Class 10 Science Chapter 3 Metals and Non-Metals Question Answer
এই পোষ্টটোত দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ Chapter 3 ধাতু আৰু অধাতু পাঠটোৰ পাঠৰ ভিতৰৰ প্ৰশ্নসমূহ আৰু অনুশীলনীৰ প্ৰশ্নবোৰৰ সমাধান লাভ কৰিব। অন্য পাঠৰ অনুশীলনীবোৰৰ সমাধান পাবলৈ তলত দিয়া লিংকত ক্লিক কৰিব।
প্ৰতিটো পাঠৰ MCQs আৰু সমাধান পাবলৈ ইয়াত ক্লিক কৰিব - MCQs.
দশম শ্ৰেণীৰ বিজ্ঞানৰ পাথ্যপুথিত থকা পাঠসমূহ হ'ল - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations), এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases and Salts), ধাতু আৰু অধাতু (Metals and Non-Metals), কাৰ্বন আৰু তাৰ যৌগ (Carbon and its Compounds), মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন (Periodic Classification of Elements), জীৱন প্ৰক্ৰিয়া (Life processes), নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination), জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? (How do Organisms Reproduce?), বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution), পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light - Reflection and Refraction), মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (Human Eye and Colourful Worlds), বিদ্যুৎ (Electricity), বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া (Magnetic Effects of Electric Current), শক্তিৰ উৎসসমূহ (Sources of Energy), আমাৰ পৰিবেশ (Our Environment), প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources)।
Solutions for Class 10 Science Chapter 3 in Assamese Medium
- Class 10 Science Chapter 3 Page No. 40
- Class 10 Science Chapter 3 Page No. 46
- Class 10 Science Chapter 3 Page No. 49
- Class 10 Science Chapter 3 Page No. 53
- Class 10 Science Chapter 3 Page No. 55
- Class 10 Science Chapter 3 অনুশীলনী
- Class 10 Science Chapter 3 অতিৰিক্ত প্ৰশ্ন
Class 10 Science Chapter 3 Page No. 40
1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু
(i) সাধাৰণ উষ্ণতাত (room temperature) জুলীয়া ৷
(ii) কটাৰীৰে সহজে কাটিব পাৰি।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।
(iv) তাপৰ কম পৰিবাহী।
Answer:
(i) সাধাৰণ উষ্ণতাত জুলীয়া ধাতু - পাৰা (Mercury - Hg)
(ii) কটাৰীৰে সহজে কাটিব পৰা ধাতু - ছডিয়াম (Na)
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু - কপাৰ (Cu)
(iv) তাপৰ কম পৰিবাহী ধাতু - পাৰা (Hg)
2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা ।
Answer:
ধাতুৰ ঘাত সহনীয়তা :- কিছুমান ধাতু মৰিয়াই পাতল পাত এটা বনাব পাৰি। এই ধৰ্মকে ধাতু ঘাত সহনীয়তা বোলে।
ধাতুৰ নমনীয়তা :- ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিবৰ্তন কৰিব পৰা গুণকে ধাতুৰ নমনীয়তা গুণ বোলে।
Class 10 Science Chapter 3 Page No. 46
1. ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয়?
Answer: ছডিয়াম ধাতু মুক্তভাৱে থৈ দিলে বায়ুৰ অক্সিজেনৰ সংস্পৰ্শলৈ আহি জ্বলি উঠে। তদুপৰি ছডিয়াম ধাতু আৰ্দ্ৰ জলবায়ুৰ পানীৰ কণিকা আৰু পানীৰ লগত বিক্ৰিয়া কৰি জ্বলি উঠে। সেয়েহে এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ ছডিয়াম ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয়।
2. তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা—
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্ৰিয়া ৷
(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া।
Answer:
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্ৰিয়া -
3Fe (s) + 4H$_2$O (g) ⟶ Fe$_3$O$_4$ (s) + 4H$_2$ (g)
(ii) পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়া-
Ca (s) + 2H$_2$O (l) ⟶ Ca(OH)$_2$ (aq) + H$_2$ (g)
পানীৰ লগত পটাছিয়ামৰ বিক্ৰিয়া-
2K (s) + 2H$_2$O (l) ⟶ 2KOH (aq) + H$_2$ (g) + তাপ
3. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।
ধাতু | আইৰন (II) ছালফেট | কপাৰ (II) ছালফেট | জিংক ছালফেট | ছিলভাৰ নাইট্ৰেট |
A | বিক্ৰিয়া নহয় | প্ৰতিস্থাপন | ||
B | প্ৰতিস্থাপন | বিক্ৰিয়া নহয় | ||
C | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | প্ৰতিস্থাপন |
D | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় |
ওপৰৰ তালিকা ব্যৱহাৰ কৰি A B C D ধাতু সম্বন্ধে তলৰ প্রশ্নবিলাকৰ উত্তৰ দিয়া ৷
(i) আটাইতকৈ সক্রিয় ধাতু কোনটো ?
(ii) কপাৰ (II) ছালফেট লৱণত B ধাতু দিলে কি হ'ব?
(iii) A B C D ধাতুক সক্ৰিয়তাৰ নিম্নক্ৰমত সজোৱা।
Answer:
(i) B আটাইতকৈ সক্রিয় ধাতু।
(ii) কপাৰ (II) ছালফেট লৱণত B ধাতু দিলে প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত হ'ব যাৰ বাবে কপাৰ (II) ছালফেট দ্ৰৱৰ নীলা ৰং ম্লান পৰিব আৰু ৰঙচুৱা মুগা বৰণৰ কপাৰ ধাতুটোৰ ওপৰত জমা হ'ব।
(iii) A, B, C, D, ধাতুক সক্ৰিয়তাৰ নিম্নক্ৰমত সজালে হ'ব-
B > A > C > D
4. লঘু হাইড্ৰ'ক্ল'ৰিক এছিডত (HCI) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয় ? আইৰনে লঘু H₂SO₄ ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা ৷
Answer: লঘু হাইড্ৰক্লৰিক এছিডত (HCl) এটা সক্ৰিয় ধাতু দিলে লৱণ আৰু H$_2$ উৎপন্ন হয়।
আইৰনে লঘু H$_2$SO$_4$ ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণটো হ'ল-
Fe (s) + H$_2$SO$_4$ (sq) ⟶ FeSO$_4$ (aq) + H$_2$ (g)
5. আইৰন (II) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্ৰিয়াটো লিখা ।
Answer:
আইৰন ছালফেট দ্ৰৱণত যিংক ধাতু দিলে যিংক ছালফেট আৰু আইৰণ উৎপন্ন হ'ব। দ্ৰৱণটো বৰণহীন হ'ব।
FeSO$_4$ (aq) + Zn (s) ⟶ ZnSO$_4$ (aq) + Fe (s)
Class 10 Science Chapter 3 Page No. 49
1. (i) ছ’ডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন (electron dot structure) লিখা।
Answer:
ছ’ডিয়ামৰ ইলেক্ট্রন বিন্দু গঠন-
অক্সিজেনৰ ইলেক্ট্রন বিন্দু গঠন-
মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন-
(ii) ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে Na₂O আৰু MgO ৰ গঠন লিখা।
Answer:
ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে Na₂O ৰ গঠন
Na ৰ পাৰমাণৱিক সংখ্যা = 11
Na ৰ ইলেক্ট্ৰনীয় বিন্যাস = 2.8.1
Na এ ওচৰৰ সম্ভ্ৰান্ত গেছ Ne ৰ সজ্জা লাভ কৰিবলৈ এটা ইলেক্ট্ৰন ত্যাগ কৰি Na⁺ আয়ন গঠন কৰিব।
Na ⟶ Na⁺ + e⁻
আকৌ, O ৰ পাৰমাণৱিক সংখ্যা = 8
O ৰ ইলেক্ট্ৰনীয় বিন্যাস = 2.6
O এ ওচৰৰ সম্ভ্ৰান্ত গেছ Ne ৰ সজ্জা লাভ কৰিবলৈ 2টা ইলেক্ট্ৰন গ্ৰহণ কৰি O²⁻ আয়ন গঠন কৰিব।
O + 2 e⁻ ⟶ O²⁻
যিহেতু Na পৰমাণুই 1 টা ইলেক্ট্ৰন ত্যাগ কৰে গতিকে O পৰমাণুই 2 টা ইলেক্ট্ৰন গ্ৰহণ কৰিবলৈ দুটা ছডিয়াম পৰমাণুৰ প্ৰয়োজন হ'ব। Na⁺ আৰু O²⁻ আয়ন দুটা পৰস্পৰ বিপৰীতধৰ্মী হোৱা বাবে ইহঁত দুটাৰ মাজত তীব্ৰ বিদ্যুৎস্থিতীয় আকৰ্ষণী বল সৃষ্টি হৈ Na₂O অণু গঠন কৰিব।
ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে MgO ৰ গঠন
Mg ৰ পাৰমাণৱিক সংখ্যা = 12
Mg ৰ ইলেক্ট্ৰনীয় বিন্যাস = 2.8.2
Mg এ ওচৰৰ সম্ভ্ৰান্ত গেছ Ne ৰ সজ্জা লাভ কৰিবলৈ দুটা ইলেক্ট্ৰন ত্যাগ কৰি Mg²⁺ আয়ন গঠন কৰিব।
Mg ⟶ Mg²⁺ + 2e⁻
আকৌ, O ৰ পাৰমাণৱিক সংখ্যা = 8
O ৰ ইলেক্ট্ৰনীয় বিন্যাস = 2.6
O মৌলই ওচৰৰ সম্ভ্ৰান্ত গেছ Ne ৰ সজ্জা লাভ কৰিবলৈ 2টা ইলেক্ট্ৰন গ্ৰহণ কৰি O²⁻ আয়ন গঠন কৰিব।
O + 2 e⁻ ⟶ O²⁻
যিহেতু Mg²⁺ আৰু O²⁻ আয়ন দুটা পৰস্পৰ বিপৰীতধৰ্মী হোৱা বাবে ইহঁত দুটাৰ মাজত তীব্ৰ বিদ্যুৎস্থিতীয় আকৰ্ষণী বল সৃষ্টি হৈ MgO যৌগ গঠন কৰিব।
(iii) এই যৌগটোত থকা আয়নসমূহ কি কি?
Answer:
Na₂O যৌগত থকা আয়নসমূহ Na⁺ আৰু O²⁻
MgO যৌগটোত থকা আয়নসমূহ Mg²⁺ আৰু O²⁻
2. আয়নীয় যৌগৰ গলনাংক কিয় বেছি?
Answer:
আয়নীয় যৌগবোৰৰ আয়ন বিলাকৰ মাজত থকা আন্তঃ আয়নীয় বিদ্যুৎস্থিতীয় আকৰ্ষণ বল অতি প্ৰবল। এই আকৰ্ষণী বল ভাঙি আয়নবোৰ পৃথক কৰিবলৈ ভালেখিনি তাপশক্তিৰ প্ৰয়োজন। সেয়েহে আয়নীয় যৌগবোৰৰ গলনাংক অতি বেছি।
Class 10 Science Chapter 3 Page No. 53
1. তলত দিয়াবোৰৰ সংজ্ঞা লিখা।
(i) মণিক (mineral)
Answer: পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূৃ-ত্বকত পোৱা পদাৰ্থবোৰক খনিজ পদাৰ্থ বা মণিক বুলি কোৱা হয়।
(ii) আকৰ (ore)
Answer: কিছুমান খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পাৰি। এই ধৰণৰ খনিজ পদাৰ্থবিধক ধাতুটোৰ আকৰিক বা আকৰ বুলি কোৱা হয়।
(iii) খনিজ মল (gangue)
Answer: খনিৰ পৰা আহৰণ কৰা সময়ত আকৰৰ লগত বহুতো অশুদ্ধি যেনে মাটি, বালি আদি মিহলি হৈ থাকে। এই অশুদ্ধি বা অপদ্ৰৱ্যবোৰক খনিজমল বোলে।
2. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা ৷
Answer: প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম হৈছে সোণ আৰু ৰূপ।
3. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয় ?
Answer: অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়।
Class 10 Science Chapter 3 Page No. 55
1. যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হ'ল ৷
ধাতু | যিংক | মেগনেছিয়াম | কপাৰ |
যিংক অক্সাইড | |||
মেগনেছিয়াম অক্সাইড | |||
কপাৰ অক্সাইড |
কোনবিলাক ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব?
Answer:
ধাতু | যিংক | মেগনেছিয়াম | কপাৰ |
যিংক অক্সাইড | নঘটে | ঘটে | নঘটে |
মেগনেছিয়াম অক্সাইড | নঘটে | নঘটে | নঘটে |
কপাৰ অক্সাইড | নঘটে | ঘটে | নঘটে |
2. কোনবোৰ ধাতু সহজে ক্ষয় হয়?
Answer: যিবোৰ ধাতুৱে পানীৰ লগত সহজে বিক্ৰিয়া নকৰে যেনে সোণ, ৰূপ, প্লেটিনাম, কপাৰ আদি ধাতুবোৰ সহজে ক্ষয় নহয়।
3. সংকৰ ধাতু কি?
Answer: সংকৰ ধাতু হ'ল দুটা বা ততোধিক নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণ।
Class 10 Science Chapter 3 অনুশীলনী
1. তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্রিয়া ঘটিব?
(a) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু ।
(b) MgCl$_2$, ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।
(c) FeSO$_4$ ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু।
(d) AgNo$_3$, ৰ দ্ৰৱ আৰু কপাৰ ধাতু ।
Answer: (d) AgNo$_3$ ৰ দ্ৰৱ আৰু কপাৰ ধাতু ।
2. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব?
(a) গ্রীজ ব্যৱহাৰ কৰি
(b) ৰং ব্যৱহাৰ কৰি
(c) যিংকৰ প্ৰলেপ দি
(d) ওপৰৰ সকলো
Answer: (c) যিংকৰ প্ৰলেপ দি
3. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়।
সম্ভৱপৰ মৌলটো
(a) কেলছিয়াম
(b) কার্বন
(c) ছিলিকন
(d) আইৰন
Answer: (a) কেলছিয়াম
4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; যিংকৰ নহয়। কিয়নো—
(a) টিনতকৈ যিংক দামী।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি।
(c) যিংক টিনতকৈ অধিক সক্রিয়।
(d) যিংক টিনতকৈ কম সক্রিয়।
Answer: (c) যিংক টিনতকৈ অধিক সক্রিয়।
5. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ'ল।
(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা ?
(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা।
Answer: (a) হাতুৰীৰে কোবালে যিবোৰে ৰিং ৰিং , টং টং শব্দ কৰিব সেই বস্তুবোৰে ধাতু হ'ব আৰু যিবোৰে তেনেকুৱা শব্দ উৎপন্ন নকৰে তেনে বস্তুবোৰ অধাতু হ'ব।
আকৌ ৰ্বতনীটোৰ দুই প্ৰান্তৰ লগত বস্তুবোৰ সংযোগ কৰিলে যদি ছুইচ দিয়া হয় তেন্তে বস্তুটোৰ স্পৰ্শ কৰিলে যদি গৰম অনুভৱ হয় তেন্তে বস্তুটো ধাতু হ'ব আৰু যদি বস্তেটো গৰম অনুভৱ নহয় তেন্তে অধাতু হ'ব।
(b) হাতুৰীৰে কোবাই ধাতু অধাতু চিনাক্ত কৰাতকৈ বৰ্তনীৰ লগত বস্তুবোৰ সংযোগ কৰি ধাতু বা অধাতু চিনাক্ত কৰাটো বেছি উপযোগী। যিংকৰ দৰে ধাতুবোৰ হাতুৰীৰে কোবোলেও চেপেটা নহয়। আকৌ গ্ৰফাইট অধাতু যদিও পিটিলে চেপেটা হৈ পাতল পাতলৈ পৰিৱৰ্তন হয় আৰু অধাতুবোৰ ভংগুৰ হয়।
6. উভধর্মী অক্সাইড কাক বোলে? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া।
Answer: কিছুমান ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। এনে ধাতৱ অক্সাইড সমূহকে উভধৰ্মী অক্সাইড বোলে। যেনে- অলুমিনিয়াম অক্সাইড, জিংক অক্সাইড আদি।
Al$_2$O$_3$ + 6HCl ⟶ 2AlCl$_3$ + 3H$_2$O
Al$_2$O$_3$ + 2NaOH ⟶ 2NaAlO$_2$ + H$_2$O
7. দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্ৰ'জেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।
Answer: (a) লঘু এছিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰা দুটা ধাতুৰ নাম হ'ল - ছদিয়াম, পটেছিয়াম ।
(b) লঘু এছিডৰ পৰা $H_2$ অপসাৰণ নকৰা দুটা ধাতুৰ নাম হ'ল - মাৰকিউৰি, সোণ আৰু ৰূপ ।
8. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন’ড, কেথ'ড আৰু বিদ্যুৎবিশ্লেষ্য কি ল'ব লাগিব ?
Answer: M ধাতুৰ বৈদ্যতিক শোধনৰ বেলিকা এনড হিছাপে M ধাতুৰ অশুদ্ধ পাত, কেথড হিছাপে M ধাতুৰ বিশুদ্ধপাত আৰু বিদ্যুৎ বিশ্লেষ্য হিছাপে M ধাতুৰ লৱন ল'ব লাগিব।
9. প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুৱা ধৰণে এটা পৰীক্ষানলী ওভোটাকৈ ধৰি সংগ্ৰহ কৰিলে।
(a) (i) শুষ্ক লিটমাচ কাগজৰ লগত
(ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্রিয়া কেনে হ'ব?
(b) ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।
Answer: যেতিয়া ছালফাৰৰ গুড়ি উত্তাপিত কৰা হয় তেতিয়া SO$_2$ গেছ উৎপন্ন হয়।
(a) (i) শুষ্ক লিটমাছ কাগজৰ লগত SO$_2$ য়ে কোনো ধৰণৰ বিক্ৰিয়া নেদেখুৱায়।
(ii) সিক্ত লিটমাছ কাগজৰ লগত $SO_2$ য়ে বিক্ৰিয়া কৰি সিক্ত লিটমাছ কাগজৰ নীলা ৰং ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে। ছালফাৰ ডাই অক্সাইড ছালফিউৰাছ এছিডলৈ পৰিৱৰ্তন হ'ৱ।
(b) (i) S (s) + O$_2$ (g) → SO$_2$ (g)
(ii) SO$_2$ + H$_2$O → H$_2$SO$_3$
10. লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা ।
Answer: লোত মামৰ ধৰা ৰোধ কৰিবলৈ ৰং কৰা, তেল সনা, গ্ৰীজ সনা, দস্তালেপন, ক্ৰম'প্লেটিং, এন'ডকৰণ নাইবা সংকৰ ধাতু তৈয়াৰ কৰা পদ্ধতি আদি প্ৰয়োগ কৰা হয়।
11. অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে?
Answer: অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে অধাতবীয় অক্সাইড উৎপন্ন কৰে এই অক্সাইদবোৰ আম্লিক প্ৰকৃতিৰ হ'ব।
12. কাৰণ দর্শোৱা
(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ'ল্ড
আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।
(b) ছ'ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।
(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা
হয়।
Answer:
(i) প্লেটিনাম, গল্ড আৰু ছিলভাৰৰ চিকমিকনি আৰু উজ্জ্বলতা বেছি।
(ii) এইবোৰ ধাতুই পানী, O$_2$, এছিড আদিৰ লগত বিক্ৰিয়া নকৰে যাৰ ফলত ক্ষয়ীভৱনৰ মাত্ৰা কম।
(iii) এনে ধাতুবোৰৰ নমনীয়তা গুণ বেছি আৰু বিভিন্ন আকৃতি প্ৰদান কৰিব পাৰি । এনে ধাতুবোৰ ঘাতসহনশীল।
13. চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী (tamarind) ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে ? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে?
Answer: চেকা লগা কপাৰৰ পাত্ৰত কপাৰ কাৰ্বনেটৰ এটা তৰপ সৃষ্টি হয় যিটো ক্ষাৰকীয় প্ৰকৃতিৰ । তেতেলী বা নেমুত থকা এছিডে এই তৰপটোৰ প্ৰকৃতি নাশ কৰি তৰপটো পাত্ৰৰ পৰা গুচাই দিয়ে আৰু পাত্ৰটো উজ্বল, চিকমিকনি হৈ আগৰ অৱস্থা ঘুৰাই পায়। সেয়েহে চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা হয়।
14. ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা?
Answer: (i) ধাতুৱে ইলেক্ট্ৰন ত্যাগ কৰি কেটায়ন উৎপন্ন কৰে । অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰি এনায়ন উৎপন্ন কৰে।
(ii) ধাতুৱে অক্সিজেনৰ বিক্ৰিয়া কৰি ধাতৱীয় অক্সাইড উৎপন্ন কৰে । যিবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ। অধাতুৱে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি অধাতবীয় অক্সাইড উৎপন্ন কৰে। যিবোৰ আম্লিক প্ৰকৃতিৰ।
(iii) ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্ৰ'জেন গেছ উৎপন্ন কৰে। অধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে।
(iv) ধাতুৰ অক্সাইডে ৰঙা লিটমাছ কাগজ নীলা কৰে। অধাতুৰ অক্সাইডে নীলা লিটমাছ কাগজৰ ৰং ৰঙা কৰে।
15. এজন ভণ্ড মানুহ স্বর্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল। তেওঁ ম্লান পৰি যোৱা অলঙ্কাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল। মানুহজনে খাৰুযোৰ এটা বিশেষ স্থাৱকত ডুবাই ধৰিছিল। খাৰুযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল; পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলাগৰাকী অপ্ৰস্তুত হৈ পৰিছিল আৰু অনর্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো কি আছিলে অনুমান কৰি ক'ব পাৰিবা নে?
Answer: ভণ্ড মানুহজনে একুৱা ৰেজিয়া (Aqua regia) নামৰ দ্ৰৱ ব্যৱহাৰ কৰিছিল। ইয়াত 3:1 অনুপাতত গাঢ় হাইড্ৰক্লৰিক এছিড আৰু গাঢ় নাইট্ৰিক এচিড থাকে। একুৱা ৰেজিয়াই সোণ আৰু প্লেটিনামৰ দৰে উন্নত ধাতু দ্ৰৱীভূত কৰিবলৈ সক্ষম। যেতিয়া ম্লান পৰি যোৱা সোণৰ অলংকাৰ ওপৰৰ স্তৰ দ্ৰৱীভূত হয় তেতিয়া ইহঁতৰ ওজন কমি যায়।
16. গৰম পানীৰ জলাধাৰ (hot water tanks ) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰনৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়। কিয়?
Answer: ষ্টিলত আইৰন থাকে। আইৰনে গৰম পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰি আইৰন অক্সাইড (মামৰ) আৰু H$_2$ গেছ উৎপন্ন কৰে । গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ ষ্টিল ব্য়ৱহাৰ কৰিলে ষ্টিলৰ ক্ষয়ীভৱন হ'ৱ। কিন্ত কপাৰ ধাতুই পানীৰ লগত বিক্ৰিয়া নকৰে। সেয়েহে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্য়ৱহাৰ কৰা হয়।
Class 10 Science Chapter 3 অতিৰিক্ত প্ৰশ্ন
1. তৰল অধাতুবিধৰ নাম কি?
Answer: ব্ৰ'মিণ
2. তৰল ধাতুবিধৰ নাম কি?
Answer: পাৰা / মাৰকিউৰি
3. ধাতৱ দ্ৰুতিৰ সংজ্ঞা দিয়া।
Answer: বিশুদ্ধ ধাতুৰ পৃষ্ঠই চিকমিকাই থাকে। ইয়াকে ধাতৱ দ্ৰুতি বোলে।
4. আটাইতকৈ নমনীয় ধাতুবিধৰ নাম কি?
Answer: সোণ
5. 1g সোণৰ পৰা কিমান কিলোমিটাৰ দীঘল তাঁৰ বনাব পাৰি?
Answer: 2 কিলোমিটাৰ দীঘল।
6. তাপৰ আটাইতকৈ সুপৰিবাহী ধাতুবিধৰ নাম কি?
Answer: ৰূপ
7. ধাতুৰ নিনাদী গুণ কাক বোলে?
Answer: ধাতুবোৰক কোবালে টিং টিং বা ৰিং ৰিং শব্দ হয়। ধাতুৰ এই ধৰ্মকে সুনাদী বা নিনাদী গুণ বোলে।
8. কম গলনাংক বিশিষ্ট ধাতু দুবিধৰ নাম লিখা।
Answer: গেলিয়াম আৰু চিজিয়াম।
9. প্ৰকৃতিৰ আটাইতকৈ টান পদাৰ্থবিধ কি?
Answer: হীৰা
10. বিদ্যুতৰ সুপৰিবাহী অধাতুবিধৰ নাম কি?
Answer: গ্ৰেফাইট