Class 10 Science Chapter 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
এই পোষ্টটোত দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ Chapter 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন পাঠটোৰ পাঠৰ ভিতৰৰ প্ৰশ্নসমূহ আৰু অনুশীলনীৰ প্ৰশ্নবোৰৰ সমাধান লাভ কৰিব। অন্য পাঠৰ অনুশীলনীবোৰৰ সমাধান পাবলৈ তলত দিয়া লিংকত ক্লিক কৰিব।
প্ৰতিটো পাঠৰ MCQs আৰু সমাধান পাবলৈ ইয়াত ক্লিক কৰিব - MCQs.
দশম শ্ৰেণীৰ বিজ্ঞানৰ পাথ্যপুথিত থকা পাঠসমূহ হ'ল - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations), এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases and Salts), ধাতু আৰু অধাতু (Metals and Non-Metals), কাৰ্বন আৰু তাৰ যৌগ (Carbon and its Compounds), মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন (Periodic Classification of Elements), জীৱন প্ৰক্ৰিয়া (Life processes), নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination), জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? (How do Organisms Reproduce?), বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution), পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light - Reflection and Refraction), মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (Human Eye and Colourful Worlds), বিদ্যুৎ (Electricity), বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া (Magnetic Effects of Electric Current), শক্তিৰ উৎসসমূহ (Sources of Energy), আমাৰ পৰিবেশ (Our Environment), প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources)।
Solutions for Class 10 Science Chapter 5 in Assamese Medium
- Class 10 Science Chapter 5 Page No. 81
- Class 10 Science Chapter 5 Page No. 85
- Class 10 Science Chapter 5 Page No. 90
- Class 10 Science Chapter 5 Page No. 91
- Class 10 Science Chapter 5 অনুশীলনী
- Class 10 Science Chapter 5 অতিৰিক্ত প্ৰশ্ন
Class 10 Science Chapter 5 Page No. 81
প্ৰশ্নাৱলী পাঠ নং
1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা ।
Answer: নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিল। উদাহৰণ স্বৰূপে,Li,Na আৰু K মৌলই ট্ৰায়াড গঠন কৰে। যদি Li, প্ৰথম মৌল হয় তেতিয়া অষ্টম মৌল হ'ব Na, আৰু Na ৰ পৰা অষ্টম মৌলটো হৈছে K ।
2. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল?
Answer: ডবাৰেইনাৰ ট্ৰায়াডৰ মূল সীমাবদ্বতা হৈছে-
(i) সেই সময়ত মাত্ৰ তিনিটা ট্ৰায়াড হে আৱিষ্কৃত হৈছিল। সেয়েহে মৌলৰ শ্রেণী বিভাজনৰ বাবে ই যথেষ্ট নাছিল।
(ii)সেই সময়ত বৰ্তি থকা সকলো মৌলৰ শ্ৰেনী বিভাজন কৰিব পৰা নাছিল।
3.নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?
Answer: নিউলেন্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা হৈছে -
(a)নিউলেন্ডৰ অষ্টক সূত্ৰটো মাত্ৰ Ca মৌললৈ প্ৰযোজ্য হয়।
(b)নিউলেণ্ডছে প্ৰকৃতিত কেৱল 56টা হে মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্য়তে আৰু কোনো অধিক মৌল আৱিস্কাৰ নহ'ব বুলি ধৰিছিল। কিন্ত পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিস্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল।
(c)কিছুমান মিল থকা মৌল পৰস্পৰৰ মাজৰ পৰা পৃথক কৰা হৈছে, য'ত কিছুমান অমিল মৌল একেটা বৰ্গত সন্নিবিষ্ট কৰা হৈছিল । উদাহৰণ স্বৰূপে, Fe,CO আৰু Ni ৰ ধৰ্ম প্ৰায় একে হোৱা সত্বেও বেলেগ বৰ্গত ৰখা হৈছিল । বৰঞ্চ হেল'জেন (F,Cl,Br) মৌলবোৰক সিহঁতৰ সৈতে একেটা বৰ্গত ৰখা হৈছিল ।
Class 10 Science Chapter 5 Page No. 85
প্ৰশ্নাৱলী পাঠ নং
1.মেগুেলিভৰ পৰ্য্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা।– K, C, AI, Si, Ba.
Answer:
2.গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনো দুটা)।
Answer: গেলিয়ামৰ উপৰিও, মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল স্কেন্ডিয়াম আৰু জার্মেনিয়াম মৌলবোৰ
3.মেগুেলিতে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোধ (criteria) কি কি আছিল?
Answer: মেন্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা দুটা নীতি আছিল -
(1)মৌলৰ অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতৰ ভিত্তিত মৌলবোৰ বিন্যাস কৰিছিল । অর্থাৎ মৌলৰ ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি মৌলবোৰক সজাইছিল।
(2)মৌলবোৰক তেওঁলোকৰ পাৰমাণবিক ভৰৰ বৃদ্ধি ক্রমত সজাইছিল।
4.সম্ভ্রান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে?
Answer: ছটা সম্ভ্ৰান্ত গেছ যেনে - He,Ne,Ar,Kr,Xe আৰু Rn হৈছে নিষ্ক্ৰিয় গেছ আৰু ইহঁতক প্ৰকৃতিত অতি কম পৰিমাণে পোৱা যায়। গতিকে সম্ভ্ৰান্ত্ৰ গেছসমূহক পৰ্য্যাবৃত্ত তালিকাত এটা পৃথক বৰ্গত সজ্জিত কৰা হৈছে, যাতে বেলেগে মৌলবোৰৰ সজ্জাৰ কোনো ক্ৰতি নহয়।
Class 10 Science Chapter 5 Page No. 90
প্ৰশ্নাৱলী পাঠ নং
1. আধুনিক পর্যাবৃত্ত তালিকাই মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছিল?
Answer: আধুনিক পৰ্য্যাবৃত্ত তালিকাত মৌলবোৰক পৰমাণু ক্ৰমাংকৰ উৰ্দ্ধক্ৰমত সজ্জিত কৰা হৈছিল ।এনেদৰে আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেন্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাৰ কিছুমান আঁসোৱাহ উলিয়াব পাৰিছিল ।
1.মেণ্ডেলিভৰ তালিকাত এক স্থানত এটাতকৈ অধিক মৌল ৰখাৰ প্ৰয়োজন হোৱা নাছিল। কাৰণ আধুনিক তালিকাত মৌলবোৰক তেওঁলোকৰ বৃদ্ধি হৈ যোৱা পাৰমাণবিক সংখ্যাক্রমে সজাই ৰখা হোৱাতে এই সমস্যা দূৰ হৈছিল
2.মেণ্ডেলিভৰ তালিকাত থকা কিছুমান স্থানীক সমূহৰ ক্ষেত্ৰত সমস্যা আছিল। কিন্তু আধুনিক তালিকাত এই সমস্যা দূৰ হৈছিল, কাৰণ সমস্থানিক মৌলবোৰক নিজ নিজ লোকেচনত ৰখা হৈছিল
2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাচনিৰ ভিত্তি কি?
Answer: Mg মৌলৰ বৰ্গত থকা আন দুটা মৌল হৈছে Be আৰু Ca । এই বাচনিৰ কাৰণ হৈছে ইহঁতৰ বহিঃতম খোলত একে সংখ্যক (2) ইলেট্ৰন আছে।
3. নাম লিখা-
Answer:
(a) বাহিৰতম কক্ষত এটাকৈ ইলেকট্রন থকা তিনিটা মৌলৰ।
Answer: Li (2.1), (2.8.1) আৰু K (2.8.8.1) ।
(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্রন থকা দুটা মৌলৰ।
Answer: Be(2.2) আৰু Mg (2.8.2) ।
(c)পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌলৰ।
Answer: He (2), Ne (2.8) আৰু Ar (2.8.8) ।
4. (a) লিথিয়াম, ছডিয়াম, পটেছিয়াম—এই আটাইকেইটা ধাতু। ইহঁতে পানীৰে সৈতে বিক্ৰিয়া কৰি হাইড্ৰ'জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?
Answer: মৌলবোৰৰ ইলেট্ৰনীয় বিন্যাসবোৰ হ'ল -
Li → 2.1, Na → 2.8.1, K → 2.8.1
দেখা গ'ল যে প্ৰত্যেকটো মৌলৰ বহিৰ্তম মৌলৰ সংখ্যা এক, গতিকে এইবোৰ মৌলৰ যোজ্যতা এক।
(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়নো এটা প্ৰায় নিষ্ক্রিয় গেছে। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়?
Answer: (i) He আৰু Ne দুয়োটাৰে বহিৰ্তম খোলটো ইলেট্ৰনেৰে পূৰ্ণ।
He → 2 (K খোল পূৰ্ণ)
Ne → 2.8 (L খোল পূৰ্ণ)
(ii) দুয়োটা গেছ নিস্ক্ৰিয় আৰু প্ৰকৃতিত অতি কম পৰিমাণে পোৱা যায়।
5. আধুনিক পর্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?
Answer: মাত্ৰ Li(2.1) আৰু Be(2.2) ধাতু হয়। বাকী 8টা মৌল অধাতু।
6.পর্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতবধর্মী হ'ব বুলি অনুমান কৰিবা।
Ga, Ge, As, Se, Bel
Answer: যিহেতু Be পৰ্য্য়াবৃত্ত তালিকাত একেবাৰে বাঁওহাতে অৱস্থিত, গতিকে ইয়াৰ সৰ্বোচ্চ ধাতৱীয় চৰিত্ৰ আছে। বাকী মৌলবোৰ (Ga,Ge,As,Se) পৰ্য্যাবৃত্ত তালিকাত সোঁহাতে অৱস্থিত।
Class 10 Science Chapter 5
অনুশীলনী পাঠ নং
1. পৰ্যাবৃত তালিকাৰ পৰ্যায়বোৰত বাঁওফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয়?
(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে।
(b) যোজক ইলেকট্রনৰ সংখ্যা বাড়ে।
(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।
(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।
Answer: (c)পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।
2. মৌল X য়ে XCI$_2$, সংকেতৰ ক্ল'ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?
(a) Na
(b) Mg
.(c)Al
(d)Si
Answer: (a) Na
3. কোনটো মৌলৰ আছে
(a) ইলেকট্রনপূর্ণ দুটা কক্ষ ?
(b) 2, 8, 2 ইলেকট্রনীয় বিন্যাস?
(c) যোজক কক্ষত চাৰিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা কক্ষ?
(d) যোজক কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ দুটা কক্ষ?
(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন?
Answer: (a)নিয়ন, ইলেকট্ৰনীয় বিন্যাস 2.8
(b)মেগনেছিয়াম, ইলেকট্ৰনীয় বিন্যাস 2.8.2
(c)চিলিকন (মুঠ ইলেকট্ৰনৰ সংখ্যা (z=14)
(d)ব'ৰন, ইলেকট্ৰনীয় বিন্যাস 2.3
(e)কাৰ্বন, ইলেকট্ৰনীয় বিন্যাস 2.4
4.(a) লিথিয়াম, ছডিয়াম, পটেছিয়াম - এই আটাইকেইটা ধাতু। ইহঁতে পানীৰে সৈতে বিক্ৰিয়া কৰি হাইড্ৰ'জেন গেছ মুক্ত কৰে . এই মৌলকেটাৰ পৰামানুৰ কিবা সাদৃশ্য আছেনে?
Answer: ব'ৰনৰ তলত থকা সকলো মৌলৰ বৰ্গ সংখ্যা 13 । মৌলবোৰৰ যোজক ইলেকট্ৰনৰ সংখ্যা 3 । ব'ৰনৰ বাহিৰে সকলোবোৰ মৌল ধাতু ।
(b)পৰ্য্য়াবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ?
Answer: ফ্লৰিনৰ তলত থকা সকলো মৌলৰ বৰ্গ সংখ্যা 7 । এই মৌলবোৰক হেল'জেন বুলি কোৱা হয় আৰু এইবোৰ বিদ্যুত ঋণাত্মক।
5. এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ'ল 2, 8, 7
a. এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি?
Answer: মৌল এটাৰ পৰমাণু ক্ৰমাংক = মৌলটোৰ থকা মুঠ ইলেকট্ৰনৰ সংখ্যা।
গতিকে পৰমাণু ক্ৰমাংক হৈছে, 2+8+7=17
b. তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে)
N (7) F (9) P (15) Ar (18)
Answer: একেটা বৰ্গত থকা মৌলসমুহৰ যোজক ইলেকট্ৰনৰ সংখ্যা একে হোৱাৰ বাবেই সেইবোৰ মৌলৰ ৰাসায়নিক ৰ্ধম একে হয়। যিহেতু নাইট্ৰ'জেন (Z = 7) আৰু ফছফৰাছৰ (Z = 15) 15 তম বৰ্গৰ অন্তৰ্গত, গতিকে যোজক ইলেকট্ৰনৰ সংখ্যা দুয়োটা মৌলৰ ক্ষেত্ৰত 5, সেয়ে নাইট্ৰ'জেন আৰু ফছফৰাছৰ ৰাসায়নিক ধৰ্ম একে।
6. পর্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে।
(a) মৌল A ধাতুনে অধাতু ?
(b) C মৌলটো A তকৈ বেছি সক্ৰিয়নে কম সক্রিয়?
(c) C মৌলটো আকাৰত B তকৈ ডাঙৰনে সৰু?
(d) মৌল A এ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব ?
Answer: (a)যিহেতু 'A' 17 তম বৰ্গৰ অন্তৰ্গত, ই পয্যাবৃত্ত তালিকাৰ বাঁওহাতে অৱস্থান কৰি আছে। 'A' মৌলটো বিদ্যুত ঋণাত্মক। গতিকে ই অধাতু হ'ব।
(b) পৰ্য্যাবৃত্ত তালিকাত ওপৰৰ পৰা তললৈ গ'লে পাৰমানৱিক আকাৰ বৃদ্ধি পায়, কাৰণ এই ক্ষেত্ৰত কাৰ্যকৰী নিউক্লিয় আধান কমি যায়,যাৰ ফলত ইলেকট্ৰনৰ পতি আকৰ্ষণ কমে । গতিকে C মৌল A তকৈ কম সক্ৰিয় ।
(c)কোনো এটা পৰ্য্যায়ত বাঁওফালৰ পৰা সোঁহাতে গ'ল পাৰমানৱিক আকাৰ হ্ৰাস পায়, কাৰণ নিউক্লিয় আধান বৃদ্ধি পায়। গতিকে C ৰ আকাৰ B সৰু।
(d)যিহেতু 17 তম বৰ্গ পৰ্য্যাবৃত্ত তালিকাৰ সোঁহাতে অৱস্থিত, সেয়ে এই মৌলবোৰ বিদ্যুত ঋণাত্মক। গতিকে A এনায়ন গঠন কৰিব পৰা ।
7. নাইট্ৰে'জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফ'ৰাছ (পাৰমাণৱিক সংখ্যা 15) পর্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে। এই মৌল দুটাৰ ইলেকট্রনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎঋণাত্মক হ'ব আৰু কিয়?
Answer: নাইট্ৰ'জেনৰ ইলেকট্ৰনীয় বিন্যাস 2.5 । ফছফৰাছৰ ইলেকট্ৰনীয় বিন্যাস 2.8.5 । গতিকে একেটা বৰ্গত ফছফৰাছ নাইট্ৰ'জেনতকৈ তলত থাকিব, নাইট্ৰ'জেনৰ আকাৰ ফছফৰাছতকৈ কমে,সেয়ে নাইট্ৰ'জেন ফছফৰাছতকৈ বেছি বিৰ্দ্যুৎঋণাত্মক।
৪. পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে?
Answer: ইলেকট্ৰনীয় বিন্যাসৰ পৰা বৰ্গ সংখ্যা আৰু পৰ্য্যায় সংখ্যা জানি ল'লে আমি মৌল এটাৰ পৰ্য্যাবৃত্ত তালিকাত অৱস্থান নিৰ্ণয় কৰিব পাৰো।
পৰ্য্যায় নিৰ্ধাৰণঃ পৰমাণুটোৰ বহিৰ্তম ইলেকট্ৰন যিটো খোলত খাকিব, সেই খোলৰ সংখ্যাটোৱে হৈছে পৰ্য্যায় সংখ্যা। যদি বহিৰ্তম ইলেকট্ৰনটো K খোলত থাকে তেন্তে পৰ্য্যায় সংখ্যা হ'ব 1, অৰ্থাৎ প্ৰথম পৰ্য্যায়,যদি ইলেকট্ৰনটো L খোলত থাকে তেন্তে পৰ্য্যায় সংখ্যা হ'ব 2, অৰ্থাৎ দ্বিতীয় পৰ্য্যায় ইত্যাদি।
বৰ্গ নিৰ্ধাৰণঃ যদি বহিৰ্তম খোলত এটা নাইবা দুটাকৈ ইলেকট্ৰন থাকে তেতিয়া বৰ্গ সংখ্যা হ'ব প্ৰথম আৰু দ্বিতীয়। যদি বহিৰ্তম খোলত থকা ইলেকট্ৰনৰ সংখ্য়া 3ৰ পৰা 8ৰ ভিতৰত হয,তেন্তে (হিলিয়ামৰ বাহিৰে) সেই সংখ্যাৰ লগত 10 যোগ দিলে আমি বৰ্গ সংখ্যা পাম। উদাহৰণ স্বৰূপে, যদি বহিৰ্তম খোলত 4টা ইলেকট্ৰন থাকে, তেন্তে বৰ্গ সংখ্যা (10+4)হ'ব 14তম।
ধৰা হ'ল ফছফৰাছৰ পৰ্য্যাবৃত্ত তালিকাত অৱস্থিতি নিৰ্ণয় কৰিব লাগে। ফছফৰাছৰ ইলেকট্ৰনীয় বিন্য়াস হৈছে (z=15) 2.8.5 ।
যিহেতু বহিৰ্তম ইলেকট্ৰবোৰ M খোলত আছে, গতিকে পৰ্য্যায় হ'ব 3, অৰ্থাৎ তৃতীয় পৰ্য্য়ায়। আনহাতে M খোলত 5 টা ইলেকট্ৰন আছে । গতিকে বৰ্গসংখ্যা হ'ব (10+5) 15 তম। গতিকে পৰ্যাবৃত্ত তালিকাত P ৰ স্থান হ'ব তৃতীয় পৰ্য্যায় 15 তম বৰ্গত।
9. আধুনিক পর্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্যা 20) 12, 19, 21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰদ্বাৰা পৰিবেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে?
Answer: কেলছিয়ামক আন চাৰিটা মৌলই (z=12,19,21,38) এনেদৰে আগুৰি আছে
যিহেতু পৰমাণু ক্ৰমাংক 12 আৰু 38 ৰ মৌল দুটা একেটা স্তম্ভত আছে, গতিকে এই দুটা মৌলৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্ম কেলছিয়ামৰ সৈতে একে হ'ব।
10. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন ( arrangement) তুলনা কৰা।
Answer: মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্য্যাবৃত্ত তালিকাৰ পাঁচটা পাৰ্থক্য তলত দিয়া হ'ল-