SEBA Class 10 Science Chapter 4 Question Answer কাৰ্বন আৰু তাৰ যৌগ Assamese Medium

Class 10 Science Chapter 4 কাৰ্বন আৰু তাৰ যৌগ



এই পোষ্টটোত দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ Chapter 4 কাৰ্বন আৰু তাৰ যৌগ পাঠটোৰ পাঠৰ ভিতৰৰ প্ৰশ্নসমূহ আৰু অনুশীলনীৰ প্ৰশ্নবোৰৰ সমাধান লাভ কৰিব। অন্য পাঠৰ অনুশীলনীবোৰৰ সমাধান পাবলৈ তলত দিয়া লিংকত ক্লিক কৰিব।

প্ৰতিটো পাঠৰ MCQs আৰু সমাধান পাবলৈ ইয়াত ক্লিক কৰিব - MCQs.

দশম শ্ৰেণীৰ বিজ্ঞানৰ পাথ্যপুথিত থকা পাঠসমূহ হ'ল - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations), এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases and Salts), ধাতু আৰু অধাতু (Metals and Non-Metals), কাৰ্বন আৰু তাৰ যৌগ (Carbon and its Compounds), মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন (Periodic Classification of Elements), জীৱন প্ৰক্ৰিয়া (Life processes), নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination), জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? (How do Organisms Reproduce?), বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution), পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light - Reflection and Refraction), মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (Human Eye and Colourful Worlds), বিদ্যুৎ (Electricity), বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া (Magnetic Effects of Electric Current), শক্তিৰ উৎসসমূহ (Sources of Energy), আমাৰ পৰিবেশ (Our Environment), প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources)।


Solutions for Class 10 Science Chapter 5 in Assamese Medium



Class 10 Science Chapter 5


প্ৰশ্নাৱলী পাঠ নং 58



7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কবি ইথানল আৰু ইথানয়িক এছিডৰ পাৰ্থক্য লিখা।

উত্তৰঃ (a) ইথানল আৰু ইথানয়িক এছিডৰ ভৌতিক পার্থক্য হৈছে—

1. গোন্ধ : ইথানলৰ এটা মিঠা সুগন্ধি আছে, কিন্তু ইথানয়িক এছিডৰ নাক জনজনাই যোৱা গোন্ধ আছে।

2. উতলাংক : ইথানয়িক এছিডৰ উতলাংক ইথানলতকৈ বেছি।

3. গলনাংক : ইথানয়িক এছিডৰ গলনাংক ইথানলতকৈ বেছি।

4. লিটমাছৰ ওপৰত প্ৰভাৱ : এলকহল প্ৰশম হোৱাৰ বাবে লিটমাছ কাকতৰ ৰং পৰিবৰ্তন নহয়, কিন্তু ইথানয়িক এছিডে নীলা লিটমাছ ৰঙা কৰে ।

b. ইথানল আৰু ইথানয়িক এছিডৰ ৰাসায়নিক ধর্ম হৈছে—

1. ইথানয়িক এছিডে ছড়িয়াম কার্বনেট বা ছডিয়াম হাইড্ৰ'জেন কার্বনেটৰ সৈতে বিক্ৰিয়া কৰি $CO_2$ গেছ প্রস্তুত কৰে। অন্যহাতে ইথানলে এই বিক্রিয়া নেদেখুৱায়।

2. ক্ষাৰকীয় $KMnO_4$ ৰ সৈতে বিক্ৰিয়া : ইথানলে $KMnO_4$ ৰ গুলপীয়া বৰণ নোহোৱা কৰে, কিন্তু ইথানয়িক এছিডে বৰণ পৰিবৰ্তন কৰিব নোৱাৰে।


8. পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্রাৱক যেনে ইথানলত ফেন উঠিবনে?

উত্তৰঃ এটা চাবোন অণুৰ দুটা মেৰু থাকে। এটা ধ্ৰুৱীয়, যাক জলস্নেহী বোলে। এই অংশটো পানীৰ অণুৰ সৈতে লগলাগি থাকে, আৰু আনটো অধ্ৰুৱীয় যাক জলবিকর্ষী বোলে । এই অংশটো বস্তুটোৰ তেলজাতীয় অংশৰ সৈতে লগলাগি থাকে। গতিকে যেতিয়া তৈল পদার্থখিনিত চাবোন ঘঁহি দিয়া হয়, ধ্ৰুৱীয় অংশটো পানীত দ্রবীভূত হয় আৰু অধ্ৰুৱীয় অংশখিনি তেলজাতীয় পদার্থখিনিত দ্রবীভূত হয়। এনেদৰে গোলকীয় আকৃতিৰ এটা আকাৰ ধাৰণ কৰে, য'ত থাকিব পানীৰ অণু, চাবোনৰ অংশ আৰু তেলৰ অংশ। ইয়াকে মাইচেলি বোলে।

যিহেতু চাবোনত এলক’হল দ্রবীভূত হয়, গতিকে ইথানলত মাইচেলি গঠন নহয়।


9. প্রায় সকলো ক্ষেত্রতে কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয় ?

উত্তৰঃ ইয়াৰ দুটা কাৰণ হৈছে—

(i) কাৰ্বনৰ যিকোনো বহুৰূপতাক যেতিয়া অক্সিজেনৰ পৰিবেশত দহন কৰা হয়, তেতিয়া তাপশক্তি পোহৰৰ সৈতে কার্বন ডাই-অক্সাইড সৃষ্টি হয়।

(ii) কাৰ্বনৰ যৌগবিলাকক এবাৰ দহন কৰাৰ পাছত ই বহুসময়ৰ বাবে জ্বলি থাকে। গতিকে বাৰে বাৰে উত্তপ্ত কৰাৰ প্রয়োজন নাই।


10. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ (scum) কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।

উত্তৰঃ কঠিন পানীৰ সৈতে পৰিষ্কাৰকৰণৰ পাছত যিখিনি অদ্রবণীয় পদার্থ থাকি যায় সেইখিনি গেদ (scum) হিচাপে থাকি যায়। আমি জানো যে, কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়ামৰ ক্ল'ৰাইড আৰু ছালফেট লৱণ থাকে। যেতিয়া কাপোৰ চাবোনেৰে ধোৱা হয়। তেতিয়া চাবোনত থকা ফেটি এছিডৰ লৱণবোৰ কেলছিয়াম বা মেগনেছিয়াম লৱণৰ ফেটি এছিড হিচাপে অধঃক্ষেপ পৰে। এই অধঃক্ষেপখিনিয়ে হৈছে গেদ বা scum।


11. নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা?

উত্তৰঃ যিহেতু চাবোনৰ পানী ক্ষাৰকীয় হয় গতিকে এই দ্ৰৱণে ৰঙা লিটমাছ নীলা কৰিব।


12. হাইড্র'জেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্রয়োগ লিখা।

উত্তৰঃ নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ'কাৰ্বনত হাইড্ৰ'জেন যোগ কৰাকে হাইড্ৰ'জেনেচন বুলি কোৱা হয়। হাইড্ৰ'জেনেচন পদ্ধতিক নিকেলৰ উপস্থিতিত উদ্ভিদজাত তেলক বনস্পতি ঘিউলৈ পৰিবৰ্তিত কৰাত ব্যৱহাৰ হয়। উদ্ভিদজাত তেলত বহুসংখ্যক অসংপৃক্ত কাৰ্বনৰ পৰমাণু থাকে। যেতিয়া $H_2 $যোগ কৰা যায় তেতিয়া আংশিক হাইড্ৰ'জেনেচন সংঘটিত হয় আৰু তেলখিনি গোটা চৰ্বিত পৰিণত হয়।


13. তলৰ কোনবিলাকৰ হাইড্ৰ'কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায়?

C₂H₆,C₃H₈,C₃H₆,C₂H₂ আৰু CH₄

উত্তৰঃ ইয়াত C₃H₆ আৰু C₂H₂ হৈছে অসংপৃক্ত হাইড্ৰ'কাৰ্বন। ইহঁতৰ গঠন সংকেত হৈছে-

H₂C=CH-CH₃ আৰু HC = CH

দ্বিবান্ধনি আৰু ত্ৰিবান্ধনি থকাৰ বাবে দুয়োটা হাইড্ৰ'কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱাব ।


14. মাখন (butter) আৰু খোৱাতেলৰ (Cooking oil) মাজত পার্থক্য দেখুৱাৰ পৰা এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ মাখন হৈছে সংপৃক্ত হাইড্র'কার্বন, আনহাতে বন্ধন তেল হৈছে অসংপৃক্ত হাইড্র'কার্বন। গতিকে বন্ধন তেলত যেতিয়া কেইটোপালমান ক্ষাৰকীয় KMnO₄ দ্রবত যোগ কৰা হয়, তেতিয়া দ্রবৰ গুলপীয়া বৰণ নোহোৱা হ'ব। আনহাতে মাখনে KMnO₄ ৰ বং সলনি কৰিব নোৱাৰে।


15. চাবোনৰ মলি আঁতৰোৱাৰ প্রক্রিয়া (cleaning action) ব্যাখ্যা কৰা।

উত্তৰ: চাবোন হৈছে ছডিয়াম নাইবা পটেছিয়াম লবণব দীঘল শৃংখলযুক্ত ফেটি এচিড। ইয়াত দুটা অংশ থাকে। এটা হৈছে ধ্রুবীয় বা জলস্নেহী অংশ, যাৰ লগত পানীৰ অণু সংলগ্ন হৈ থাকে। আনটো অংশ হৈছে অনাধ্রুবীয় বা জলবিকর্ষি, যাৰ লগত তৈল পদাৰ্থৰ অংশ সংলগ্ন হৈ থাকে, ধ্রুবীয় অংশ পানীত দ্রবীভূত হৈ থাকে আৰু পানী পৃষ্ঠৰফালে ওলাই থাকে। আনহাতে জলবিকর্ষি অংশ তৈল পদার্থত দ্রবীভূত হৈ থাকে। এনেদৰে গোলকীয় আয়নীয় মাইচেলিৰ সৃষ্টি হয়। ইয়াৰ ফলত পানীত ইমালছনৰ সৃষ্টি হয়। মাইছেলিয়ে মলি অংশক পানীৰ সৈতে দ্রবীভূত হোৱাত সহায় কৰে আৰু কাপোৰ আমি পৰিষ্কাৰ কৰি খুব পাবো। ইয়েই হৈছে চাবোনৰ মলি আঁতৰোৱাৰ প্রক্রিয়া।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

#buttons=(Accept !) #days=(30)

Our website uses cookies to enhance your experience. Learn More
Accept !