষ্টিগ্ৰস্ততা
Answer: (b) উপযোজন ক্ষমতা
2. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান
(a) কর্ণিয়া (Cornea)
(b) চকুৰ পতা (Iris )
(c) চকুৰ মণি (Pupil)
(d) অক্ষিপট (Retina)
Answer: (d) অক্ষিপট (Retina)
3. নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব
(a) 25 m
(b) 2.5 cm
(c) 25 cm
(d) 2.5 m
Answer: (c) 25 cm
4. চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্ছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন হয় ?
(a) চকুৰ মণি
(b) অক্ষিপট
(c) চিলিয়াৰী পেশী
(d) চকুৰ পতা
Answer: (c) চিলিয়াৰী পেশী
5. এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -5.5 ডায়প্টাৰ ক্ষমতাৰ লেন্ছৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্ছৰ ক্ষমতা +1.5 ডায়প্টাৰ হ'লে (i) দূৰ দৃষ্টিগ্ৰস্ততা (ii) নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্ছৰ ফ’কাছ দৈর্ঘ্য কিমান?
Answer: P = $\frac{1}{f}$
(i) দিয়া আছে,
দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্ছৰ ক্ষমতা (P) = -5.5 D
∴ আৱশ্যক হোৱা লেন্ছৰ ফ'কাছ দৈৰ্ঘ (f) = $\frac{1}{P}$
⇒ (f) = $\frac{1}{-5.5}$
⇒ (f) = -0.18 m
(ii) দিয়া আছে,
নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্ছৰ ক্ষমতা (P) = +1.5 D
∴ আৱশ্যক হোৱা লেন্ছৰ ফ'কাছ দৈৰ্ঘ (f) = $\frac{1}{P}$
⇒ (f) = $\frac{1}{1.5}$
⇒ (f) = 0.67 m
6. নিকট দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80 cm দূৰত্বত। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্ছৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান ?
Answer:
দিয়া আছে,
লক্ষ্যবস্তুৰ অৱস্থান (u) = ∞ (অসীমত)
প্ৰতিবিম্বৰ অৱস্থান (v) = -80 cm
এতিয়া, লেন্ছৰ সূত্ৰ অনুসৰি,
$\large \frac{1}{v} - \frac{1}{u} = \frac{1}{f}$
⇒ $\large \frac{1}{-80} - \frac{1}{∞} = \frac{1}{f}$
⇒ $\large \frac{1}{-80} - 0 = \frac{1}{f}$
⇒ $f = -80 cm$
⇒ $f = -0.8 m$
∵ ফ'কাছ দৈৰ্ঘ ঋণাত্মক, গতিকে লেন্ছখন অৱতল প্ৰকৃতিৰ।
আকৌ, লেন্ছখনৰ ক্ষমতা (P) = $\frac{1}{f}$
⇒ P = $\frac{1}{-0.8}$
⇒ P = -1.25 D
7. দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা। দূৰ দৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 m ৷ এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্ছৰ ক্ষমতা কিমান? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 cm ।
Answer:
দূৰ দৃষ্টিগ্ৰস্ততা বা হাইপাৰমেট্ৰপিয়া উপযুক্ত ক্ষমতাৰ উত্তল লেন্ছ ব্যৱহাৰ কৰি সংশোধন কৰিব পাৰি।
দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে ৰশ্মিচিত্ৰ-
দিয়া আছে,
লক্ষ্যবস্তুৰ অৱস্থান (u) = -25 cm
প্ৰতিবিম্বৰ অৱস্থান (v) = -1 m = -100 cm
এতিয়া, লেন্ছৰ সূত্ৰ অনুসৰি,
$\large \frac{1}{v} - \frac{1}{u} = \frac{1}{f}$
⇒ $\large \frac{1}{-100} - \frac{1}{-25} = \frac{1}{f}$
⇒ $\large -\frac{1}{100} + \frac{1}{25} = \frac{1}{f}$
⇒ $\large \frac{1}{f} = \frac{-1 + 4}{100}$
⇒ $\large \frac{1}{f} = \frac{3}{100}$
⇒ $f = \frac{100}{3} $
⇒ $f = 33.3 $ cm
⇒ $f = 0.33 $ m
আকৌ, লেন্ছখনৰ ক্ষমতা (P) = $\frac{1}{f}$
⇒ P = $\frac{1}{0.33}$
⇒ P = 3.0 D
গতিকে, এই বিকাৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্ছখনৰ ক্ষমতা 3 D.
8. সাধাৰণ চকুৱে এটা 25 cmতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়?
Answer: চকুৰ চিলিয়াৰী পেশীয়ে এক নিৰ্দিষ্ট জোখতকৈ অধিক সংকোচন হ'ব নোৱাৰে আৰু চকুৰ লেন্ছৰ বক্ৰতাৰ পৰিমাণ এক নিৰ্দিষ্ট জোখতকৈ আৰু বেছি বক্ৰ কৰিব নোৱাৰে। 25 cm তকৈ ওচৰত ৰখা বস্তুবোৰৰ প্ৰতিবিম্ব গঠন কৰাৰ বাবে চিলিয়াৰী পেশীবোৰে চকুৰ লেন্ছৰ উপযোজন কৰিব নোৱাৰে। সেয়েহে সাধাৰণ চকুৱে 25 cm তকৈ ওচৰত ৰখা বস্তু দেখা নাপায়।
9. চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয় ?
Answer: চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কোনো পৰিবৰ্তন নহয়। কাৰণ চকুৰ লেন্ছৰ চিলিয়াৰী পেশীয়ে চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে পেশীবোৰৰ প্ৰসাৰণ ঘটাই লেন্ছখনৰ ফ'কাছ দৈৰ্ঘ বঢ়ায় আৰু ৰেটিনাত প্ৰতিবিম্ব গঠন কৰাত সহায় কৰে।
10. তৰাই তিৰবিৰাই কিয় ?
Answer: বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে তৰাবোৰে তিৰবিৰাই থাকে। তৰাৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্ৰতিসৰিত হয়। বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটা মাধ্যমটোত প্ৰতিসৰণাংক ক্ৰমান্বয়ে সলনি হৈ থাকে। যিহেতু বায়ুমণ্ডলে তৰাৰ পোহৰ অভিলম্বৰ দিশত বেকাঁ কৰি দিয়ে সেয়েগহে তৰাটোৰ আপাত অৱস্থান, প্ৰকৃত অৱস্থানতকৈ কিছু বেলেগ হয়। ইয়াৰ ফলত তৰাটোৰ পৰা কেতিয়াবা আমাৰ চকুত বেছিকৈ পোহৰ সোমায় আৰু কেতিয়াবা কমকৈ পোহৰ সোমায়। সেইবাবে তৰাটো তিৰবিৰাই থকা যেন লাগে।
11. গ্রহই তিৰবিৰাই নাথাকে কিয় ?
Answer: গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত। প্ৰত্যেকটো গ্ৰহ পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি হিচাপে আমি গণ্য কৰিব পাৰো। যেতিয়া গ্ৰহৰ সকলো বিন্দু উৎসৰ পৰা পোহহৰ আহি আমাৰ চকুত প্ৰৱেশ কৰে তেতিয়া আমাৰ চকুত সোমোৱা পোহৰৰ পৰিবৰ্তনৰ গড়মান শূন্য হয় যাৰ ফলত গ্ৰহবোৰে তিৰবিৰাই নাথাকে।
12. ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয়?
Answer: ৰাতিপুৱাৰ সময়ত সূৰ্যটো আমাৰ পৰা বহু দূৰত অৰ্থাৎ দিগন্তৰ ওচৰ চাপে। সেই সময়ত সূৰ্যৰ পৰা পোহৰৰ কেৱল ৰঙাটোহে আহি আমাৰ চকুত সোমায়। সূৰ্যৰ পৰা অহা বেলেগ বেলেগ পোহৰৰ ভিতৰত ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ বেছি হোৱা বাবে ৰঙা ৰঙটোৰ কোনো বিক্ষেপণ নোহোৱাকৈদ আমাৰ চকুত প্ৰৱেশ কৰে। সেয়েচহে ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখো।
13. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে ক’লা দেখে কিয় ?
Answer: মহাকাশত বায়ুমণ্ডল নাই। সেয়েহে পোহৰৰ বিক্ষেপণ বায়ুমণ্ডলত নঘটে। যাৰ ফলত মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে ক'লা দেখে।
Class 10 Science Chapter 11 অতিৰিক্ত প্ৰশ্নোত্তৰ
1. কৰ্ণিয়া কি? ইয়াৰ কাম উল্লেখ কৰা।
Answer: কৰ্ণিয়া হ'ল চকুৰ একেবাৰে ওপৰিভাগত থকা পাতল স্বচ্ছ আৱৰণ। কৰ্ণিয়া কাম হল - ই এখন খিৰিকীৰ দৰে কাম কৰে যিয়ে চকুত পোহৰৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু কেন্দ্ৰীভূত কৰে।
2. অক্ষিগোলকৰ ব্যাস কিমান?
Answer: অক্ষিগোলকৰ ব্যাস প্ৰায় 2.3 cm ।
3. চকুৰ পতা বা আইৰিছ কি? ইয়াৰ কাম কি?
Answer:
চকুৰ পতা বা আইৰিছ এখন ক'লা পেশীৰ বহল পৰ্দা যিয়ে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে।
ইয়াৰ কাম হল-
(i) আইৰিছে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে।
(ii) আইৰিছে চকুৰ মণিৰ ৰং নিৰ্ধাৰণ কৰে।
4. চকুৰ লেন্ছৰ কাম কি?
Answer: চকুৰ লেন্ছে লক্ষ্যবস্তুৰ বিভিন্ন অৱস্থানৰ পৰা অহা পোহৰ ৰেটিনাত পেলাবলৈ ফ'কাছ দৈৰ্ঘৰ সালসলনি কৰি সূক্ষ্ম সমযোজন কৰে।
5. অক্ষিপট বা ৰেটিনা কি? ইয়াৰ কাম কি?
Answer: চকুৰ পিছফালে থকা পোহৰ সংবেদী কোষেৰে গঠিত পাতল ছালখনকদে অক্ষিপট বা ৰেটিনা বোলে।
ইয়াৰ কাম - ৰেটিনাই প্ৰতিবিম্ব গঠন কৰাত সহায় কৰে।
6. নেত্ৰস্নায়ুৰ কাম কি?
Answer: নেত্ৰস্নায়ুই ৰেটিনাত উৎপন্ন হোৱা বৈদ্যুতিক সংকেতবোৰ মগজুলৈ প্ৰেৰণ কৰে।
7. চকুৰ লেন্ছৰ বক্ৰতা কিহে সলনি কৰিব পাৰে?
Answer: চকুৰ লেন্ছৰ বক্ৰতা চিলিয়াৰী পেশীয়ে সলনি কৰিব পাৰে
8. স্পষ্ট দৃষ্টিৰ নূন্যতম দূৰত্বৰ সংজ্ঞা দিয়া। (চকুৰ নিকট বিন্দুৰ সংজ্ঞা দিয়া।)
Answer:
চকুৰ পৰা যি নূন্যতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কষ্টসাধন নকৰাকৈ দেখা পোৱা যায় তাক স্পষ্ট চকুৰ নূন্যতম দূৰত্ব বুলি কোৱা হয়।
সুস্থ চকুৰ নিকট বিন্দুৰ দূৰত্ব 25 চে.মি.।
9. চকুৰ দূৰ বিন্দুৰ সংজ্ঞা দিয়া। সুস্থ চকুৰ দূৰ বিন্দু ক'ত থাকে?
Answer: চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰবিন্দু বোলে। সুস্থ চকুৰ দূৰ বিন্দু অসীমত থাকে।
10. কেটেৰেক্ট বা ছানি পৰা ৰোগ কাক বোলে?
Answer: কেতিয়াবা বয়সীয়াল মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেন্ছখন দুগ্ধসদৃশ বা অস্পষ্ট হৈ যায়। ইয়াকে কেটেৰেক্ট বা ছানি পৰা ৰোগ বোলে।