SEBA Class 10 Science Chapter 7 Question Answer নিয়ন্ত্ৰণ আৰু সমন্বয় Assamese Medium

Class 10 Science Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয় (Control And Coordination)



এই পোষ্টটোত দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয় (Control And Coordination) পাঠটোৰ পাঠৰ ভিতৰৰ প্ৰশ্নসমূহ আৰু অনুশীলনীৰ প্ৰশ্নবোৰৰ সমাধান লাভ কৰিব। অন্য পাঠৰ অনুশীলনীবোৰৰ সমাধান পাবলৈ তলত দিয়া লিংকত ক্লিক কৰিব।

প্ৰতিটো পাঠৰ MCQs আৰু সমাধান পাবলৈ ইয়াত ক্লিক কৰিব - MCQs.



দশম শ্ৰেণীৰ বিজ্ঞানৰ পাথ্যপুথিত থকা পাঠসমূহ হ'ল - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations), এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases and Salts), ধাতু আৰু অধাতু (Metals and Non-Metals), কাৰ্বন আৰু তাৰ যৌগ (Carbon and its Compounds), মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন (Periodic Classification of Elements), জীৱন প্ৰক্ৰিয়া (Life processes), নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination), জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? (How do Organisms Reproduce?), বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution), পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light - Reflection and Refraction), মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (Human Eye and Colourful Worlds), বিদ্যুৎ (Electricity), বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া (Magnetic Effects of Electric Current), শক্তিৰ উৎসসমূহ (Sources of Energy), আমাৰ পৰিবেশ (Our Environment), প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources)।


Solutions for Class 10 Science Chapter 7 in Assamese Medium



Class 10 Science Chapter 7 Page No. 119



প্ৰশ্নাৱলী


1. প্রতীপ ক্রিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি?

Answer: মস্তিষ্কৰ নিয়ন্ত্রণ বা নির্দেশ অবিহনে সাধিত কৰা কামকে প্রতীক ক্রিয়া বোলে। এই ক্রিয়া হ'ল এক স্বতঃৰ্স্ফত স্বয়ংক্রিয় আৰু যান্ত্রিক সঁহাৰি যিটো মানুহৰ ইচ্ছা নাথাকিলেও সংঘটিত হ'ব পাৰে কিন্তু খোজকঢ়াটো মানুহৰ এটা ঐচ্ছিক কার্য যিটো মানুহজনে বিচৰা মতে হয়।


2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছন কি ঘটে?

Answer: চাইনেপছন মানে হ'ল দুটা সমীপৱৰ্তী স্নায়ুকোষৰ সংযোগ স্থান। স্নায়ুকোষে স্নায়ুপ্রেৰণ অন্য এটা স্নায়ুকোষলৈ যাব তেতিয়া চাইনেপছন মাজেৰে পাৰ হয়। চাইনেপটিক ফাটত এবিধ ৰাসায়নিক পদার্থ থাকে যাক নিউৰ'ট্রেন্সমিটাৰ বোলে। এই ৰাসায়নিক পদার্থ চাইনেপছন ভেচকলৰপৰা ক্ষৰণ হয় আৰু চাইনেপটি ফাটত থাকে আৰু এই ফাটটোত নিউৰ'ট্রেন্সমিটাৰৰ দ্বাৰাই স্নায়ু প্ৰেৰণাৰ প্ৰবহন হৈ অন্য এটা স্নায়ুকোষ পায়।


3. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?

Answer: পশ্চাদ মস্তিষ্কত থকা চেৰিবেলাম অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়।


4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ?

Answer: আমি ধূপৰ লাঠিৰ গোন্ধ আমাৰ ঘ্ৰাণশক্তিৰ জৰিয়তে অনুভৱ কৰোঁ, কিয়নো ধূপ জ্বলোৱাৰ সময়ত সুগন্ধি যৌগবোৰ বতাহত নিৰ্গত হয়। এই অণুবোৰে আমাৰ নাকত থকা ঘ্ৰাণ গ্ৰহণকাৰীৰ লগত বান্ধ খাই মগজুলৈ সংকেত প্ৰেৰণ কৰি সুগন্ধিৰ ব্যাখ্যা কৰে।


5. প্রতীপ ক্রিয়াত মগজুৰ ভূমিকা কি?

Answer: প্রতীপ ক্ৰিয়াত সাধাৰণতে মস্তিষ্ক জড়িত নহয় আৰু উদ্দীপকৰ প্রতি অতি সোনকালে সঁহাৰি দিবৰ বাবে এই কার্য 'স্নায়ুৰজ্জুৰ দ্বাৰাই সম্পন্ন হয়। তথাপিও এই বার্তা মস্তিষ্ক পায়গৈ, য'ত উক্ত বাৰ্তাৰ বিষয়ে বিশ্লেষণ কৰা হয়।


Class 10 Science Chapter 7 Page No. 122



প্ৰশ্নাৱলী



1. উদ্ভিদৰ সঞ্জীৱনী পদার্থ (Plant Hormone) বিলাক কি কি?

Answer: উদ্ভিদদেহত সংশ্লেষিত হোৱা বার্তাবাহক ৰাসায়নিক পদার্থকে সঞ্জীৱনী পদার্থ বা হৰম'ন বোলে। এই ৰাসায়নিক পদার্থক উদ্ভিদৰ সমন্বয়ক বুলিও ক'ব পাৰি। যেনে- অক্সিন, জিব্বাৰেলিন, ছাইট'কাইনিন, এবছিছিক এছিড আৰু ইথিলিন।


2. নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো আৰু কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পার্থক্য আছে?

Answer: উদ্ভিদৰ কাণ্ডই পোহৰৰ দিশত গতি কৰে, এইটো এটা ট্রপিক চলন। এই চলন মন্থৰ গতিত হয় আৰু এই কার্যৰ ফলত উদ্ভিদৰ বৃদ্ধি হয়। আনহাতে নিলাজী বনৰ পাতৰ চলন হয় উদ্ভিদ জোপাক স্পর্শ কৰাৰ বাবে। এই চলন হ'ল নেষ্টিক প্ৰকাৰৰ পাতৰ এই চলনৰ লগত উদ্ভিদৰ বৃদ্ধিৰ কোনো সম্পর্ক নাই ,কিন্তু পাতকোষত পানীৰ পৰিমাণৰ পৰিবৰ্তনৰ ফলত ৰসস্ফীতি চাপৰ পৰিবর্তন হয় আৰু যাৰ ফলত পাতৰ কোষৰ আকৃতিৰ পৰিবৰ্তন ঘটে আৰু নিলাজী বনৰ পাতৰ চলন ঘটে।


3. উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদার্থৰ উদাহৰণ দিয়া।

Answer: উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা সঞ্জীৱনী পদার্থ হ'ল-অক্সিন আৰু জিবেৰেলিন


4. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে।

Answer: অক্সিনে কাণ্ড বা ডালৰ ছাঁয়াযুক্ত ফালে কোষৰ প্ৰসাৰণ ঘটাই উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। যেতিয়া কোনো উদ্ভিদ পোহৰৰ সংস্পৰ্শলৈ আহে তেতিয়া ক’লা ফালে অক্সিন জমা হয়, যাৰ ফলত সেই কোষবোৰ দীঘলীয়া হয়। এই আকৰ্ষৰ বৃদ্ধিৰ ফলত উদ্ভিদটো পোহৰৰ ফালে বেঁকা হৈ পৰে, যিটো প্ৰক্ৰিয়াক ফটোট্ৰপিজম বুলি জনা যায়।


5. জলানুবেগী (Hydrotropism) ৰ মূলক আৰ্হি এটা প্রস্তুত কৰা।

Answer: পৰীক্ষাটোৰ বাবে এখন চালনীত কিছু সেমেকা কাঠৰ গুড়ি লৈ কেইটামান বুটমাহৰ বীজ ৰখা হ'ল। কিছুদিন পিছত লক্ষ্য কৰিলে দেখা যায় যে বুট মাহৰ বীজবোৰ অঙ্কুৰিত হৈছে আৰু প্রতিটো বীজৰ পৰা ভ্ৰূণমূলবোৰ চালনীৰ বিন্ধাৰ মাজেৰে বাহিৰলৈ ওলাই আহিছে। ইয়াৰ কাৰণ হ'ল মূলবোৰ অভিগ ভুকেন্দ্রাবেগী। পিছত ওলাই অহা ভ্রূণমূলবোৰ পানীৰ বাবে বেকা হৈ পুনৰ চালনীৰ বিন্ধাৰ মাজেৰে আহি সেমেকা কাঠৰ গুড়িত প্রবেশ কৰে। পৰীক্ষাটোৱে এইটোৱে প্রমাণ কৰে যে মুলৰ চলন অংগ জলাবেগী।



Class 10 Science Chapter 7 Page No. 125



প্ৰশ্নাৱলী



1. প্রাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?


Answer: প্রাণীৰ শৰীৰত থকা অন্তঃস্ৰাৱী গ্রন্থিৰ পৰা ক্ষৰণ হোৱা হৰম'নসমূহেও শৰীৰত সমন্বয় ৰক্ষা কৰে। হৰম'নৰ দ্বাৰা সমন্বয় ৰক্ষা কৰাকে ৰাসায়নিক সমন্বয় বোলে। স্নায়ুতন্ত্র আৰু অন্তঃস্রাবী তন্ত্ৰৰ মাজৰ সমন্বয় ৰক্ষাকাৰী অন্য এটা অংগ হ'ল হাইপ'থেলামাছ। স্নায়ুৰ দ্বাৰা বহন হোৱা প্ৰেৰণাৰ বাবেই হাইপ'থেলামাছ মুক্তকৰণ আৰু প্ৰতিৰোধক হৰম'ন নিঃসৰণ কৰে। মুক্তকৰণ হৰম'ন লক্ষ্য অংগলৈ (নির্দিষ্ট অন্তঃস্রাবী গ্রন্থি) আৰু অন্য এবিধ হৰম'ন ক্ষৰণ কৰে আৰু এই হৰম'নে নির্দিষ্ট কার্য কৰাত শৰীৰক সহায় কৰে। যেতিয়া শৰীৰত নির্দিষ্ট হৰম'নৰ পৰিমাণ সঠিক হ'ব তেতিয়াই হাইপ'থেলামাছৰ পৰা ওলোৱা প্রতিৰোধক হৰম'নৰ লক্ষ্য অংগলৈ তেজৰ দ্বাৰা যায় আৰু হৰম'ন ক্ষৰণত বাধা দিয়ে। এইদৰেই স্নায়ুতন্ত্র আৰু অন্তঃস্রাবী তন্ত্ৰৰ সহায়ত সমন্বয় ৰক্ষা হয় আৰু অন্ত্যস্রাবী হৰম'নৰ দ্বাৰা বিভিন্ন ধৰণৰ বিপাকীয় কার্য সিদ্ধি হয়।


2. আয়ঁডিনপুষ্ট লৱণ খোৱাটো কিয় আবশ্যক?

Answer: আয়ঁডিনপুষ্ট নিমখ আমাৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য কাৰণ ই আয়’ডিন প্ৰদান কৰে, যিটো শৰীৰে নিজাববীয়াকৈ উৎপাদন কৰিব নোৱাৰা এক গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ। বিপাকীয় ক্ৰিয়া, বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰা থাইৰয়ড হৰম’ন উৎপাদনৰ বাবে আয়’ডিনৰ প্ৰয়োজন। আয়’ডিনৰ অভাৱত থাইৰয়ডৰ সমস্যা, যেনে গ’ইটাৰ, জ্ঞানশক্তিৰ অসুবিধা হ’ব পাৰে। আয়’ডিনযুক্ত নিমখে পৰ্যাপ্ত পৰিমাণৰ আয়’ডিন গ্ৰহণ নিশ্চিত কৰি এই স্বাস্থ্যজনিত সমস্যাসমূহ প্ৰতিৰোধ কৰাত সহায় কৰে। গতিকে থাইৰয়ডৰ সঠিক কাৰ্য্যক্ষমতা আৰু সামগ্ৰিক সুস্থতা বজাই ৰখাৰ বাবে আয়’ডযুক্ত নিমখ খোৱাটো অতি গুৰুত্বপূৰ্ণ।


3. আমাৰ দেহৰ তেজত এড্রিনেলিনৰ নিঃসৰণ ঘটিলে দেহত কেনে প্রতিক্রিয়া হয়?

Answer:

যেতিয়া এড্ৰিনেলিন তেজত নিৰ্গত হয় তেতিয়া ই শৰীৰত কেইবাটাও প্ৰতিক্ৰিয়াৰ সূচনা কৰে:

হৃদস্পন্দন বৃদ্ধি: এড্ৰিনেলিনে হৃদযন্ত্ৰ দ্ৰুতগতিত পাম্প কৰি পেশীলৈ অধিক অক্সিজেন আৰু পুষ্টিকৰ পদাৰ্থ প্ৰেৰণ কৰে।

দ্ৰুত উশাহ-নিশাহঃ শৰীৰত অধিক অক্সিজেন যোগান ধৰিবলৈ উশাহ-নিশাহৰ হাৰ বৃদ্ধি পায়।

শক্তি বৃদ্ধি: তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত পেশীসমূহক শাৰীৰিক ক্ৰিয়াৰ বাবে অধিক শক্তি প্ৰদান কৰা হয়।

উন্নত মনোযোগ: মানসিক সজাগতা বৃদ্ধি পায়, যাৰ ফলত শৰীৰটো তাৎক্ষণিক কাৰ্য্যৰ বাবে প্ৰস্তুত হয়।

পুনৰ নিৰ্দেশিত তেজৰ প্ৰবাহ: অপ্ৰয়োজনীয় অংগৰ পৰা তেজ পেশী আৰু মগজুৰ দৰে গুৰুত্বপূৰ্ণ অংশলৈ ডাইভাৰ্ট কৰা হয়।


4. কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয়?

Answer: ডায়েবেটিছ মেলিটাছ বা মধুমেহ ৰোগত আক্রান্ত ৰোগীক ইনছুলিন বেজী দিয়া হয়। এই ৰোগত মানুহৰ তেজত গ্লুক'জৰ পৰিমাণ বৃদ্ধি পায়, অর্থাৎ গ্লুক'জৰ সম্পূর্ণ বিপাকত নঘটে। গ্লুক'জৰ বিপাকত ইনছুলিন হৰম'নে সহায় কৰে। ইনছুলিন হৰম'নৰ ক্ষৰণ কমি গ'লে গ্লুক'জৰ সম্পূর্ণ ব্যৱহাৰ নহয়, সেয়েহে গ্লুক'জৰ বিপাক বঢ়াবৰ বাবে ৰোগীৰ শৰীৰত ইনছুলিনৰ বেজী দিয়া হয়। তেতিয়া তেজত মুক'জৰ পৰিমাণ হ্রাস পায়।


Class 10 Science Chapter 7 Page No. 125



অনুশীলনী



1. তলত উল্লেল্লখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদার্থ?

(a) ইনচুলিন (b)থাইৰ'ক্সিন (c)অ'ৱেষ্ট্ৰজেন (d)চাইট'কাইনিন

Answer: (d)চাইট'কাইনিন


2. দুটা নিউৰনৰ খালী ঠাইক কি বুলি কয়-

(a)ডেনড্ৰাইট (b)চাইনেপচ্ (c)এক্সন (d)প্ৰেৰণা

Answer: (b) চাইনেপচ্


3. মগজুৱে কি কাম কৰে-

(a) ভাব আৰু চিন্তা কৰা

(b) হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্রণ

(c) দেহৰ সমতা ৰক্ষা

(d) ওপৰৰ আটাইকেইটা

Answer: (d) ওপৰৰ আটাইকেইটা


4. আমাৰ দেহৰ গ্রাহক অংগৰ কাম কি? গ্রাহক অংগই যথোপযুক্তভাবে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে?

Answer: যিবোৰ অংগই উদ্দীপনা গ্রহণ কৰিব পাৰে তেনে অংগকে গ্রাহক অংগ বোলে। যেনে- চর্ম, নাক, কাণ, জিভা আৰু চকু। এই অংগসমূহে উদ্দীপনা গ্রহণ কৰি স্নায়ু প্ৰেৰণা হিচাপে মস্তিষ্কলৈ প্রেৰণ কৰে।

যদি গ্রাহক অংগই বাহ্যিক উদ্দীপনা গ্রহণ কৰিব নোৱাৰে বা নকৰে তেতিয়া মস্তিষ্কই স্নায়ু প্রেৰণা নাপাব আৰু শৰীৰে উদ্দীপনাৰ প্রতি সঁহাৰি জনাব নোৱাৰিব, অর্থাৎ আমাৰ শৰীৰে গম নাপাব- কি ঠাণ্ডা, কি গৰম, কিহৰ শব্দ ইত্যাদি।

গ্রাহক অংগই কার্য নকৰিলে আমাৰ সংবেদনশীলতা নাথাকিব।


5.নিউৰন গঠনৰ এটা চিত্র আঁকা। ইয়াৰ কাৰ্য বর্ণনা কৰা।

Answer: স্নায়ুকোষ বা নিউৰণ: স্নায়ুতন্ত্ৰৰ গঠনাত্মক আৰু কার্যকৰী একক হ'ল স্নায়ুকোষ বা নিউৰণ। স্নায়ুকোষ প্রধানত দুটা অংশৰে- গঠিত (i) কোষদেহ আৰু (ii) স্নায়ুপ্রবর্ধ।

(i) কোষদেহ: স্নায়ুকোষ কোষকেন্দ্র অৱস্থিত অংশটোকে কোষদেহ বোলে।

(ii) স্নায়ুপ্রবর্ধ: কোষদেহৰ পৰা ওলোৱা প্রশাখাযুক্ত প্রবর্ধবোৰকে স্নায়ুপ্রবর্ধ বোলে। স্নায়ুপ্রবর্ধ দুই প্রকাৰৰ-

(a) ডেনড্রাইট: কোষদেহৰ পৰা ওলোৱা চুটি প্রবর্ধবিলাকক ডেনড্রাইট বোলে।

(b) এক্সনঃ কোষদেহৰ পৰা ওলোৱা দীঘল প্রবর্ধবিলাকক এক্সন বোলে।

ডেনড্রাইটবোৰে নিকটবর্তী কোষৰ পৰা স্নায়ু প্ৰেৰণা সংগ্রহ কৰে আৰু দেহকোষলৈ প্রবহন হয় আৰু পাছত এক্সনৰ মাজেদি স্নায়ু প্রেৰণা গৈ চাইনেপচ্ পায় অংগলৈ হৰম'ন ব্যাপিত হয়। উদাহৰণ স্বৰূপে, উদ্ভিদৰ সূৰ্যৰ পোহৰ পৰা অংশত কম অক্সিন হৰম'ন সঞ্চিত হয় আৰু কম পোহৰ পৰা অংশত বেছি অক্সিন হৰম'ন সঞ্চিত হয়। যাৰ বাবে কোষ বিভাজন বৃদ্ধি পায় আৰু চাইনেপচৰ পৰা অন্য স্নায়ু কোষে গ্রহণ কৰে।



6. উদ্ভিদৰ ফট'ডট্রপিজম বা পোহৰানুবেগী কেনেদৰে ঘটে?

Answer: উদ্ভিদৰ অংগৰ চলন যেতিয়া পোহৰৰ উৎসৰ দিশ অনুসৰি হয় তাকে পোহৰানুবেগী বোলে। সাধাৰণতে পোহৰৰ উৎস সূর্য হয় বাবে ইয়াক হেলিঅ ট্রপিজম বোলে। উদ্ভিদৰ শাখা, কাণ্ড, পোহৰৰ উৎসৰ দিশত হয়। পোহৰৰ অভিমুখে অংগৰ চলনক অভিগ পোহৰানুবেগী বোলে। কিন্তু উদ্ভিদৰ মূল পোহৰৰ উৎসৰ বিপৰীত দিশত অগ্ৰসৰ হয় বাবে ইয়াক প্ৰতীপ পোহৰানুবেগী বোলে। অক্সিন সঞ্চিত হয় আৰু পোহৰৰ পৰা অংশত কম পৰিমাণৰ অক্সিন সঞ্চিত হয় । বেছি পৰিমাণে এক্সিন জমা হোৱা অঞ্চলটোত কোষবোৰৰ বিভাজন আৰু দীৰ্ঘকৰণ দ্ৰুত হয় ফলত কাণ্ড শীৰ্ষ পোহৰৰ ফালে বেঁকা হৈ পৰে । মুলৰ ক্ষেত্ৰত কোষবিলাক বৃদ্বি পায় । ফলত মুল পোহৰৰ বিপৰীতফালে বেঁকা হৈ পৰে ।


7. স্নায়ুৰজ্জুত আঘাত হলে কেনে বার্তাত ব্যাঘাট ঘটে?

Answer: স্নায়ুৰজ্জুত আঘাত হ'লে প্রতীপ ক্রিয়া আৰু অনৈচ্ছিক কার্যত বাধাপ্রাপ্ত হ'ব পাবে।


৪. উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে হয়।

Answer: উদ্ভিদে হৰম'ন নামৰ ৰাসায়নিক যৌগসমূহৰ সহায়ত ৰাসায়নিক সমন্বয় গঠন কৰে । উদ্ভিদ হৰম'নসমূহ বিবিধ জৈৱ কার্যকলাপ নিয়ন্ত্রণ আৰু সমন্বয় কৰে, যাৰ ফলত উদ্ভিদৰ বিবৰ্ধন, পুষ্টি, প্ৰজনন, আক্ষেপ প্রভৃতি কার্যকলাপ নিয়ন্ত্রিত হয় ।


9. জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্রয়োজন?

Answer: জীবৱেহৰ নিয়ন্ত্রণ আৰু সমন্বয়ৰ বাবে স্নায়ুতন্ত্র আৰু অন্তঃস্রাৱী তন্ত্রৰ প্রয়োজন। স্নায়ুতন্ত্রই শৰীৰৰ বিভিন্ন অংগসমূহৰ মাজত নিয়ন্ত্রণ আৰু সমন্বয় ৰক্ষা কৰে। স্নায়ুৰ দ্বাৰা ঠিক সেইদৰে অন্তঃস্ৰাৱী তন্ত্রই হৰম'নৰ দ্বাৰা নিয়ন্ত্রণ আৰু সমন্বয় ৰক্ষা কৰে।


10. ঐচ্ছিক ক্রিয়া আৰু প্রতীপ ক্রিয়াৰ মাজত পার্থক্য কেনেকৈ উলিয়াবা?

Answer:

(1) ঐচ্ছিক ক্ৰিয়াঃ

(i) ঐচ্ছিক ক্ৰিয়া হ'ল আমাৰ ইচ্ছা আৰু নিয়ন্ত্ৰণৰ অধীনত সংঘটিত হোৱা ক্ৰিয়া ।

(ii) উদাহৰণস্বৰূপে, আমাৰ শৰীৰত কোনো বাহ্যিক উদ্দীপনা লাগিলে, আমাৰ ভৰিৰ চলনসমূহ আমাৰ ইচ্ছাক্ৰমে নিয়ন্ত্ৰিত হয় ।

(2) প্ৰতীপ ক্ৰিয়াঃ

(i) প্ৰতীপ ক্ৰিয়া হ'ল এক অনৈচ্ছিক ক্ৰিয়া, যি উদ্দীপনৰ প্ৰভাৱত ঘটে ।

(ii) আঁডুৰি যোৱা হাতে অগ্নিৰ স্পৰ্শ লাগিলে, সেই ক্ৰিয়া হ'ব একক অনৈচ্ছিক প্ৰতীপ ক্ৰিয়া ।


11. প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম'নৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা।

Answer: প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্তৰ আৰু হৰম'নৰ তুলনামূলক বিশ্লেষণ তলত উল্লেখ কৰা হ'ল-

1. স্নায়ুতন্ত্ৰ

(i) স্নায়ুতন্ত্ৰই চেতনা আৰু শাৰীৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াক নিয়ন্ত্ৰণ কৰে।

(ii) ই তাৎক্ষণিক আৰু ঐচ্ছিক নিয়ন্ত্ৰণ প্ৰদান কৰে। উদাহৰণস্বৰূপে, আমাৰ শৰীৰত কোনো বাহ্যিক উদ্দীপনা লাগিলে, স্নায়ুতন্ত্ৰই সঁহাৰি জনায়।

2. হৰম'ন

(i)হৰম'নসমূহে শৰীৰৰ বিভিন্ন কার্য্যকলাপ নিয়ন্ত্ৰণ কৰে।

(ii) ই লগতে শৰীৰৰ দীর্ঘকালীন আৰু বিবৰ্ধনগত পৰিৱৰ্তনসমূহক নিয়ন্ত্ৰণ কৰে।

(iii)উদাহৰণস্বৰূপে, অ্যাড্ৰেনেলিন হৰম'নে শৰীৰৰ আকস্মিক সঁহাৰি প্ৰকাশ কৰে।


12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পার্থক্য কি?

Answer: নিলাজী বনৰ পাতৰ চলন হৈছে এক অনৈচ্ছিক ক্ৰিয়া, যি উদ্দীপনৰ প্ৰভাৱত ঘটে। ই সাধাৰণতে বাহ্যিক উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায়। আমাৰ ভৰিৰ চলন সাধাৰণতে এক ঐচ্ছিক ক্ৰিয়া, য'ত আমি ইচ্ছা আৰু নিয়ন্ত্ৰণৰ দ্বাৰা পদক্ষেপ লওঁ । নিলাজী বনৰ পাতৰ চলন প্ৰাকৃতিক উদ্দীপনাৰ প্ৰতি সঁহাৰি প্ৰকাশ কৰে, যি উদ্ভিদৰ জৈৱিক বিকাশৰ লগত জড়িত। ইয়াৰ বিপৰীতে, আমাৰ ভৰিৰ চলন অধিক ব্যক্তিগত আৰু মানসিক প্ৰতিক্ৰিয়াৰ আধাৰত নিৰ্ভৰ কৰে ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

#buttons=(Accept !) #days=(30)

Our website uses cookies to enhance your experience. Learn More
Accept !