SEBA Class 10 Science Chapter 10 Question Answer পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ Assamese Medium

Class 10 Science Chapter 10 পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light - Reflection and Refraction)



এই পোষ্টটোত দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ Chapter 10 পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ Light - Reflection and Refraction) পাঠটোৰ পাঠৰ ভিতৰৰ প্ৰশ্নসমূহ আৰু অনুশীলনীৰ প্ৰশ্নবোৰৰ সমাধান লাভ কৰিব। অন্য পাঠৰ অনুশীলনীবোৰৰ সমাধান পাবলৈ তলত দিয়া লিংকত ক্লিক কৰিব।

প্ৰতিটো পাঠৰ MCQs আৰু সমাধান পাবলৈ ইয়াত ক্লিক কৰিব - MCQs.



দশম শ্ৰেণীৰ বিজ্ঞানৰ পাথ্যপুথিত থকা পাঠসমূহ হ'ল - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations), এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases and Salts), ধাতু আৰু অধাতু (Metals and Non-Metals), কাৰ্বন আৰু তাৰ যৌগ (Carbon and its Compounds), মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন (Periodic Classification of Elements), জীৱন প্ৰক্ৰিয়া (Life processes), নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination), জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? (How do Organisms Reproduce?), বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution), পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light - Reflection and Refraction), মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (Human Eye and Colourful Worlds), বিদ্যুৎ (Electricity), বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া (Magnetic Effects of Electric Current), শক্তিৰ উৎসসমূহ (Sources of Energy), আমাৰ পৰিবেশ (Our Environment), প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources)।


Solutions for Class 10 Science Chapter 10 in Assamese Medium



Class 10 Science Chapter 10 Page No. 168


1. অৱতল দাপোণৰ মুখ্য ফ'কাছৰ সংজ্ঞা দিয়া।

Answer: অৱতল দাপোণ এখনত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা আপতিত ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত যিটো বিন্দুত লগ লাগে সেই বিন্দুটোকে অৱতল দাপোণৰ মুখ্য ফ'কাছ বোলে।


2. গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসার্ধ 20 ছেমি। ইয়াৰ ফ’কাছ দৈর্ঘ্য কিমান?

Answer: দিয়া আছে, গোলাকাৰ দাপোণখনৰ ভাঁজ ব্যাসার্ধ (R) = 20 ছেমি

∴ ফ’কাছ দৈর্ঘ্য (f) = $\large \frac{R}{2}$ = $\large \frac{20}{2}$ = 10 ছেমি


3. এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে।

Answer: অৱতল দাপোণ


4. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয় ?

Answer: গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ পছন্দ কৰা হয়, কাৰণ-

(i) উত্তল দাপোণে লক্ষ্যবস্তুৰ যিকোনো অৱস্থানত অসৎ, থিয় আৰু সৰু প্ৰতিবিম্ব গঠন কৰে।

(ii) উত্তল দাপোণ যিহেতু বাহিৰলৈ বেকা গতিকে ইয়াৰ দৃষ্টিক্ষেত্ৰ বহল।


Class 10 Science Chapter 10 Page No. 171


1. 32 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ ফ'কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা।

Answer: দিয়া আছে, উত্তল দাপোণখনৰ ভাঁজ ব্যাসাৰ্ধ (R) = +32 cm

∴ ফ’কাছ দৈর্ঘ্য (f) = $\large \frac{R}{2}$ = $\large \frac{+32}{2}$ = +16 cm


2. অৱতল দাপোণ এখনে ইয়াৰ সম্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবর্ধিত সং প্রতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি?

Answer: দিয়া আছে, u = -10 cm , m = -3

আমি জানো, $\large \frac{-v}{u} = m $

⇒ $\large \frac{-v}{-10} = -3 $

⇒ v = -30 cm

∴ প্ৰতিবিম্বটো দাপোণৰ সন্মুখত দাপোণৰ পৰা 30 cm দূৰত্বত গঠিত হ'ব।


Class 10 Science Chapter 10 Page No. 176


1. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ’ব? কিয়?

Answer: পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰবেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেকা হ'ব। কাৰণ পানী বাযুতকৈ ঘনতৰ মাধ্যম। পোহৰৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ প্ৰতিসৰিত হ'লে পোহৰৰ ৰশ্মি উলম্ব / অভিলম্বৰ কাষ চাপে।


2. পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ’ব? শূন্যত পোহৰৰ দ্ৰুতি $3 × 10^8$ m প্ৰতি ছেকেণ্ড।

Answer: দিয়া আছে,

কাঁচৰ প্ৰতিসৰণাংক = বায়ুত পোহৰৰ দ্ৰুতি / কাঁচত পোহৰৰ দ্ৰুতি

কাঁচত পোহৰৰ দ্ৰুতি = বায়ুত পোহৰৰ দ্ৰুতি / কাঁচৰ প্ৰতিসৰণাংক

= $\large \frac{3 × 10^8 m/s}{1.5}$

= $2 × 10^8 m/s$


3. তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা। আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নিৰ্ণয় কৰা ৷



Answer: তালিকাৰ পৰা সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো হ'ল হীৰা যাৰ প্ৰতিসৰণাংক হৈছে 2.42।

আনহাতে, আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটো হৈছে বায়ু যাৰ প্ৰতিসৰণাংক হৈছে 1.0003 ।


4. তোমাক কেৰাচিন, টাৰপেনটাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ? তালিকা-10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা।

Answer: পানীৰ প্ৰতিসৰণাংক = 133

কেৰাচিনৰ প্ৰতিসৰণাংক = 1.44

টাৰপেনটাইনৰ প্ৰতিসৰণাংক = 1.47

যিহেতু কম প্ৰতিসৰণাংক বিশিষ্ট মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হয়, গতিকে পানীত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ'ব।


5. হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অৰ্থ কি?

Answer: হীৰাৰ প্ৰতিসৰণাংক 2.42

এই উক্তিটোৰ অৰ্থ হৈছে হীৰাত পোহৰৰ দ্ৰুতি বায়ুত পোহৰৰ দ্ৰুতিতকৈ 2.42 গুণ কম।


Class 10 Science Chapter 10 Page No. 184


1. লেন্ছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।

Answer: 1 মি. ফ'কাছ দৈৰ্ঘৰ লেন্ছ এখনৰ ক্ষমতাকে 1 ডায়’প্টাৰ বোলে।


2. উত্তল লেন্ছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্রতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত গঠন কৰে। যদি প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সম্মুখত ক'ত ৰখা হৈছিল? নিৰ্ণয় কৰা।

Answer: দিয়া আছে,

v = +50 cm

m = -1

u = ?

আমি জানো, $\large m = \frac{v}{u}$

⇒ $\large -1 = \frac{50}{u}$

⇒ -u = 50

⇒ u = - 50 cm

অৰ্থাৎ, লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সম্মুখত আলোক কেন্দ্ৰৰ পৰা 50 cm দূৰত্বত ৰখা হৈছিল।


3. 2 m ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা ।

Answer: দিয়া আছে, ফ’কাছ দৈৰ্ঘ্য (f) = -2 m

আমি জানো, লেন্ছৰ ক্ষমতা (P) = $\large \frac{1}{f}$

⇒ P = $\large \frac{1}{-2}$

⇒ P = -0.5 D


Class 10 Science Chapter 10 অনুশীলনী


1. তলত দিয়া কোনটো পদাৰ্থ লেন্ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ?

(a) পানী $\quad$(b) কাঁচ $\quad$ (c) প্লাষ্টিক $\quad$ (d) মৃত্তিকা (clay)

Answer: (d) মৃত্তিকা (clay)


2. অবতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ'ব লাগিব ?

(a) মুখ্য ফ'কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত

(b) ভাঁজ কেন্দ্ৰত

(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত

(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ'কাছৰ মাজত ৷

Answer: (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ'কাছৰ মাজত ৷


3. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্ছ সম্মুখত কোন স্থানত ৰাখিব লাগিব ?

(a) লেন্ছৰ মুখ্য ফ’কাছত

(b) ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত

(c) অসীমত

(d) লেন্ছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ'কাছৰ মাজত

Answer: (b) ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত


4. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্ছ প্ৰত্যেকৰে ফ'কাচ দৈৰ্ঘ্য – 15 cm। দাপোণ আৰু লেন্ছৰ প্ৰকৃত কেনেকুৱা হ'ব পাৰে?

(a) দুয়োখন অবতল

(b) দুয়োখন উত্তল

(c) দাপোণখন অবতল লেন্ছখন উত্তল

(d) দাপোণখন উত্তল লেন্ছখন অবতল।

Answer: (a) দুয়োখন অবতল


5. দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্রতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ'ব পাৰে।

(a) সমতল

(b) অৱতল

(c) উত্তল (d) হয় সমতল নতুবা উত্তল

Answer: (d) হয় সমতল নতুবা উত্তল


6. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্ছৰ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?

(a) 50 cm ফ'কাছ দৈৰ্ঘাৰ উত্তল লেন্ছ

(b) 5 cm ফ'কাছ দৈৰ্ঘাৰ অবতল লেন্ছ

(c) 5 cm ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ

(d) 5 cm ফ'কাছ দৈৰ্ঘ্যৰ অবতল লেন্ছ

Answer: (c) 5 cm ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ


7. 50 ছেমি ফ'কাছ দৈৰ্ঘ্যৰ অবতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো। দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্রতিবিম্বৰ প্ৰকৃতি কি হ'ব? প্রতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্র আঁকা।

Answer:

দিয়া আছে, অবতল দাপোণখনৰ ফ'কাছ দৈৰ্ঘ্য (f) = -50 cm

অৱতল দাপোণত থিয় প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো ফ'কাছ (F) আৰু মেৰুৰ (P) মাজত ৰাখিব লাগিব। গতিকে দাপোণৰ পৰা লক্ষ্য়বস্তুৰ দুৰত্বৰ পৰিসৰ 50cm তকৈ কম হ'ব লাগিব। প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ। প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব।



৪. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা –

(a) গাড়ীৰ হেডলাইট

Answer: গাড়ীৰ হেডলাইটত অৱতল দাপোণ ব্যৱহাৰ কৰা হয়।


(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ

Answer: গাড়ীৰ পিছলৈ চোৱা দাপোণত উত্তল দাপোণ ব্যৱহাৰ কৰা হয়।


(c) সৌৰ ভাঁতী

Answer: সৌৰ ভাঁতীত অৱতল দাপোণ ব্যৱহাৰ কৰা হয়।


9. উত্তল লেন্ছৰ এখনৰ অৰ্ধাংশ ক'লা কাগজেৰে ঢাকি দিয়া হ'ল। এই লেন্ছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্ৰতিপন্ন কৰা। তোমাৰ পৰ্যবেক্ষণসমূহ বাখ্যা কৰা।

Answer: উত্তল লেন্ছে কোনো বস্তুৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰে, যদিও ইয়াৰ এটা অৰ্ধাংশ ক’লা কাগজেৰে ঢাকি দিয়া হয়। তলত দিয়া চিত্ৰ দুটাৰে ইয়াৰ সঠিক ব্যাখ্যা কৰিব পাৰি।





10. 5 cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফ'কাছ দৈৰ্ঘ্যৰ অভিসাৰী লেন্ছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ'ল। ইয়াৰ ৰশ্মিচিত্র আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্রকৃতি নির্ণয় কৰা।

Answer: দিয়া আছে ,

লক্ষ্যবস্তুৰ উচ্চতা (h) = 5 cm

লক্ষ্যবস্তুৰ দূৰত্ব (u) = -25 cm

ফ'কাছ দৈৰ্ঘ্য (f) = +10 cm

লেন্ছৰ সূত্ৰ অনুসৰি,

$\large \frac{1}{v} - \frac{1}{u} = \frac{1}{f}$

⇒ $\large \frac{1}{v} - \frac{1}{(-25)} = \frac{1}{10}$

⇒ $\large \frac{1}{v} + \frac{1}{25} = \frac{1}{10}$

⇒ $\large \frac{1}{v} = \frac{1}{10} - \frac{1}{25}$

⇒ $\large \frac{1}{v} = \frac{5 - 2}{50}$

⇒ $\large \frac{1}{v} = \frac{3}{50}$

⇒ $\large v = \frac{50}{3}$

⇒ v = 16.67 cm

আকৌ,

$\large \frac{h'}{h} = \frac{v}{u}$

⇒ $\large h' = \frac{v × h}{u}$

⇒ $\large h' = \frac{16.67 × 5}{-25}$

⇒ $\large h' = - \frac{16.67}{5}$

⇒ $h' = -3.33$ cm

∴ প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা। প্ৰতিবিম্বৰ আকাৰ 3.33 চে.মি.




11. 15 cm ফ'কাছ দৈৰ্ঘৰ অৱতল লেন্ছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেন্ছৰ পৰা কিমান দূৰত্বত আছে? ৰশ্মিচিত্র আঁকা।


Answer: দিয়া আছে,

ফ'কাছ দৈৰ্ঘ (f) = -15 cm

প্ৰতিবিম্বৰ দূৰত্ব (v) = -10 cm

লক্ষ্যবস্তুৰ দূৰত্ব (u) = ?

লেন্ছৰ সূত্ৰ ব্য়ৱহাৰ কৰি,

$\large \frac{1}{v} - \frac{1}{u} = \frac{1}{f}$

⇒ $\large -\frac{1}{10} - \frac{1}{u} = -\frac{1}{15}$

⇒ $\large -\frac{1}{10} + \frac{1}{15} = \frac{1}{u}$

⇒ $\large \frac{-3+2}{30} = \frac{1}{u}$

⇒ $\large \frac{-1}{30} = \frac{1}{u}$

⇒ $u = -30$ cm




12. 15 cm ফ'কাছ দৈৰ্ঘৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্বত বস্তু এটা ৰখা হ'ল। প্ৰতিবিম্বৰ অৱস্থান আৰু প্রকৃতি নির্ণয় কৰা।

Answer: দিয়া আছে,

ফ'কাছ দৈৰ্ঘ (f) = +15 cm

লক্ষ্যবস্তুৰ দূৰত্ব (u) = -10 cm

দাপোনৰ সূত্ৰ ব্য়ৱহাৰ কৰি,

$\large \frac{1}{v} + \frac{1}{u} = \frac{1}{f}$

⇒ $\large \frac{1}{v} + (\frac{1}{-10}) = \frac{1}{15}$

⇒ $\large \frac{1}{v} = \frac{1}{15} + \frac{1}{10}$

⇒ $\large \frac{1}{v} = \frac{2+3}{30}$

⇒ $\large \frac{1}{v} = \frac{5}{30}$

⇒ $\large v = \frac{30}{5}$

⇒ $v = 6$ cm

∴ প্ৰতিবিম্বৰ অৱস্থান দাপোণৰ পিছফালে 6 cm দুৰত্বত থাকিব। প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় হ'ব।


13. সমতল দাপোণ +1 বিবর্তন দিয়ে। ইয়াৰ অর্থ কি?


Answer: দিয়া আছে,

বিবৰ্ধন (m) = +1

⇒ $\large \frac{-v}{u} = \frac{h'}{h} = 1$

⇒ $\large \frac{-v}{u} = 1$

⇒ $u = -v$

আকৌ, $\large \frac{h'}{h} = 1$

⇒ $h = h'$

অৰ্থাৎ, সমতল দাপোণ +1 বিবর্তন দিয়ে। ইয়াৰ অর্থ এয়ে যে লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান। লগতে লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান। তদুপৰি প্ৰতিবিম্বটো অসৎ আৰু থিয় প্ৰকৃতিৰ।


14. 30 cm ভাঁজ ব্যাসার্ধৰ উত্তল দাপোণ এখনৰ সন্মুখত 20 cm দূৰত্বত 5 ছেমি দৈৰ্ঘৰ বস্তু এটা ৰখা হ'ল। প্ৰতিবিম্বৰ অবস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা।

Answer:

দিয়া আছে, উত্তল দাপোণখনৰ-

ভাঁজ ব্যাসার্ধ (R) = 30 cm

$\therefore$ ফ'কাছ দৈৰ্ঘ (f) = $\large \frac{R}{2}$

⇒ f = $\large \frac{30}{2}$

⇒ f = 15 cm

লক্ষ্যবস্তুৰ দূৰত্ব (u) = -20 cm

লক্ষ্যবস্তুৰ উচ্চতা (h) = 5 cm

দাপোনৰ সূত্ৰ ব্য়ৱহাৰ কৰি

⇒ $\large \frac{1}{v} + \frac{1}{u} =\frac{1}{f}$

⇒ $\large \frac{1}{v} + (-\frac{1}{20}) = \frac{1}{15}$

⇒ $\large \frac{1}{v} = \frac{1}{15} + \frac{1}{20}$

⇒ $\large \frac{1}{v} = \frac{4+3}{60}$

⇒ $\large \frac{1}{v} = \frac{7}{60}$

⇒ $\large v =\frac{60}{7}$

⇒ $v = 8.58cm$

$\therefore$ প্ৰতিবিম্বৰ অৱস্থান দাপোণৰ পিছফালে দাপোণৰ পৰা 8.58 cm দূৰত্বত অৱস্থিত।

আকৌ, $\large m = \frac{h'}{h} = - \frac{v}{u}$

⇒ $\large h' = - \frac{v × h}{u}$

⇒ $\large h' = - \frac{8.58 × 5}{-20}$

⇒ $\large h' = \frac{42.9}{20}$

⇒ $h' = 2.15$ cm

∴ প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় আৰু প্ৰতিবিম্বৰ আকাৰ হব 2.15 cm


15. 18 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সম্মুখত 27 cm দূৰত্বত 7 cm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণ খনৰ পৰা কিমান দূৰত্বত পর্দা এখন ৰাখিলে তাৰ স্পষ্টকৈ গঠন হোৱা প্রতিবিম্ব এটা পোৱা যাব। প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।


Answer:দিয়া আছে, অৱতল দাপোণ এখনৰ-

ফ'কাছ দৈৰ্ঘ্য (f) = -18 cm

লক্ষ্যবস্তুৰ দূৰত্ব (u) = -27 cm

লক্ষ্যবস্তুৰ আকাৰ (h) = 7 cm

দাপোণৰ সূত্ৰ অনুসৰি,

$\large \frac{1}{v} + \frac{1}{u} = \frac{1}{f}$

$\large \frac{1}{v} + \frac{1}{-27} = \frac{1}{-18}$

$\large \frac{1}{v} = \frac{1}{-18} + \frac{1}{27}$

$\large \frac{1}{v} = \frac{-3 + 2}{54}$

$\large \frac{1}{v} = \frac{-1}{54}$

$v = -54$ cm

অৰ্থাৎ, দাপোণ খনৰ পৰা লক্ষ্যবস্তুৰ দিশত -54 cm দূৰত্বত পর্দা এখন ৰাখিলে তাৰ স্পষ্টকৈ গঠন হোৱা প্রতিবিম্ব এটা পোৱা যাব।

আকৌ,

$\large \frac{h'}{h} = - \frac{v}{u}$

⇒ $\large h' = - \frac{v × h}{u}$

⇒ $\large h' = - \frac{-54 × 7}{-27}$

⇒ h' = -2 × 7

⇒ h' = -14 cm

∴ প্ৰতিবিম্বৰ উচ্চতা 14 cm আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হৈছে ই সৎ আৰু ওলোটা।


16. -2.0 D ক্ষমতাৰ লেন্ছৰ এখনৰ ফ'কাছ দৈৰ্ঘ্য কিমান? লেন্ছ খনৰ প্রকৃতি কেনেকুৱা?


Answer:দিয়া আছে,

লেন্ছ খনৰ ক্ষমতা (P) = -2.0 D

ফ'কাছ দৈৰ্ঘ্য (f) = ?

আমি জানো,

P = $\large \frac{1}{f}$

⇒ f = $\large \frac{1}{P}$

⇒ f = $\large \frac{1}{-2}$

⇒ f = -0.5 m

যিহেতু লেন্ছখনৰ ফ'কাছ দৈৰ্ঘ ঋণাত্মক, গতিকে লেন্ছ খনৰ প্ৰকৃতি অৱতল।


17. ডাক্তৰে এজনে বিধান দিয়া সংশোধনীমূলক লেন্ছৰ ক্ষমতা +1.5 D। লেন্ছখনৰ ফ'কাছ দৈৰ্ঘ্য নির্ণয় কৰা। এই লেন্ছখন অভিসাৰী নে অপসাৰী ?


Answer:দিয়া আছে,

লেন্ছ খনৰ ক্ষমতা (P) = +1.5 D

লেন্ছখনৰ ফ'কাছ দৈৰ্ঘ্য (f) = ?

আমি জানো,

P = $\large \frac{1}{f}$

⇒ f = $\large \frac{1}{1.5}$

⇒ f = $\large \frac{10}{15}$

⇒ f = 0.67 m

∴ লেন্ছখনৰ ফ'কাছ দৈৰ্ঘ ধনাত্মক, গতিকে লেন্ছখন উত্তল অৰ্থাৎ অভিসাৰী।


Class 10 Science Chapter 10 অতিৰিক্ত প্ৰশ্ন


1. পোহৰ কি?

Answer: পোহৰ হ'ল এবিধ শক্তি।


2. অপবৰ্তন কাক বোলে?

Answer: পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটা থলে পোহৰ ৰশ্মি কিছু বেকা হৈ কাষেৰে গতি কৰে। ইয়াকে পোহৰৰ অপবৰ্তন বোলে।


3. পোহৰৰ প্ৰতিফলনৰ সংজ্ঞা লিখা। প্ৰতিফলনৰ সূত্ৰ দুটা লিখা।

Answer: কোনো উৎসৰ পৰা নিৰ্গত পোহৰ এটা মাধ্য়মৰ মাজেৰে আহি প্ৰতিফলকত পৰি পুনৰ আগৰ মাধ্য়মলৈ উভতি যোৱা পৰিঘটনাটোকে পোহৰৰ প্ৰতিফলন বোলে।

প্ৰতিফলনৰ সূত্ৰ দুটা হৈছে-

i) আপতন কোণ আৰু প্ৰতিফলন কোণ সমান।

ii) আপতিত ৰশ্মি, আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলতে থাকে।


4. সমতল দাপোণে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা?

Answer: সমতল দাপোণে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ, থিয় আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ।


5. অৱতল দাপোণৰ ব্যৱহাৰ লিখা।

Answer: কেইটামান অৱতল দাপোণৰ ব্যৱহাৰ-

i) সমান্তৰাল কিৰণ উপলব্ধ কৰাবলৈ টৰ্চ, চাৰ্জলাইট আৰু গাড়ীৰ হেডলাইটত অৱতল দাপোণ ব্যৱহাৰ কৰা হয়।

ii) দাড়ি খুৰোৱাৰ বাবে অৱতল দাপোণ ব্যৱহাৰ কৰা হয়।

iii) দন্ত চিকিৎসক সকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ চাবলৈ অৱতল দাপোণ ব্যৱহাৰ কৰে।

iv) সৌৰ ভাঁতীত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অৱতল দাপোণ ব্যৱহাৰ কৰা হয়।


6. গোলাকাৰ দাপোণৰ সূত্ৰটো লিখা।

Answer: গোলাকাৰ দাপোণৰ সূত্ৰটো হৈছে-

$\large \frac{1}{v} + \frac{1}{u} = \frac{1}{f}$

য'ত, v = প্ৰতিবিম্বৰ দূৰত্ব

u = লক্ষ্যবস্তুৰ দূৰত্ব

f = ফ'কাছ দৈৰ্ঘ


7. বিবৰ্ধনৰ চিহ্নই কিদৰে প্ৰতিবিম্বৰ প্ৰকৃতি নিৰ্ণয় কৰাত সহায় কৰে?

Answer: বিবৰ্ধনৰ চিহ্ন ধনাত্মক (+ve) হ'লে প্ৰতিবিম্বটো অসৎ আৰু থিয় হয়। আনহাতে, বিবৰ্ধনৰ চিহ্ন ঋণাত্মক (-ve) হ'লে প্ৰতিবিম্বটো সৎ আৰু ওলোটা হয়।


8. বিবৰ্ধনৰ সংজ্ঞা দিয়া।

Answer: গোলাকাৰ দাপোণে বা লেন্ছে উৎপন্ন কৰা প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ আকাৰৰ সাপেক্ষে কিমান গুণে ডাঙৰ বা সৰু তাৰ জোখকে বিবৰ্ধন বোলে। ইয়াক প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ অনুপাতেৰেও প্ৰকাশ কৰা হয়।


9. প্ৰতিসৰণাংকৰ সংজ্ঞা লিখা।

Answer: পোহৰৰ ৰশ্মি এটা 1 নং মাধ্য়মৰ পৰা 2 নং মাধ্যমলৈ প্ৰৱেশ কৰিলে 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি আৰু 2 নং মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতৰ মানকে প্ৰতিসৰণাংক বোলে।


10. আলোকীভাৱে ঘনতৰ আৰু আলোকীভাৱে লঘুতৰ মাধ্যমৰ সংজ্ঞা লিখা। উদাহৰণ দিয়া।

Answer: দুটা মাধ্যমৰ তুলনা কৰিলে যিটো মাধ্যমৰ প্ৰতিসৰণাংক বেছি পোৱা যায় সেই মাধ্যমটো আলোকীভাৱে ঘনতৰ আৰু যিটো মাধ্যমৰ প্ৰতিসৰণাংক কম পোৱা যায় সেই মাধ্যমটো আলোকীভাৱে লঘুতৰ মাধ্যম বুলি কোৱা হয়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

#buttons=(Accept !) #days=(30)

Our website uses cookies to enhance your experience. Learn More
Accept !